Written by 7:26 pm Poems

দুটা বাংলা কবিতা

দুটা বাংলা কবিতা

অনুবাদ : মিণ্টুল হাজৰিকা, দিগন্ত ৰাগ

(১) ওপজা দিন

মূল (বাংলা) : শঙ্খ ঘোষ

তোমাৰ জন্মদিনত কিনো আৰু দিব পাৰোঁ এই কথাষাৰৰ বাহিৰে 

আমি আকৌ কাহানিবা লগ হ’ম  

লগ হ’ম তুলসীতলত লগ হ’ম বাঁহৰ সাঁকোডালত

লগ হ’ম তামোল-বাৰীৰ কাষত 

আলকতাৰা এৰাই যোৱা  চহৰৰ উপপথেদি

আমি ঘূৰি ফুৰিম ৰ’দঘাই দুপৰীয়া কিম্বা অবিশ্বাসী নিশা 

কিন্তু এজাক অদৃশ্য মলয়াই আমাক আৱৰি থাকিব 

তুলসীতলত বা সাঁকোৰ ওপৰত নাইবা তামোল-বাৰীত 

মই আঙুলি টোঁৱাঁই ক’ম, এয়াই যথেষ্ট, কেৱল এই ধৰণেই

ৰৈ গ’ল কিছু যাতনা আজিও

যোৱাৰ সময় হ’লে দুচকুৰ মিলনত তিতি উঠিব চকু

বুকুৰ ওপৰদি বৈ যাব আঙুলিৰ এটা বোল

যেন আমাৰ সম্মুখত আৰু কোনো দুৰ্ঘটনা নাথাকিব আৰু

দিগন্ত জুৰি নাথাকিব মৃত্যু 

তোমাৰ জন্মদিনত কিনো আৰু দিব পাৰোঁ এই কথাষাৰৰ বাহিৰে 

কাইলৈৰ পৰা প্ৰতিদিনেই মোৰ ওপজা দিন ৷

(২) তুমি 

মূল (বাংলা) : সুনীল গঙ্গোপাধ্যায়

মোৰ যৌৱনলৈ তুমি অহংকাৰ আনি দিলা 

তথাপি তোমাৰ দুচকুত ভয়ৰ হিম।

ওৰেৰাতি আকাশক মিলনৰ নীলাৰে

ক্ষুদ্ৰ পৃথিৱীখনক কৰি তুলিলা অসীম।

বেদনা-মাধুৰ্যৰে গঢ়া তোমাৰ শৰীৰ 

যেন এতিয়াও চিনিকে নাপালোঁ 

তুমিয়ে প্ৰতীক নেকি এই পৃথিৱীৰ 

আকৌ কেতিয়াবা ভাবোঁ অপাৰ্থিৱ নেকি ৷

ওৰেৰাতি পৃথিৱীত সূৰ্যৰ দৰে 

দগ্ধ হৃদয়ৰে পৰিভ্ৰমণ কৰোঁ

তাৰপাছত সন্ধ্যাৰ দৰে পাহৰোঁ-

জীৱনক, স্থিৰ বুলি জানো, তুমি ক্ষমা কৰিবা 

তোমাৰ বুকুত গাঁথি থোৱা গানটোৰে

ৰাতিটোক মুখৰিত কৰি তুলিছা 

তোমাৰ সেই সান্নিধ্যৰ অপৰূপ ঘ্ৰাণেৰে

নিজে নজানাকৈয়ে জীৱন জয়ৰ স্বাক্ষৰ ৰাখিছা ৷ 

সমধুৰ অস্ফুট মাতেৰে মই যি কৈছিলোঁ

চঞ্চল অৱগাহনত তোমাৰেই পোহৰত 

তাৰ উত্তৰ তুমি দিছা ন-কুঁহিপাতেৰে 

বুদ্ধৰ মূৰ্তিৰ দৰে শান্ত দুচকুত। 

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 15, 2025
Close Search Window
Close