Written by 7:53 am Poems

দুটা বছৰৰ কবিতা

 ভাস্কৰ জে নাথ

কি কৰিব পাৰোঁ

সূৰ্যাস্তৰ বিস্ময় চাই থাকিব পাৰোঁ

অথবা গজি থকা বনবোৰ চাই থাকিব পাৰোঁ

আৰু ভাবিব পাৰোঁ কোন পাপী হাড়ৰ পৰা গজা

এই সেউজীয়া আৰু নিয়ৰত তিতা বনৰ ওপৰত খোজ দিব পাৰোঁ অক্টোবৰৰ পুৱা

অথবা আগ কৰি থব পাৰোঁ নিজকে মৃত্যুৰ ওচৰত

ভবা নাছিলোঁ হাতবোৰ ইমান অকলশৰীয়া হ’ব বুলি

আৰু জিভাবোৰত বলিষ্ঠ শব্দবোৰো মৰিব বুলি

সকলো চলি আছে একেদৰেই

চৰাইৰ গান, মেল-মিটিং, কেছ আৰু কাছাৰী

গছ এজোপাৰ দৰে ৰুব পৰা নাই কোনেও বন্ধুত্ব

সাজিব সজাব পৰা নাই অভিন্ন হৃদয়ৰ নগৰ

য’ত মোৰ স্বাস্থ্যৱান পিতাক দেখা নাই অথবা বিশ্বাসী বন্ধুবোৰক

মোৰ অথবা আপোনাৰ নামটোৰ সৈতে কাকো 

সংযোগ কৰিব পৰা নাই 

আৰু ত্যাগ কৰিব পৰা নাই বিষয়-বৈষয়িক

এতিয়াৰে পৰা দান কৰিব পৰাকে

সবল প্ৰেম কাৰো চকুত দেখা নাই

ক’ব পৰা নাই দিন আৰু ৰাতিৰ গোপন ৰহস্য

লিখিব পৰা নাই সঁচা উপলব্ধিৰ বাবে কবিতা

খঙাল বিননিৰে বিলাপ কৰি আছোঁ কেৱল মই

ফেৰ মাৰিব নোৱাৰোঁ

বতাহ, সাগৰ, ঢৌ আৰু বতাহৰ সৈতে

সংযোগহীন হৈ থাকিব নোৱাৰোঁ মাটিৰ সৈতে

অসাৰ্থক দুটা বছৰৰ সকলোৰে শূন্যতাক চাব নোৱাৰোঁ

তেনে মই কি কৰিব পাৰোঁ কবিতা লিখি থকাৰ বাহিৰে 

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 19, 2025
Close Search Window
Close