Written by 8:16 pm Poems

দুখ আৰু সুখ

মূল: য়েহুদা আমিখাই

অনুবাদ: অনুভৱ তুলসী

দুখ আৰু সুখ

যেন পানী গোটা আৰু গেছীয়

দুখ আৰু সুখ একেটি পদাৰ্থৰ

ইপিঠি আৰু সিপিঠি

প্ৰেম আৰু অপ্ৰেম এটি গোলাপ

পাহিত যাৰ দুই বিস্ময় বৰণ

মালীৰ মহীয়সী কীৰ্তি এয়া

নাম যাৰ খোদিত পাহে পাহে

বহুবছৰৰ মূৰত আমাৰ দেখা দেখি

যাতনা শূন্য আমাৰ দুখনি মুখ

প্ৰশান্তি অটল একান্ত অবিচল

সেয়া সৰগৰ উদ্যান, আৰু নৰকৰো

Visited 2 times, 1 visit(s) today
Last modified: May 5, 2025
Close Search Window
Close