Written by 12:57 pm Articles

দিছলেক্সিয়া

পম্পি বৰা বৈশ্য

“তাৰে জমিন পৰ” চিনেমা খনৰ সেই ঈশান নামৰ সৰু ল’ৰাজনক মনত আছে চাগে নিশ্চয়। সেই যে ঈশানে ভালকৈ পঢ়িব লিখিব নোৱাৰিছিল। বি/ ডি, পি / কিউ খেলিমেলি কৰিছিল, নম্বৰবোৰ ভালদৰে বুজি নাপাইছিল। শেষত শিক্ষক ৰামশংকৰ ৰূপী আমিৰ খানৰ অশেষ চেষ্টাৰ ফলত ঈশানে সকলো আয়ত্ত কৰিব পৰা হৈ উঠিছিল। চিনেমাখনত উল্লেখ কৰা ৰোগবিধেই আছিল দিছলেক্সিয়া । ই এক প্ৰকাৰৰ শিশুৰ মানসিক ৰোগ।  আমি ভালদৰে মন কৰিলে দেখিম যে আমাৰ চৌপাশেও এনে বহুকেইজন ঈশান আছে। কিন্তু তেনে ৰামশংকৰৰ দৰে এজনৰ অভাৱত হয়তো বহুতো ঈশান পুনৰ সজীৱ হৈ উঠিব পৰা নাই। সেয়ে এই ক্ষেত্ৰত আমাৰ সজাগ আৰু সচেতনতা অধিক প্ৰয়োজন।

সাধাৰণতে ভবা হয় যে, মানসিক ৰোগ কেৱল ডাঙৰৰ হে হয়। কিন্তু শিশুৰো বহু ধৰণৰ মানসিক ৰোগ আছে। মানসিক ৰোগ বুলি কোৱাৰ লগে লগে এটা ভ্ৰান্ত ধাৰণা সকলোৰে মনলৈ আহে। প্ৰকৃততে নব্বৈ শতাংশ  মানসিক ৰোগ সুচিকিৎসা আৰু যত্নৰ ফলত সম্পূৰ্ণ আৰোগ্য হৈ উঠিব পাৰে।

এই দিছলেক্সিয়া ৰোগ শিশুৰ শিক্ষা আহৰণ কাৰ্যৰ লগত জড়িত। বৰ্তমান সকলো সমাজতে বিদ্যালয়ৰ শিক্ষা আৱশ্যকীয় হৈ উঠাৰ বাবেহে ইয়াৰ সৃষ্টি হৈছে বুলি বহুতে ক’ব বিচাৰে।

দিছলেক্সিয়া ৰোগৰ ক্ষেত্ৰত স্কুলত অতি প্ৰয়োজনীয় কিছুমান কামত শিশুটিৰ বিকাশ বাধাগ্ৰস্ত হৈ থকা দেখা যায়। যেনে, আখৰ চিনি পঢ়িব নোৱৰা, আখৰ লিখিব নোৱৰা, বানান বৰকৈ ভুল কৰা, অংক কৰিব নোৱৰা আদি এই ৰোগৰ অন্তৰ্গত। মন কৰিবলগীয়া যে এই ৰোগৰ শিশুৱে বুদ্ধিমত্তাৰ পৰীক্ষাত স্বাভাৱিক শিশুৰ দৰেই নম্বৰ পায়, কিন্তু বিষয়ভিত্তিক পঢ়া-শুনাতহে তেওঁলোকে স্বাভাৱিক শিশুৰ দৰে ভাল দেখুৱাব নোৱাৰে। অৰ্থাৎ তেওঁলোকৰ আই কিউ প্ৰায় ঠিকেই থাকে, কিন্তু পঢ়াত ভাল নহয়। স্কুলৰ বিভিন্ন মাধ্যমত লোৱা পৰীক্ষাৰ নম্বৰ আদিলৈ লক্ষ্য কৰিলে এনে ৰোগ সহজে চকুত পৰে। যেনে, মৌখিক পৰীক্ষাত শিশুটিৱে উত্তৰ দিব পাৰে, কিন্তু লিখিত পৰীক্ষাত নম্বৰ কম পায়। তেনে শিশু লিখাৰ অসুবিধাত ভুগিব পাৰে। পঢ়িব নোৱৰা শিশুবোৰে আকৌ কোনোবাই কথাখিনি কৈ দিলেই সহজে বুজি পায়, মনতো ৰাখিব পাৰে, কিন্তু নিজে পঢ়িব নোৱাৰে। পঢ়াৰ সময়ত একেটা শব্দকে পুনৰাই পঢ়া, মাজতে একোটা শব্দ এৰি যোৱা আদি এওঁলোকৰ পাঠ পঢ়াত দেখা যায়। আগতে স্কুলবোৰত আমাক জোৰ জোৰকৈ  পাঠ পঢ়িবলৈ যে দিছিল, তাৰ আঁৰতো এটা বৈজ্ঞানিক কাৰণ আছিল।

এনে ধৰণৰ লক্ষণ যদি শিশুৰ মাজত দেখা যায় তেন্তে শিশুটিক পঢ়াত বেয়া বুলি অৱহেলা বা ককৰ্থনা নকৰি তাৰ প্ৰতি বিশেষ মনোযোগ দিয়া প্ৰযোজন। কাৰণ অলপমান যত্ন-আদৰৰ ফলতেই সি ঠিক হৈ উঠিব পাৰে। বৰ্তমান শিশুৰ আখৰ লিখা শিকিবলৈ বিভিন্ন ধৰণৰ কৌশল প্ৰি স্কুলসমূহতে শিকোৱা হয়। আখৰবোৰ ডাঙৰকৈ লিখি তাৰ ওপৰেৰে পেঞ্চিল বোলাবলৈ (tracing) দিয়া হয় বা আখৰকেইটাক চিনাকি কিবা জন্তু বা ফলৰ সহায়েৰে লিখিবলৈ শিকোৱা হয়। এনে কৰিলে সহজে মনত ৰয়। নম্বৰসমূহো প্ৰথমে বস্তুৰ দ্বাৰা শিকাবলৈ চেষ্টা কৰা উচিত। পঠনৰ অসুবিধাসমূহ দূৰ কৰিবলৈ পাঠৰ শব্দসমূহ বাৰে বাৰে ডাঙৰকৈ পঢ়িবলৈ চেষ্টা কৰিবলৈ দিব লাগে। কেৱল কিতাপৰ শব্দতে সামাৱদ্ধ হৈ নাথাকি যিকোনো কাগজ, ৰং-বিৰঙৰ ডাঙৰকৈ লিখা শব্দ পঢ়িবলৈ দিয়া উচিত। এনে কৰিলে পঢ়াৰ অভ্যাস হোৱাৰ লগতে আখৰ চিনাকিৰ ক্ষেত্ৰটো সুবিধা হব। 

কেতিয়াবা একেজন শিশুৰ দুটা-তিনিটা সমস্যাও থাকিব পাৰে। পঢ়িব নোৱৰা আৰু বানান ভুল কৰা প্ৰায়েই একেলগে দেখা যায়। এই ৰোগসমূহৰ বাবে ঔষধৰ প্ৰয়োজন সাধাৰণতে নহয়, তাৰ সলনি শিশুটিৰ বাবে বিভিন্ন অভ্যাস বা অনুশীলনৰ কাৰ্যসূচীহে প্ৰস্তুত কৰা উচিত।  এটা ভাল কথা হৈছে, এই সমস্যাবোৰৰ কিছুমান বয়সৰ লগে লগে নিজে-নিজেই কমি আহে। শিশুটিৱে ডাঙৰ হৈ অহাৰ লগে লগে কিছুমান কৌশল নিজেই আয়ত্ত কৰি লয়। বানান ভুল আদি সৰু কালৰ শিক্ষাত যিমান গুৰুত্ব দিয়া হয়, পাছলৈ সিমান দিয়া নহয়, এনেবোৰ কথাৰ বাবেও তেওঁলোকে পাছলৈ বিশেষ অসুবিধা নাপায়।

দিছলেক্সিয়াৰ দৰে মানসিক ৰোগসমূহ দূৰ কৰাৰ ক্ষেত্ৰত শিশু এটাৰ অভিভাৱক, শিক্ষক তথা সুভাকাংক্ষীৰ সজাগতা আৰু সহযোগিতা অতি প্ৰয়োজনীয়। প্ৰতিটো শিশুয়েই বিশেষ। প্ৰতিটো শিশুৰেই নিজা নিজা প্ৰতিভা থাকে। পঢ়াত অলপ দুৰ্বল হ’ল বুলিয়েই শিশু এটিক অৱহেলা কৰা উচিত নহয়। সেইজন শিশুৰে থাকিব পৰা অন্য বিশেষ প্ৰতিভাক চিনি উলিয়াব পৰাটোহে বেছি গুৰুত্বপূৰ্ণ। প্ৰতিটো শিশুয়েই অনন্য। সেয়ে সকলোৰে নিজস্ব প্ৰতিভাক প্ৰকাশ আৰু বিকাশ হবলৈ সুযোগ দিয়া উচিত।

      বৰ্তমান সময়ত বিদ্যায়তনিক শিক্ষাৰ নম্বৰক অধিক প্ৰাধান্য দিবলৈ লোৱাৰ ফলত দিছলেক্সিয়াৰ দৰে সমস্যা অধিক হোৱা দেখা গৈছে। শিশুৱে মৰম আৰু সহযোগিতাৰে যিকোনো শিক্ষা সহজে আয়ত্ত কৰিব পাৰে। সেয়ে সমাজৰ পৰা এই ধৰণৰ শিশুৰ মানসিক সমস্যা আঁতৰ কৰিবলৈ সমাজৰ প্ৰতিজন লোকৰে সহযোগিতা আৰু সদৰ্থক দৃষ্টিভংগীৰ খুবেই প্ৰয়োজন।

ঠিকনা :
হেঙেৰাবাৰী গুৱাহাটী
৯১০১৩৪১২২৭

Visited 3 times, 1 visit(s) today
Last modified: May 15, 2025
Close Search Window
Close