গজেন মিলি
চিকুনকৈ চিকুনাই থʼব লাগে থালখন
যʼত ভৰষা ৰাখি
যাপন কৰোঁ ভোক
আনৰ ভৰষাত তেওঁ
নিচুকায় ভাল পায় আনক
দিনে দিনে ঠগে নিজকে
বান্দৰৰ চালাকিৰে
পতিয়ন নিয়াব বিচাৰি আনক
বঞ্চিত হয় নিজেই
হেৰুৱায় নিজৰ মান-মৰ্য্যদা
মানুহক পঢ়ি ভালপোৱা মানুহ আমি
এবাৰ পাঠ লুটিয়ালেই
গম পাওঁ
জলজল ফটফট
ফটিক পানীত ধোৱা
তেনেই ছাফা
চকুত ধূলি দি লাভ নাই
কোনবিধ ফল মিঠা
জনাই জানে
নাকতো গজেনে গঁড়ৰ চাল
কাণে কাণে বদনামৰ ইমান কোলাহল
থালখন নিজৰ যেতিয়া
ছাফ-চিকুনে ৰখা ভাল
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 3 times, 1 visit(s) today
Last modified: May 12, 2025