মুনমী দত্ত হাজৰিকা

এইটো এটা ৰূপকথা৷ তাহানিতে কানায়ে মহাৰাজক দি পঠোৱা ডালিম পুলিটো ৰাজচৌহদত টিকটিকিয়া ডালিমফুলেৰে উপচি থকাৰো বহু আগৰ৷ কানাইৰ তেজাবাই তেতিয়া গাভৰু হোৱাই নাছিল৷ এলাগী আয়ে কানাই আৰু তেজাক গৰু গাই টানি ফুৰিবলৈ নপঠাইছিল৷ চোতালত মেলি থোৱা কোমল ধান কোৰোনাৰে চপাবলৈও এটাকো নাপাচিছিল৷ লাগীজনী গাঁৱলৈ যোৱা সুযোগতে কানাই আৰু তেজাক আঙুলিৰ পাবত গণিবলৈ শিকাইছিল৷ এৰা গুটি ছিঙি নিজৰ দুহাতৰ মুঠিত ৰাখি লেখিবলৈ দিছিল৷ জুহালৰ ওপৰত শুকাই থকা কলপাতত লিখিবলৈ শিকাইছিল ক খ গ…ল…প৷ ওপৰমূৰ নকৰাকৈ তেজাই ঘামি-জামি গণনা কৰিছিল৷ আয়েকৰ মুখৰ হাঁহিটো চাবলৈকে৷ কানাইৰ পিছে ইমানকৈ লাগি থাকিবলৈ ধৈৰ্য নহৈছিল৷ ৰাতিলৈ মাকে যাতে পঁইতাৰে সৈতে পোৰামাছৰ পিটিকা খাব পাৰে, তাৰ বাবে মাছ এজনী বৰশীৰে তুলিবলৈহে তাৰ বৰকৈ মন গৈছিল৷ পঢ়াৰ সময়ত তাৰ মনটো খেলিমেলি হৈ থকা দেখি গ, ল ,প আদি বৰ্ণমালাৰো বৰ আমোদ লাগিছিল৷ তাৰ লগত অলপ ৰগৰ কৰোঁ বুলিয়ে গ জাঁপ এটা মাৰি কুঁহিপাতৰ পৰা নামি আহি কানাইৰ সম্মুখ পালেহি৷ তাকে দেখি ল আৰু পও জঁপিয়াই জঁপিয়াই নামি আহিল৷ কানায়ে তলকিবই নোৱাৰিলে৷ সি গ-হঁতৰ ফালে ভেবা লাগি চাই থাকোঁতেই গ-ই মাত লগালে –
– কি হে কানাই, বৰশী টোপাবলৈ নোযোৱাঁ নেকি? ব’লা আমিও লগত যাম৷ বৰলৰ টোপ চিলাই দিম৷ ৰাতিৰ সাঁজ কিন্তু তোমালোকৰ লগতে খাম৷
বেঙা হাঁহি এটা মাৰি কানাই খৰধৰকৈ ওলাল৷ যোৱাৰ আগেয়ে তিনিওজন অতিথিক মাক আৰু তেজাবাইৰ লগত পৰিচয় কৰাই দিলে৷ এলাগী আয়ে য’ৰে কাম ত’তে এৰি তিনিওকে থেকেৰাৰ চৰপত দিলে৷ তেজাবায়ে বুকুত গামোচাখন লৈ তিনিও বৰ্ণই খাবলৈ কচুপাতত সজাই নিমখ ছটিয়াই কটাহী জামু আনি লাজ লাজকৈ আগ বঢ়াই দিলেহি৷
লাগীজনীৰ ভয়ত আগচোতালত মুকলিকৈ হাঁহি এটাও মাৰি নোপোৱা তেজা আৰু কানাইৰ মনতে বৰ ৰং লাগিল৷ তুলাক মোমায়েকৰ ঘৰ ফুৰাবলৈ বুলি ৰাতিপুৱাই ওলাই যোৱা লাগী আই আজি উভতি নাহে৷ উজনিৰ ফালে দিনচেৰেক থাকিহে ঘৰলৈ ঘূৰি অহাৰ কথা৷ এয়া তুলাৰ মুখেৰে তেজাহঁতে শুনা খবৰ৷ লাগী আই নাথাকিলে দেউতাকেও সিহঁতক বৰকৈ খং-ৰাগ নকৰে৷ আজি ৰাতিলৈ পঁইতা-কৰ্কৰা যি মিলে, দেউতাকেও সিহঁতৰ লগতে খাব৷ তাতে প্ৰথমবাৰৰ বাবে এলাগীৰ ঘৰলৈ অতিথি আহিছে৷ সকলোৱে ফূৰ্তিৰে ৰাতিৰ সাজ একেলগে খাব৷ বাঃ কি যে মজা লাগিব! এলাগী আই আৰু তেজাবায়ে মনৰ উলাহতে ভাগে ভাগে কামত ধৰিলেই ৷ কানাইৰ সৈতে গ, ল আৰু প বৰশী টোপাবলৈ ওলাল৷ বৰশী বাই হোৱাৰ পাছত গ, ল আৰু প-ই কানাইৰ সৈতে গাওঁখনো ফুৰিব৷
অহাৰে পৰা জঁপিয়াই ফুৰা অকণমানি ল এবাৰ তেজাহঁতৰ পদুলিমুখত থকা মাধবীলতাজোপাৰ দীঘল ঠানি এটাতে জোঁট-পোট লাগি চিৎভোলোঙা খাই পৰিল৷ কানায়ে মৰমতে দৌৰি গৈ কোলালৈ ল’লে৷ বাকীডোখৰ বাট প-ৰ কোলাত উঠি সিহঁত বৰপুখুৰীৰ ফালে আগ বাঢ়িল৷
বৰপুখুৰীটোত তেতিয়া ফুলি থকা পদুম এপাহো নাছিল৷ প-ই আচৰিত হৈ কানাইক ইয়াৰ কাৰণ সুধিলে৷ কেনেকৈনো ফুলিব? তেজীমলাৰ বিৰহত গোটেই গাঁওখন জঁই পৰি আছে৷ পদুমৰ পাহিবোৰে পাততে মুখ গুজি কেৱল উচুপি থাকে৷
তেজীমলাৰ নাম শুনিয়ে ল-ই ভয়তে প-ক জোৰেৰে সাবটি ধৰিলে৷ তেজীমলাৰ ঢেঁকীয়ে খুন্দা হাতদুখনৰ পৰা বৈ পৰা তেজৰ ডোঙাবোৰ কল্পনা কৰি প ফেকুৰি উঠিল৷
– এইখনেই নেকি তেজীমলাৰ গাওঁ?
– ওঁ, তেজীমলা তেজাবাইৰ নোওৱা-ধোওৱা সখী আছিল৷ তেতিয়াৰে পৰা তেজাবাইজনী নিমাতী হৈ পৰিল৷ আইৰ চিন্তাও দুগুণে বাঢ়িল৷
কথাবোৰ পাতি পাতি সিহঁত আগ বাঢ়িল৷ বহঁত বুটলি থকা তীখৰক দেখি কানায়ে চিঞৰিলে- মোলৈও এটা থবি৷
– চুটিবায়ে পিঠা পুৰিছে৷ খাবলৈ আহিবি৷ -তীখৰৰ নিমন্ত্ৰণ ৷
– যাম দে৷
কানাই নৰ’ল৷ অতিথিক গোটেইখন গাঁও ফুৰাবলৈ আছে৷ থুলন্তৰ ল-ক কোলাত লৈ খোজ লোৱা প ভাগৰি পৰিল৷ আহঁতজোপাৰ তলতে কিছুপৰ বিশ্ৰাম কৰিবলৈ বহোঁতেই ওপৰত কিবা এক ধপধপনিৰ শব্দ শুনিলে৷
– এয়া চিলনী আই নহয়নে, কানাই? – গ-ই সুধিলে৷
– হয়৷
– ইমান দুখত হৈ আছে যে! তেজীমলাৰ দুখতে নেকি?
জীয়েকক ৰজাৰ কাৰেঙলৈ পঠোৱাৰপৰা চিলনী আই অকলশৰীয়া হ’ল৷ সেয়ে অনবৰতে মন মাৰি থাকে৷ জীয়েকৰ ৰাজকাৰেঙত বসতি যদিও মঙলতী বুঢ়ীৰ কোপত, সতিনীহঁতৰ ৰোষত পৰাৰ চিন্তাতে চিলনী আই বিয়াকুল হৈ থাকে৷
– মোৰ হ’লে আৰু ফুৰিবলৈ মন নাই, আগুৱাই নাযাওঁ৷ কানাই, এইখন গাঁও আৰু চাবলৈ ইচ্ছা নাই৷
গ ঠাইতে বহি পৰিল৷ হেপোটেপোকৈ ল-ক কোলাৰ পৰা নমাই প-ও কাষ চাপি বহিল৷ হঠাৎ কি নো হ’ল! কানায়ে একো বুজিব নোৱাৰি বেঙা হাঁহি এটাৰে তেওঁলোকলৈ চাই থাকিল৷
– দেখিছা নে গাওঁখনত অতবোৰ দুখ ! প্ৰতিজনী নাৰীৰে কেনে নিকৰুণ কাহিনী৷ বিশ্বাস হেৰুওৱাৰ কাহিনী, প্ৰেম হেৰুওৱাৰ কাহিনী… আনকি নাৰীৰে নাৰীৰ প্ৰতি ঈৰ্ষাৰ কতবোৰ ভয়লগা কাহিনী৷ কিমান কাহিনী এই মাটিতে জাহ গৈছে! কত নতুনকৈ জী উঠিবলৈ ৰৈ আছে! ক’ত কিমানজনী এলাগী তিৰি কাহিনী হ’বলৈ গৈ আছে!
প্ৰচণ্ড বিৰক্তি আৰু হতাশাত গ-ই হুমুনিয়াহ এৰিলে৷ প-ৰ দুচকু সেমেকি উঠিল৷ মাথোঁ ক’লে-
– এৰা৷ এই বিষাদৰ ইয়াতেই শেষ হোৱা হ’লে৷
কথাখিনি নিজকে কোৱাৰ দৰে কৈ পাছৰখিনি গ-ক উদ্দেশ্যি ক’লে-
– গাওঁখন নুফুৰিলেও আজিলৈ ইয়াতে থাকোঁ দিয়াঁ৷ কাইলৈ কাউৰী-কুকুৰা মাটিত নৌপৰোঁতেই উভতি যামগৈ৷ আজি এলাগী আয়ে ৰন্ধা ভাতমুঠি খাই যাওঁ৷ আয়েও সন্তোষ পাওক৷
কানাইৰ চকুলৈ তেজাৰ লগত চেংগুটি খেলোঁতে মৰা তেজীমলাৰ শেষ হাঁহিখন মনত পৰিল৷ মনলৈ আহিল লাগী আই নথকাত তুলাৰ চুলিকোছা মেলি ওকণী চোৱা তেজা বায়েকৰ তুলাৰ খুহুটীয়া কথাত হঁহা গহীন মিচিকিয়া হাঁহিটো৷
– কানাই, এলাগী আয়ে পঢ়িবলৈ ইমানকৈ কিয় কয় জানা? -গ-ৰ আকস্মিক প্ৰশ্নত কানায়ে থতমত খালে৷ একো কব নোৱাৰি সি কাণৰ সতা মোহাৰিলে৷
– পঢ়িলে প্ৰলোভনত পিছলি নপৰে৷ – কানাইৰ কাণৰ কাষলৈ মুখখন আনি গ-ই সৰুকৈ অথচ দৃঢ়তাৰে কলে।
– জানা কানাই, তোমালোকৰ সাধুকথাৰ দেশখনত নাৰী বৰ দুখত আছে৷ খোজে প্ৰতি কষ্ট পাইছে৷ এই অনাখৰী নাৰীসকলে পঢ়িবলৈ সুবিধা পোৱা হ’লে তেওঁলোকৰ জীৱন ইমান যন্ত্ৰণাকাতৰ নহ’লহেঁতেন৷ প্ৰলোভনত পতিয়ন নগ’লহেঁতেন, মানুহ চিনিলেহেঁতেন আৰু প্ৰতিবাদৰ ভাষা শিকিলেহেঁতেন৷
প-ই কৈ গ’ল৷ কাহানিও শুনি নোপোৱা কথাবোৰ বুজি নাপালেও কানায়ে শান্তকৈ বহি শুনি থাকিল৷ ঘটি যোৱাবোৰ অতীত হৈ গ’ল৷ শুধৰাব নোৱাৰি যেতিয়া স্মৃতি হৈয়ে থাকক৷
– কিন্তু আহিবলগা দিনবোৰ তুমি সলনি কৰিব পাৰিবানে কানাই?
– ম… মই? কেনেকৈ? – বৰশী হাতৰ মুঠিৰ পৰা এৰি কানায়ে তিনিওৰে মুখলৈ চালে৷
তাৰ বাবে তুমি পঢ়িব লাগিব৷ তেজাবায়ে পঢ়িব লাগিব৷ তেজাক সাহসী কৰিব লাগিব৷ তুলাৰ দুষ্টামিত সদায় লাগী আইৰ পৰা কিল খোৱা তেজাক প্ৰতিবাদ কৰিবলৈ সাহ দিব লাগিব তুমি৷ তেজাবাইক বিয়া কৰাবলৈ কোনোবা ৰাজকুমাৰ আহিলেও তুমি মূৰ দাঙি প্ৰশ্ন কৰিব লাগিব –
– সুখত ৰাখিবনে আমাৰ তেজাবাইক?
– পাৰিবানে কানাই? কথা দিয়া আমাক৷ আজিৰ পৰা দিন সলনি হ’বনে ছোৱালীহঁতৰ৷ মুখত চকুলোৰ সলনি হাঁহি থাকিবনে? আজিৰ পৰা বৰ্ণমালা শিকোঁতে ত মানে তেজীমলা নহয়, ত মানে তেজা বুলি পঢ়িব পাৰিবানে?
কানাইৰ সৰ্বশৰীৰেদি গৰম বতাহ এছাটি প্ৰৱাহিত হ’ল৷ সেই প্ৰৱাহ দায়িত্ববোধৰ৷ তেজাৰ বাবে, প্ৰতিজনী নাৰীৰ বাবে৷ কানায়ে ডালিমজোপাৰ পৰা পকী ফাটি থকা ডালিমটো ছিঙি তিনিওকে ভাঙি খাবলৈ দিলে আৰু নিজৰ ভাগৰ গুটি এটি তিনিওৰে সম্মুখতে মাটিত পচাই পঢ়িম বুলি কথা দিলে৷
তিনিও বৰ্ণই কানাইৰ পিঠিত থপৰিয়াই চাব্বাছ দিলে৷ তাৰ পিঠিখন ফৰফৰাই গ’ল৷ চকুদুটাও কিবা এক পোহৰত চমকি উঠিল৷ চকু দুটা ভালকৈ মোহাৰি সি ফটফটীয়াকৈ দেখিবলৈ পালে নাহৰ গুটি পুৰি জলোৱা চাকিৰ পোহৰত জিলিকি থকা লাগী আইৰ খঙাল মুখখন৷
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা