Written by 4:49 am Articles

ত্ৰিভূজ নক্ষত্ৰ

মাধুৰ্য্য গোস্বামী

দিনটোৰ সমস্ত কোলাহল— বিভিন্ন পোক-পতংগৰ আৰাও, ফোঁ-ফোঁৱাই বলি থকা বতাহত মচ্‌মচ্‌কৈ উঠা চেগুন পাত, ভতুৱা কুকুৰৰ মাত, ছাগলীৰ বেবনি, আধা মাইল দূৰৰ ৰাস্তাৰপৰা পথাৰৰ মাজৰ বতাহখিনিক মহতিয়াই অনা অসংখ্য গাড়ী-মটৰৰ শব্দক আওকাণ কৰি অভ্ৰনীল নিজে এটা স্বয়ংসম্পূৰ্ণ শব্দ হ’ল৷ গাড়ীখনৰ গতি কমাই সি নিজৰ ভিতৰৰ শব্দটো শুনি চালে৷ বিৰামহীন কলকল৷ সি জানে এয়া সিহঁতৰ গাঁওখনৰ দুই-তিনি কিল’মিটাৰ দক্ষিণেৰে বৈ যোৱা চামজীৰা নৈৰ শব্দ৷ নৈখনৰ পৰা শ শ মাইল আঁতৰি গ’লেও শব্দটো তাৰ কলিজাত বান্ধ খাই থাকে৷ নৈখনৰ কলকলনিয়ে মুঠতে তাক শান্তিত থাকিব নিদিয়ে৷

চামজীৰাৰ কলকল শব্দটো ক্ৰমশঃ বাঢ়ি আহিল আৰু অভ্ৰ ঘামত তিতি উঠিল৷ হঠাৎ নিজৰেই চুলি খামুচি সি শোৱাৰ পৰা উঠি বহিল৷ কি যে এক অদ্ভূত সপোন৷ দিনত শুলে সি প্ৰায়ে দেখা সপোন এইটো৷ সপোনটো দেখাৰ পাছত ঠিক চেগুনৰ শুকান পাতৰ দৰে মৰমৰাই উঠে সি৷         

নিস্তৰংগ, অলস, শুকান দুপৰীয়াটোত সি যেনেতেনে গাটো ধুই ভাতকেইটা খাই আহি প্ৰাপ্তবয়স্কৰ বাবে উপলব্ধ ছাইট এটাত সোমোৱাৰ পাছতে মগজুৰপৰা যেন উষ্ণ ৰক্ত এসোপা তললৈ বৈ আহিছিল৷ অসংখ্য শিৰা-উপশিৰাইদি হঠাৎ নামি অহা ৰক্তৰ ঢলত দিক্‌বিদিক হেৰুৱাই সি ওফন্দি উঠিছিল৷ সি বিশ্বাস কৰিছিল উত্তেজনাৰ সেই ঢলে তাৰ মন-মগজুত খুন্দ খাই থকা হিমবাহক উটুৱাই নি তাৰ দুপাখিক মুকলি কৰি দিব আৰু সকলো হতাশা পাহৰি ফাগুনৰ চেগুন পাত এটা হৈ সি উৰি যাব আকাশ চুবলৈ৷ পিছে নিজৰ শৰীৰৰ সৈতে খেলা এই খেলে ক্ষণিকৰ বাবে দিয়া সুখৰ বাদে হতাশাৰ পাহাৰটোৰ এচিকুটৰো হীনডেঢ়ি ঘটাব নোৱাৰে৷ ইও এক ভ্ৰম, ঠিক এই মুহূৰ্তত অভ্ৰৰ কল্পনাত ভাঁহি উঠা চামজীৰা নৈৰ গুৰিদাঁতে চোবাই পেলোৱা সিহঁতৰ খেলপথাৰখনৰ দৰে৷ 

: চোৱা নাথ, সেইখিনিত আমাৰ পিটছ্‌খন আছিল, শ্মশানখন সৌখিনিত৷ লেগ বাউণ্ডেৰী এইপিনে৷ ভালকৈ চালে দেখিবা পিটছ আৰু অফ বাউণ্ডেৰীৰ ফালটোহে আছে৷   

কথাখিনি নাথক উদ্দেশ্যি ক’লেও অবিশ্বাসৰ কৰুণ সুৰ এটাই অভ্ৰৰ চকু-মুখত দৰদী ছবি এখন আঁকি পেলালে৷ সৰু নৈখনে লহলহীয়া জিভা মেলি সিহঁতৰ খেলপথাৰখনকে গিলি পেলালে– এই সত্যক সহজভাৱে ল’বলৈ কষ্ট হয় অভ্ৰৰ৷ খহনীয়াই মানুহখিনিৰো বহুত কিবাকিবি কাঢ়ি নিলে৷ পাছে অন্য কিছুমান কাৰণৰ বাবেহে অভ্ৰৰ মনত পুৰণি চামজীৰাৰ কলকল শব্দটো ৰৈ গ’ল৷ ৰৈ গ’ল নৈপাৰত আৰু সিহঁতৰ পাছবাৰীত থিয় দি থকা ওখ ওখ গছ কিছুমানত বতাহে তোলা ভিন্ন প্ৰাবল্যৰ শব্দ৷ শব্দ কেৱল শব্দ৷ অহৰহ অবিৰাম কলকল, মচমচ, মৰমৰনি শব্দই অভ্ৰক খেদি ফুৰে৷ শব্দৰ অত্যাচাৰত কাণ দুখনত হেঁচা মাৰি ধৰি অসহায় অভ্ৰ বহি পৰে মনোৰোগ বিশেষজ্ঞ ডা অমল চৌধুৰীৰ শান্ত-সুশীতল কোঠাত৷        

ফেনৰ বতাহত ডা চৌধুৰীৰ কোঠাটোৰ এচুকত সযত্নপালিত ব’ষ্টন ফাৰ্ণৰ পাতবোৰ লৰিছে চৰিছে৷ যিমান বতাহ বলিলেও ইনড’ৰ প্লেণ্টৰ এই কণমানি পাতবোৰে শব্দ নকৰে৷ অথচ অভ্ৰৰ অনুভৱ হৈছে ফাৰ্ণৰ সৰু জোপোহাটোৰ পৰা জিৰজিৰকৈ বৈ অহা শব্দই অভ্ৰৰ কাণ তাল মাৰি ধৰিছে৷ সেয়া যেন ব’ষ্টন ফাৰ্ণৰ লিহিৰি পাত নহৈ ধুমুহাত মৰমৰাই উঠা চিন্ময়হঁতৰ বাৰীচুকৰ আমজোপাহে৷ ছেলছ্ ৰিপ্ৰেজেণ্টেটিভৰ চাকৰিৰ টনা-আজোৰা, পৰিয়ালৰ ঠাট্টা-মস্কৰা, ক্ৰমশঃ বাঢ়ি অহা বয়সে ভাঙি পেলোৱা আত্মবিশ্বাসেৰে তাৰ প্ৰিয়বন্ধু চিন্ময়ে আম এজোপাৰ ডালত ওলমি দিছিলগৈ৷ 

অভ্ৰৰো বয়স বাঢ়ি আহিছে৷ অহা চ’তত বত্ৰিছ বছৰত ভৰি দিব সি৷ মাক-পিতাকে আশা কৰাৰ দৰে আজিলৈকে তাৰ জীৱনতচোন একোৱেই ভাল নঘটিল৷ বিড়ম্বনা হৈ মাথোঁ ফাইল শুৱাই বহি থাকিল গধুৰ নম্বৰৰ মাৰ্কশ্বিট এজাপ৷ এইবাৰ যিকোনো উপায়ে চৰকাৰী চাকৰি এটা ল’বই লাগিব৷ মাহৰ প্ৰায় মাজভাগতে জেপ খালী হৈ পৰা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ষ্টাইলিছ শিক্ষকৰ পৰা তাৰ যোগ্যতাৰ সঠিক মূল্যায়ণ কৰিব পৰা এটা ভাল কামলৈ সি নিজকে টানি-আঁজুৰি হ’লেও নিবই লাগিব৷ ওহোঁ, সি চিন্ময় হ’ব নোৱাৰে৷ চিন্ময়ৰ দৰে সকলোতে বিশ্বাস হেৰুৱাই পেলালেও সি চিন্ময় হ’ব নোখোজে৷ অয়নাই তাক বিশ্বাস কৰেনে? শৰীৰেৰে দুৰ্বল হৈ পৰা মাক-পিতাকে আজিও তালৈ আশা কৰেনে! চূড়ান্ত হতাশাত নিজৰ অজানিতেই সি বাইকখন লৈ মাজৰাতিও চামজীৰাৰ পাৰ পাইছিলগৈ৷ চাকৰিৰ পৰীক্ষাৰ বাবে চৰম বিৰক্তিৰে পঢ়ি থকা ভাৰত-মধ্যপ্ৰাচ্য-য়ুৰোপ ইক’ন’মিক ক’ৰিডৰ, ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যান, জাগীৰোডৰ নতুন ছেমিকণ্ডাক্টৰ প্লেন, আৰ্টিকল ১৬, ১৭, ৩৭১ আদিৰ গুণগুণনিৰ পৰা মুক্তি বিচাৰি সি তাৰ সমগ্ৰ সত্তাৰে অনুভৱ কৰিব খুজিছিল নৈখনৰ কলকলনি, বতাহে তোলা বিৰিখৰ জৰজৰণি৷ হতাশা, বিৰক্তিৰ লগত তাৰেই ককটেইল হৈ শব্দবোৰৰ গাত মঙহ লাগিল৷ এসময়ত মঙহ বাঢ়ি বাঢ়ি শব্দবোৰ দৈত্যকায় হ’ল৷ কুকাৰৰ হুইছেলেই হওক বা নগৰ-মহানগৰৰ বিকট যান্ত্ৰিক শব্দ–সকলোকে তলপেলাই নৈৰ কলকলনি আৰু পাতৰ জৰজৰণিয়ে য’তে ত’তে অভ্ৰক উশাহ ল’ব নোৱৰাকৈ হেঁচা মাৰি ধৰিবলৈ ধৰিলে৷ সেই অস্বাভাৱিকতাৰে নিজক স্বাভাৱিক যেন দেখুওৱাৰ অহৰহ কুচকাৱাজত অভ্ৰ ক্ৰমশঃ ভাগি আহিল৷       

বহুত দিনৰ মূৰত সি আজি নাথক লৈ আহিছে এসময়ৰ অতি চিনাকি চামজীৰাৰ কাষলৈ৷ নৈখনে সিহঁতে ক্ৰিকেট খেলা ফিল্ডখন বুকুত সামৰি লোৱাৰ পাছত এই প্ৰথম অভ্ৰই নৈখনৰ মুখামুখি হৈছে৷ 

: ঠিক এইফালেই ছিক্সটো মাৰিছিলোঁ৷ মনত আছেনে তোমাৰ নাথ? — পানীৰ কলকল শব্দটো উপেক্ষা কৰিবলৈ অভ্ৰই সজোৰে ক’লে৷

: আছে আছে৷ বাপ্ ৰে ! শেষ অভাৰত বাৰ ৰান লাগিছিল ন? তুমি জয়ন্তৰ যিটো শ্বৰ্টপিটছ্‌ বলত ছিক্সাৰ কোবাইছিলা নহয় ! 

চিকিৎসকে নিদানপত্ৰত নীলা আখৰেৰে খচখচকৈ লিখি দিয়া ঔষধে বোঁৱতী পানী আৰু বিৰিখ পাতৰ জৰজৰণিক অভ্ৰৰ কাণৰ পৰা তেতিয়াও পূৰাকৈ আঁতৰাই পেলাব পৰা নাছিল৷ সি নাথৰ উপস্থিতিক আওকাণ কৰি দুচকু মুদি দিলে৷ চামজীৰাৰ বুকু ফাটি খহনীয়াত পৰা ঠাইখিনি ওপৰলৈ উঠি আহিল৷ এপলকত ত্ৰিছ-চল্লিছটা যুৱক আৰু চেমনীয়াৰ কোৰ্হাল, দুপদুপনিত ঠাইখিনি ভৰুণ হৈ কঁপি উঠিল৷ 

…এশ টকাৰ বাজীৰ খেলখনত জয়ন্তৰ প্ৰথম বলটো অপেনাৰ অভ্ৰই লং অফত ঠেলি ছিংগল ল’লে৷ খেল আগবাঢ়ি গৈ থাকিল…সমানে বাঢ়ি গৈ থাকিল মাজনিশা অহা পানীৰ ঢলৰ শব্দ… শব্দটোৱে ক্ৰমাৎ তাৰ কাণ তাল মাৰি ধৰিলে৷ সহ্যতীত হৈ সজ্ঞানতাৰ সীমা পাৰ হওঁ হওঁ হওঁতেই সি কাণ দুখন চেপি ধৰিলে৷ অসংখ্য কিহবাই যেন কিলবিলাই আছে কাণৰ ভিতৰত৷ হাত দুখন এৰি জোকাৰি দিওঁতেই থলথলকৈ লিকটীয়া পোক কেইটামান সৰি পৰিল৷ ঠিক ৰামাকণৰ কাণৰপৰা ওলোৱা পোককেইটাৰ দৰেই ! কিলবিলাই কিলবিলাই কিছু সময় পোককেইটা মাটিত ঘূৰি থাকিল৷ বানপানীত উঁটি অহা ৰামাকণৰ ঢেলা পৰা, ওফন্দি ঢোল যেন হোৱা গাটো যেন সিঁহতমখাই জুখি-মাখি চালে৷ তাৰ পাছত আকৌ বগুৱা বাই তাৰ কাণৰ ভিতৰত সোমাই পৰিল৷ ইপাৰ-সিপাৰ নমনা অসীম ঘনত্ব, অসীম আয়তন আৰু অসীম তমসাত অভ্ৰ যেন বিলীন হৈ পৰিল!      

অসীম তমসা অথবা অসীম শূন্যতা– ঠিক এইখিনিৰ পৰাই উভতি আহিবলৈ অভ্ৰই যুঁজ দি আছে৷ দুই দুইকৈ সৰ্বমুঠ চাৰিঘণ্টা মন-মস্তিষ্ক সকলো বন্ধ কৰি পৰীক্ষা হলত বহি থকাৰ পাছত ওলাই আহিল অভ্ৰ৷ পৰীক্ষাত মগজু খোল খায় নে বন্ধ হয় সি আজিলৈকে ধৰিব নোৱাৰিলে৷ দুই-তিনিবাৰ ৰিভাইছ কৰা বস্তুও পাহৰা, এবাৰ কেতিয়াবা পঢ়ি থোৱাৰ পাছতো হঠাৎ পৰীক্ষাত স্পষ্টকৈ মনত পৰি যোৱা… এইবোৰ সম্ভৱতঃ সকলোৰে লগতে হয়৷ গতিকে সি মগজু যে কেৱল কছৰতৰহে বস্তু সেইটো থিয়’ৰিও নামানে৷ চেনীকুঠিত পৰীক্ষা দি বামুণীমৈদামৰ অপূৰ্বৰ ৰূম পোৱালৈকে আনচাৰ কী’ ওলালেই৷ ততাতৈয়াকৈ সি মিলাই চালে৷ ৯০-ৰপৰা নিগেটিভ মাৰ্কিঙত কমি আহি আহি ৭৫-ত ৰ’ল৷ ওহোঁ, জেনেৰেলৰ এইটো কাট্‌ অফ নানামে… ঘৰলৈ উভতিয়েই ৰূমৰ অ’ত ত’ত আঁৰি থোৱা মেপ, এগালমান পৰীক্ষা সম্পৰ্কীয় কিতাপৰ দ’মটো দেখি তাৰ আকৌ পুৰণি খঙটো উজাই আহিল৷ এইবোৰৰপৰা নিস্তাৰ পোৱালৈকে হয়তো তাৰ আধা বয়স পাৰ হৈ যাব, নতুবা জীৱনৰ ৰসখিনি নোহোৱা হৈ কেৱল শুষ্কতা থাকিব৷

: ওহোঁ, নহ’ব দেই সোণ, সদায় এইটো কাম কৰি থাকিব নোৱাৰাঁ, টীচাৰ নে ছেলছমেন তুমি? —সেয়া অয়না৷ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনত বছৰৰ নমাহ শিক্ষক হিচাপে থকা অভ্ৰই যেতিয়া বাকী তিনিমাহ ঘৰে ঘৰে ভিজিট দি ছাত্ৰ-ছাত্ৰী বিচাৰিব লগা হয়, বিভিন্ন মিথ্যাৰে অভিভাৱকক টোপ দিব লগা হয়, নামভৰ্তিৰ বাবে দাম-দৰ চলে, ডিছকাউণ্টৰ হিচাপ হয়, তেতিয়া অয়না জ্বলি উঠে৷ তাই নুবুজে অভ্ৰহঁতৰ সৰু ঠাইখনত কাঠফুলাৰ দৰে গজি উঠা বিদ্যালয়বোৰৰ মাজৰ ব্যৱসায়িক খোৱা-কামোৰা বা অসুস্থ প্ৰতিযোগিতাৰ কথা৷ ছাত্ৰ-ছাত্ৰী কমা মানেই অভ্ৰহঁতৰ চাকৰিৰ টনাটনি৷ তিষ্ঠি থাকিবলৈ কৰা এই যুঁজখনত অভ্ৰ ৰক্তাক্ত হয়৷ তেজ নিগৰি থকা তাৰ ঘাবোৰত মাখি উৰে৷ কোনেও নেদেখাকৈ মাখিৰ জাকটোক হুৰাই হুৰাই চহৰখনৰ মাজেৰে অভ্ৰৰ বাইক গৈ থাকে৷ এসময়ত সঁচাকৈয়ে তাৰ ভাগৰ লাগে৷ এই যাওঁ এই যাওঁকৈ বাৰেপতি হাতৰ ফাঁকেৰে সৰকি যাব খোজা চঞ্চল প্ৰশান্তিখিনিক নিচুকাই জপসন্ধ্যা আৰু প্ৰাৰ্থনাৰ আবেষ্টনীত ৰাখিব খোজে সি৷ পিছে অনিদ্ৰা আৰু ছট্‌ফটনিয়ে তাক পিছবাৰীলৈহে লৈ যায়৷ আম-চাম-কঁঠালৰ ডালবোৰ পৰীক্ষা কৰে৷ তাৰ ওজন ল’ব পৰাকৈ মজবুত নে সিহঁত! অথচ ক্ষন্তেক পাছতে সেই একেই বিৰিখ পাতৰ জৰজৰণি শব্দই অভ্ৰৰ কাণ তাল মাৰি ধৰে আৰু সি জ্ঞান হেৰুৱায়৷

: কোৱাঁচোন, কোনবোৰ কথা তোমাৰ প্ৰিয়? – দুহাতত ধৰি অয়নাই তাৰ চৌপাশে জোনাক ছটিয়াই দিব খোজে৷

: অপ্ৰিয় বুলি কোনো কথাই নাই৷ অকণমান পঢ়া-শুনা কৰি অলপ চিন্তা-চৰ্চা কৰিলেই আমি ভাবি পেলাওঁ আমি একো একোজন ইণ্টেলেকশ্বুৱেল পাৰ্ছন৷ তাৰ পাছত আমি বিচাৰোঁ তেনেকুৱা একোজন ইণ্টেলেকশ্বুৱেল মানুহ যাৰ সৈতে আমি কেৱল সেই স্তৰৰ কথাহে পাতিব পাৰোঁ৷ এইবোৰ মিছা গপত ওফন্দি থকাৰ দৰেই৷ মই লগৰবোৰৰ সাধাৰণতকৈও সাধাৰণ কথাও শুনো, খানা-পিনাৰ পৰা গাড়ী-মটৰৰ পাৰ্টছ, বেটেৰীলৈকে৷ সকলো কথাৰে মূল্য আছে, অথবা একো কথাৰেই মূল্য নাই৷ — অয়নাই সিঁচি দিব খোজা জোনাকখিনি আকৌ জোনৰ গালৈকে দলিয়াই সি তাৰ চিকিৎসক চৌধুৰীক দিয়া উত্তৰটোকে দিয়ে৷ অয়নাৰ অভিমান হয়৷ তথাপিও তাই কথা সলায়–

: শুনানা৷ মোক নামচাইলৈ নিবা? তোমাৰ মুখত শুনি শুনি এবাৰ চাবলৈ মন গৈছে৷ মইতো নামেই শুনা নাছিলো৷

: একদম শুকান, উষ্ণ-প্ৰাণহীন, তুমি ভাল নাপাবা৷ অৱশ্য ভিতৰলৈ ধুনীয়া৷ আমি তেজুলৈ যাম দিয়াঁ৷ নাইবা পৰশুৰাম কুণ্ডলৈ৷

: হ’ব হ’ব৷ নামচাই বা তেজু বুলি কোনো কথা নাই৷ তুমি য’ত থাকাঁ সেয়াই মোৰ কাৰণে সুন্দৰতম ঠাই৷ তাতকৈ ক’ৰবাৰ ডাঠ, নিজান সেউজীয়াৰ মাজত তোমাৰ বাহুত ধৰি ঘূৰি ফুৰিম৷ ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটক চাম৷ পুতলা থিয়েটাৰবোৰ মৰি গ’ল নহয়নে? নে ক’ৰবাত কেতিয়াবা পাই যাম! মোক দেখুৱাবা নে?           

অয়নাই বাৰে বাৰে সেই একেই স্বপ্নবিলাসৰ আয়োজন কৰে আৰু নিজৰ অজানিতেই অয়নাৰ আয়োজনত অভ্ৰ বুৰ যায়৷ অথচ অভ্ৰৰ মাক-দেউতাক, ডা চৌধুৰী সকলোৱে মিলি সিহঁতৰ স্বপ্নবিলাসক প্ৰচণ্ড শক্তিৰে বাধা দিয়ে৷ তাৰ কাণৰ পৰা চামজীৰা নৈৰ কলকলনি আৰু বিৰিখপাতৰ জৰজৰণিক বাহিৰ কৰি দলিয়াই দিয়াৰ দৰে অয়নাকো তেওঁলোকে দলিয়াই দিব খোজে৷ 

… চৰম হতাশাত গুম মাৰি বহি থকা দিনবোৰত অয়নায়েইতো তাক বাৰে বাৰে বুকুত সাবটি জীয়ন দিছিল৷ ইমান অকৃতজ্ঞ সি কেনেকৈ হয়!             

যিমানেই চৌধুৰীৰ চিকিৎসাই তাক সুস্থ কৰি আনিছে সিমানেই অয়নাৰ মৰম-আব্দাৰ-অভিমানবোৰো কমি আহিছে৷ এই মুহূৰ্তত হাতত লৈ থকা কুহুমবুলীয়া টেবলেটটোলৈ ভয় লাগিছে অভ্ৰৰ৷ সি জানিছে এই ৰসায়নে অয়নাক লাহে লাহে তাৰ পৰা চিৰদিনলৈ আঁতৰাই নিব৷ সি হামৰাও কাঢ়ি বিচাৰি ফুৰা প্ৰশান্তিখিনি পালেই অয়না গুচি যাব৷ তাৰ অস্থিৰতাই সৃষ্টি কৰা মানসকন্যা হ’লেও অয়না যে অতদিনে তাৰ বুকুৰ আপোন হৈ আছিল৷ জীৱনৰ পৰা পলায়ন কৰিব খোজা, হতাশাই কুৰুকি কুৰুকি খোৱা সেই দিনবোৰত মস্তিষ্কই তাৰ সৈতে খেলিবলৈ আৰম্ভ কৰি দিছিল আৰু এসময়ত খেলখন তাৰ প্ৰিয় হৈ পৰিছিল৷ এতিয়া কি কৰা যায়! কি কৰা যায়!

… অয়না বাৰু আগতকৈ ধুনীয়া হৈছে নেকি? পৰহিতকৈ? চ’থাদিনাতকৈ? এবছৰ আগতকৈ? —  সকলো জানিও অভ্ৰ মোহত বন্দী হ’ল৷ ভ্ৰমৰ মোহ৷          

সন্ধিয়াটো সাবটি সি বহি থাকিল৷ হাতৰ কুহুমবুলীয়া টেবলেটটো আন্ধাৰত পাতলীয়া মেঘে ঢকা, চকামকাকৈ দেখা জোনৰ দৰে হৈছে৷ অছ’ফেগাছেৰে গৈ টেবলেটটো আঁউসীৰ অন্ধকাৰত ডুব গৈছে৷ অৰ্ধশায়িত চকুৰে সি দেখিলে অয়না আগতকৈ ধুনীয়া হৈছে৷ ফৰিংফুটা জোনাকত তাই তাৰ বাহুত ধৰি ঘূৰি ফুৰিছে৷ শাল-ওকৰ ফাঁকে ফাঁকে জোনাকখিনি নামি আহি তাইৰ মুখখন স্নিগ্ধ, সৰল, নিৰ্বিকাৰ কৰি তুলিছে৷ তাই মূৰ তুলি ওপৰলৈ চাইছে৷ অভ্ৰৰপৰা পোহৰ এচাটি গৈ জোনত পৰি জোনটো আৰু প্ৰোজ্জ্বল হৈ উঠিছে৷ সেই পোহৰ অয়নাৰ মুখত প্ৰোত্থিত হৈছে৷ পোহৰৰ ৰেখাবোৰে এটা ত্ৰিভূজৰ ৰূপ লৈছে৷ অভ্ৰ এটা উজ্জ্বল নক্ষত্ৰ হৈ পৰিছে…    

*** 

ঠিকনা :

গাওঁ  : মুক্তাপুৰ (কামৰূপ)

পিন  : ৭৮১৩৮১

ভ্ৰাম্যভাষ  : ৯৫৭৭৯২৫৩৬২

ই-মেইল  : madhugoswami.mg@gmail.com

Visited 4 times, 1 visit(s) today
Last modified: May 2, 2025
Close Search Window
Close