Written by 8:20 am Poems

তোমালোকৰ হাতবোৰ

ঋতুবাস্তৱ হাজৰিকা

তোমালোকৰ হাতবোৰে কাৰ পৰা শিকিছে নকঁপাৰ মন্ত্ৰ

শিলৰ দৰে কঠিনকৈ কিহেৰে গঢ়িছা হাতবোৰ

ক’ৰ পৰা আমদানি কৰিছা ৰূঢ়তা

দেখিলেই কঁপি উঠা একোটা ঘটনা

তোমালোকৰ হাতবোৰে সহজ কৰি পেলায়

চকুৰ পছাৰতে ছুৰীকাঘাত

চকুৰ পছাৰতে বলাৎকাৰ

তথাপি নিৰ্বিকাৰ !

তোমালোকৰ নকঁপা হাতবোৰ দেখি

মোৰ সমগ্ৰ শৰীৰ কঁপি উঠে

শুকাই আহে জিভাৰ পানী

সেই নিষ্ঠুৰ হাতবোৰ দেখি

মই মোৰ হাত দুখন চুই চাওঁ

মাজে মাজে মোৰো ভয় হয়

কিজানি মোৰো হাত দুখন

তোমালোকৰ হাতবোৰৰ দৰেই হয় 

ঠিকনা :

গোলাঘাট

ফোন : ৯৩৬৫৫৩২২২৮

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Last modified: May 19, 2025
Close Search Window
Close