Written by 12:05 pm Poems

তোমাকেই যি ক’লো

 দ্বীপৰাজ

আশাকৰোঁ কাকো নোকোৱাঁ

ক’লোঁ যে তোমাক

তোমাকেই ক’লোঁ…

কথাবোৰ ঢৌ কোবাই বিয়লি যায়

ঠিক গছৰ পৰা শিপা ওলমি পৰা দৰে

শিপাবোৰে শিপা বগাই বগাই মুখে মুখে চুই যায়

তুমি মোক কৈছিলা বুলিলা

মই আক’ তোমালোকক কলোঁ

তোমালোকে ৰাষ্ট্ৰ কৰিলা…

শেষত ক’লা- যি কলোঁ তোমাকেই কলোঁ

কাকো নক’বা হলে!

ভাবিছিলোঁ অমুকেই কেৱল কথক

অমুকৰ আগত ‘তুমি’ সৰ্বনাম

সৰ্বনামৰ বিন্যাস কৰি প্রিয় বান্ধৱীৰ কাণ চোৱালোঁ

তাই বিশেষণত বিশেষণ লগাই

ৰৌ জাল কৰিলে অমুকৰ বিশ্বাসক!

এতিয়া প্রথম কথকৰহে কাণ চোৱাৰ পাল

বোলোঁ তোমাক বুলিহে ক’লোঁ

আৰু কাকো নক’বা

কি খেলা কি লীলা

মোৰেই কথা মোলৈৱেই ঘূৰাই দিলা…

হয়তো কথাবোৰ গছক ক’ব পাৰিলোহেতেন

নতুবা হাবি ভাঙি অহা ৰ’দজাকক।

চেতনাৰ তেজত তেতিয়া নাছিল চৰাই

নাছিল আকাশ

যি আছিল- সেয়া তোমাৰ প্রতি থকা বিশ্বাস

যিদৰে মই তোমাক পালোঁ 

তুমিও পালা কাৰোবাক

আৰু কোনোবাই পালে মোক তোমাক আন

দহোজনক

কথা এটাই- যি ক’লোঁ তোমাকেই ক’লোঁ।

বাগৰোঁতে কথাবোৰে ৰং সলায়

‘বোলে ঢোলৰ কোবতকৈ ওঁঠৰ কোব বেছি

মুখৰ কথাত ৰজাও বিক্ৰী যায়

মুখৰ কথাত এহাতেৰে দাঙিব পাৰি দহোটা হাতী

কি যে পয়মাল!

নুসুধিবা-

নুশুনিবাও

মুখৰ বাক্যই যদি ব্ৰহ্ম

ব্ৰহ্মৰ নামত কাণে কাণে কোৱা কথাবোৰ বাদ দিয়া

নহলে এটা কথাৰ প্রথম কথক কোন

তোমালোকে তিৰ্কী নাপাবা

-এই কথাষাৰো তোমাকেই যি ক’লোঁ।

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Last modified: May 19, 2025
Close Search Window
Close