ৰিপুঞ্জয় বৰুৱা ঋমন
জনসমাগমত নিঃসঙ্গ অনুভৱ কৰি
বিষাদগ্ৰস্ততাত চকুলো টুকি
ফাগুনৰ ফেৰী ঘাটত
সৰাপাতকেই ফুল বুলি বুটলি
ভ্ৰমত ভ্ৰমি ফুৰাজনেই
তোমাৰ প্ৰিয়জন
তেওঁৰ চকুপানী মচি দিয়া ঁ
তেওঁক অন্তৰেৰে স্পৰ্শ কৰাঁ
তেওঁক প্ৰেমেৰে অনুভৱ কৰাঁ
তেওঁ তোমাৰ ভালপোৱা হ’বলৈ
এপাহ গোলাপ উপহাৰ দিয়াঁ
তেওঁৰ মন ভাল লগাবলৈ
লগে ভাগে নতুন ঠাই এখনলৈ ওলাই যোৱাঁ
পথ পাহৰি পথভ্ৰষ্ট হ’লে
তেওঁৰ হাতত ধৰি
জীৱনৰ ৰে’ল ক্ৰছিংবোৰ পাৰ কৰি নিয়া
গধূলিৰ বুকুত যেতিয়া
বেলিয়ে জিৰণি ল’বলৈ বহিব
বুজি পাবা
তোমাৰ সেই প্ৰিয়জন
আন কোনো নহয়
তুমিয়েই তোমাৰ প্ৰিয়জন
তেওঁৰ হাতত ধৰি চৰাই হোৱাঁ,
তেওঁৰ হাতত ধৰি স্বাধীন হোৱাঁ,
তেওঁৰ হাতত ধৰি জীৱন জী চোৱাঁ
তেওঁ তোমাৰ নিজৰ ভিতৰতে ।
ভ্ৰাম্যভাষ – ৬৯০১৮৫৬০৮৫
Visited 5 times, 1 visit(s) today
Last modified: May 2, 2025