Written by 11:27 am Poems

তৃতীয় বিশ্বৰ কবিতা

 ধীমান বৰ্মন

এয়া প্ৰথম বিশ্বৰ আকাশ

এঙেৰুৱা মেঘ এছটাত

আঁউজি কহুঁৱাৰ বতৰ

মাজে মাজে নীল কেনভাছত

ব্ৰাছ বোলাইছে

এন্ধাৰ বৰণৰ শিল্পই

এয়া প্ৰথম বিশ্ব

আকাশতেই শিল্প জীৱন্ত হ’ব

ওলমি ৰোৱা সাঁকোৰ বিলাস

পাৰ হ’ব এখুজি দুখুজি

মই কথক নহয় পাঠক

মই এখনি জিভাহে

যদিও মই এখনি জিভা

মূলতঃ মই এটি আলি

তৃতীয় বিশ্বৰ জীৰ্ণতাৰ

প্ৰথম বিশ্বৰ বিস্ময়

পথিক এহালি

মোৰ ওপৰেৰে যেতিয়া পাৰ হ’ব

মই কিয় চেলেকি নাথাকিম

তেওঁলোকৰ কিচকিচীয়া জোতা

Visited 4 times, 1 visit(s) today
Last modified: May 2, 2025
Close Search Window
Close