Written by 7:06 am Poems

তিনিটা অনূদিত কবিতা

 অনুবাদ  :  অনুভৱ তুলসী

নেচেল কৃষ্টি

মূল : মিলদ্ৰেড অকʼচ্চ (নাইৰʼবি, কিনিয়া)

সিহঁতে মন গʼলেই তোমাৰ বেৰত আঁকে

গদ্যময়, সঙ্গতিহীন গ্ৰাফিটি, যাৰ ফলত

কাণ্ডজ্ঞান আৰু মধ্যাকৰ্ষণক তুমি দিয়া নেওচা।

তুমি যেতিয়া তোমাৰ কাণ্ডজ্ঞান খুঁচৰি চোৱাঁ

বিচাৰি পাই যোৱা, বিলাই দিয়া

সিহঁতে তোমাক গঁতিয়াই দিয়ে অনন্ত অৱসৰলৈ।

সম্প্ৰতি উকা হৈ পৰা বেৰখন তোমাৰ সমুখত

তুমি ভাবি আচৰিত আছিল কিয় সজাগ এই বেৰ

তোমাৰ আৰু তোমাৰ চিনাকি বুলি ভবা সিহঁতৰ মাজত,

তোমাৰ আৰু সিহঁতৰ চিনাকি বুলি ভবা তোমাৰ মাজত।

প্ৰাৰ্থনা ঋতু

মূল : ওফʼমা অগালি (নাইজেৰিয়া)

তাহাঁতি পুতি থৈছে

তাহাঁতৰ হতবুদ্ধি ধোবাংবাং গুপুত কথা

ফোঁপোলা প্ৰাৰ্থনাত

তাহাঁতি বিচাৰি চলাথ কৰিছে

ধৰ্ম ফেৰী কৰা পোহাৰীৰ

যতমানে মুখ, শূইনত

প্ৰাণপাত শ্ৰমেৰে তাহাঁতি পাৰি আছে

আন্ধাৰ আকাশৰ এটি এটি তৰা

সব চকুৱে টঁ টঁকৈ চাই আছে তাহাঁতলৈ

তাহাঁতি হেৰা পাইছে

তাহাঁতৰ জৰ্জৰ চেতনা

অগণিত কবৰ তলিৰ পৰা

ভয়াৰ্ত বলি দিয়েই আছে তাহাঁতি 

এনে এক সৰগৰ নামত

তোৰণ যাৰ নাখায় খোল…

**, ৪০২৮

মূল : পেচেলা চ্চুকউমা-ইকে (নাইজেৰিয়া) 

সূৰ্যোদয়ে কাঢ়ি নিয়ে দৃষ্টি মোৰ, নিজ গৰিমাৰে;/

মই আৰু শিল নদলিয়াওঁ। পোহৰ নাহেচোন চুচৰি-বাগৰি;/

সাৰি-মচি নিলে নিয়ক ই যোৱাৰাতিৰ যত অৱশেষ।/

ইয়াত, আমি মুণ্ডহীন দেহৰ খবৰৰ শিৰোনামলৈ সঁহাৰি নিদিওঁ।/

আমি আমাৰ দোকমোকালিৰ চাৰিভাগৰ এভাগক নপঠাওঁ/

আমাৰ হাত-ভৰি অক্ষত ৰাখিবৰ বাবে মিনতি বিনতি কৰিবলৈ।/

শূন্যলৈ গুলী এৰা বন্দুকৰ কুচকাৱাজৰ বিৰুদ্ধে নকৰোঁ কাওঁ-বাওঁ।/

আমি নকৰোঁ প্ৰাৰ্থনা – আমাৰপৰা তিনিটা পদূলি এৰিলেই ভগৱানৰ বাসগৃহ।/

অৱসাদৰ থিয় গোৰ খাব লগা হʼলে, চুচুক-চামাককৈ তেওঁৰ দুৱাৰমুখ ওলাওঁগৈ।/

মৰম-চেনেহৰ জীয়া মূৰতি মা-দেউতাৰ প্ৰতিটো চুমাকে প্ৰথম চুমা হেন লাগে।/

মোৰ নিৰাপত্তাহীনতাৰ প্ৰশ্ন যেন ভুৱা এক দুঃস্বপ্ন।/

মোৰ ভয় বৰফৰ দৰে গলি পমি যায়। আলিবাটটোও যে ভয়-ভীতহীন–/

লাইভিনা পেহীয়েও তেজৰ বোল আৰু যাতনাৰ কাজল ৰঙলৈ পাহৰি গৈছে ।/

তেওঁ আজিও জীৱিত। আমিও কদাপি নমৰোঁ।/

অজান্তা অস্তিত্ব বুলিবলৈ নাই একো ইয়াত, জিভা কিম্বা ৰং-বৰণো নাই।/

মোৰ দেশৰ সৰ্বস্ব ৰাতিৰ লগত জীন গৈছে।/

এই নতুনত্বই হৈ পৰিছে নতুন নিলয়।

Visited 3 times, 1 visit(s) today
Last modified: May 2, 2025
Close Search Window
Close