Written by 8:06 am Poems

তাত কি হৈ আছে

 ৰিপুঞ্জয় বৰুৱা ঋমন 

তোমালোকে সপোন দেখিব নোৱাৰাঁ 

দুখ বাঢ়িব 

নিজৰ মতে সপোন নেদেখিবা 

আমি দেখুৱালেহে দেখিবা 

এতিয়াও বুজি উঠা নাই ?

তাত কি হৈ আছে

কোনে জানিছে

জানিবলৈ জানো দিছে

কোনে ক’ত কি কৰি ফুৰিছে

কোনে কি ভাবিছে

তেওঁৰ প্ৰেয়সীৰ নাম ঋণীমা 

তেওঁ দেশ বন্ধকত থৈ লোৱা ঋণেৰে পিন্ধে ক’লা জোতা 

জোতা ক’লা হ’লে বৰ সুবিধা

আন্ধাৰতো পোহৰতো 

ষ্টেটাছ ষ্ট’ৰি টাইমলাইনত নতুন নতুন কথা 

নতুনকৈ কোৱা কথাবোৰ চুপাৰহিট হৈছে 

ময়ো ভাল পাইছোঁ 

ডাঙৰ মানুহৰ ডাঙৰ ডাঙৰ কথা !

আলু পিয়াঁজৰ ব্যাখ্যা

গৰমত গছৰ ছাঁ

দৰিদ্ৰতাত পাপ

মটৰ নথকা চাইকেল 

এক কোটি গছপুলি 

কিতাপ সামৰি অম্বুবাচী !

এনে বহুসংখ্যক বিকল্প যোজনা

আমাৰ মগজুলৈ অ’ টি পি নহা 

তেওঁলোকে ভাবে,

অ’ চৰি চৰি ! 

ঠিক ভাবে বুলি ক’ব নোৱাৰি

তেওঁলোক প্ৰেক্টিকেল নাগৰিক 

কয় যি কৰেই ।

তেওঁলোকে যি কৰে সকলো আমাৰ ভালৰ কাৰণে 

আমাৰ ভালৰ কাৰণেই

আমি গান্ধী হৈ সিখন গালো পাতি দিব লাগে 

মই ভবাৰ দৰে যদি আপুনিও ভাবিছে

তেনেহ’লে আপুনি জীয়াই আছে

যিহেতু মই জীৱন্ত মানুহ 

দাঁত আৰু নখ দীঘল কৰিম 

ৰঙা চাহৰ দৰে ফিকা কথাবোৰ সামৰি 

সকলো পাহৰিম !

যিহেতু মই জীৱন্ত মানুহ 

বাৰে বাৰে নিচিঞৰিম ।

ঠিকনা :


ৰিপুঞ্জয় বৰুৱা ঋমন
খাৰঘুলি, উন্নয়ন সমিতিৰ বিপৰীতে
গৃহ নং – ১০১
গুৱাহাটী-০৪
ভ্ৰাম্যভাষ-৬৯০১৮৫৬০৮৫

Visited 2 times, 1 visit(s) today
Last modified: May 7, 2025
Close Search Window
Close