Written by 4:29 am Poems

ডুখৰীয়া

 উৎপল বৰকটকী

নীল সমুদ্ৰত কিহৰ ছায়া ?
কিহৰ ছায়াই ক’লা কৰে সমুদ্ৰৰ নীলা পানী…….

এই পৃথিৱী মোৰ অতি আপোন ৷
দেখিছোঁ— এই পৃথিৱীত অনেক মানুহ ৷
যাত্ৰাপথত অনেক মানুহ, অনেক চিনাকি মুখ;
শিকিছোঁ— অনেক কথা, অনেক ব্যথা,
স্বপ্নবিলাসী মানুহ ৷
ওঁঠত মোৰ লাগি থাকে প্ৰেমৰ মিঠা মৌ,
চুই দিলেই গলি যাব পৰা বৰফৰ বুকু ৷

মানুহ দেখিলোঁ অনেক,
মানুহ চিনিলোঁ অনেক,
নীল সমুদ্ৰৰ সলিল জলৰাশিৰ স্বপ্নাতুৰ দুচকু
খেপিয়াই ফুৰোঁ—শামুক, সাগৰ তলিত !

পোৱা-নোপোৱা,
প্ৰেম-প্ৰতাৰণা,
বিশ্বাস আৰু অবিশ্বাসৰ আলি-দোমোজাত ৰৈ
শুকাই পৰিছে মোৰ ওঁঠৰ মৌ,
বৰফ গলি শেষ হোৱা উদং বুকুত
বান্ধি ল’লোঁ এটা শিল—
আৱেগ শূন্য,
নিৰ্মম;
মোৰ নিৰ্দেশিত হৃদয়ে আজি তাকে বিচাৰে ৷

নীল সমুদ্ৰত সেয়া ডাৱৰৰ ছাঁ ৷
বৰষুণ আহিব,
দুগালেদি বৈ যাব দুধাৰি জলপ্ৰপাত
স্বীকাৰ  কৰি পৃথিৱীৰ নিয়ম
নিশব্দে,
নিজানে ৷

Visited 3 times, 1 visit(s) today
Last modified: May 2, 2025
Close Search Window
Close