Written by 2:37 am Poems

জ্যামিতি

খনিন্দ্ৰ ভূষণ মহন্ত

(১)

থম-থমকৈ বহি আছে সন্ধ্যাটো

তাতকৈ আহাঁ, যাতনাৰ কথাকে পাতোঁ

কোৱাঁচোন – জীৱনটো যদি বৃত্ত

প্রহৰবোৰ যদি ব্যাসার্ধ

পৰিধিতনো মই কি থ’ম?

(২)

স্মৃতিৰ চহৰখন আজি ধুমায়িত…

নিচা লগা মানুহৰ দৰে খোজ দি দি মই বুজিছোঁ :

ভালপোৱাও কেতিয়াবা ৰে’লৰ চিৰিৰ দৰে

শূন্য নে পূর্ণ – সেয়া বিচার্য নহয়।

(আঃ! এয়া কেনে উপপাদ্য!)

(৩)

হাতত হাত ধৰি ওলমি আছে গ’ল্ডেন শ্বাৱাৰ…

প্রসাৰিত আঙুলিবোৰে হেৰুৱাইছে (নে বিচাৰিছে) বাট

আঁত বিচাৰি মই ভাবি আছোঁ :

বিন্যাসৰ সূত্র ফুলতকৈ আন কোনে জানে?

_____

ভ্ৰাম্যভাষ : ৯১০১৯৮৬১৪০

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Last modified: May 7, 2025
Close Search Window
Close