পৰিস্মিতা বৰদলৈ
(১)
: আমাৰ মামনৰ জোৰৰ নেকি সি হা? ভাল ভাল ঘোঁৰাই নাপায় ঘাঁহ, বটুৱা ঘোঁৰাই বিচাৰে মাহ ৷ অ’ শুনিছেনে মামনৰ বাপেক৷ বোলো জীয়েকক অকল মৰম চেলাই থাকিলেই নহয়৷ অকণমান মন-কাণ কৰিব৷
: হৌৰা, হ’ব দিয়াঁহে ইমানকৈ খং নাখাবা৷ আমাৰ ছোৱালী বুজন, লোকে হাত মেলিলে বুলিলেই পাব নে?
(২)
: হেৰি মামনৰ বাপেক! অ’ বোলো শুনিছেনে? জীয়েকে এইবাৰ ভাল ৰিজল কৰিছে৷ অলপমান বিচাৰ-খোচাৰ কৰিবচোন তাইৰ জোখৰ ল’ৰা পায়েই বা!
: এঃ ৰ’বাচোন পাই৷ জীয়েৰে আৰু দুচেনীমান পহক ৷ তাইলৈনো দৰাৰ অভাৱ কিহৰ!
(৩)
: এনেই বাপেকটো হ’ল ঔ এই মানুহটো৷ বোলো নেওচা-কেওচা দিবলৈ বহি৷ জীয়েকৰ একেলগতে কাম কৰা মানুহ আহিব, ৰাতিপুৱাৰ পৰা মানুহটোৰ খবৰেই নাই দেওঁ৷
: কি ক’লি তই? বোলো মোৰহে খবৰ নাই? চা এয়া জীয়নীয়া মাছ বৰনৈত উজান উঠিছিল, সাউৎকৰে লৈয়ে আনিলোঁ৷ ভাল চাই লফা শাকো আনিছোঁ৷ খুৱাবি আলহীক হেঁপাহ পলুৱাই৷
(৪)
: বোলো মামনৰ বাপেক৷ ল’ৰাটো কেনে দেখিলে? এইবাৰ আমাৰ এইৰ জোৰে-জোখাৰে পাইছোঁ৷ উলিয়াই দিয়াৰহে কথা৷
: কিয় আগৰ দুবাৰৰ কেইটানো কি বেয়া দেখিছিলি? পিছে হ’ব দে তোৰ পচনেই মোৰো৷ তাতে তাইৰো যদি সন্মতি পাওঁ, এইবাৰ দিম উলিয়াই৷
(৫)
: হেৰি মামনৰ বাপেক, আগলৈ পাছলৈ একেটিয়েই ছোৱালী আমাৰ৷ যি পাৰি দিব লাগিব দুই এপদ সম্পদ বাকচত ভৰাই৷
:হৌৰা, তায়েই দেখোন আমাৰ ঘাই সম্পদ, যি অতবছৰে আছে আমাৰ বুকু জুৰাই৷ তাইক পঢ়ুৱাই শুনোৱাই এনেই কৰিছোঁনে জোৰে-জোখৰ, কেলৈনো লাগিছে বেলেগে কিবা দিবলৈ ভৰাই!
(৬)
: মামনৰ গাটো অলপমান বেয়া। মনটোও যেন মুজুৰা মৰা৷ নহলে লৈয়েই আনোগৈ নেকি দুদিনমান থকাকৈ?
: আনিবলৈতো মোৰো মন৷ পাছে তাইৰ বা আকৌ কি মন? বেয়া পায় নেকি বা কেনেবাকৈ?
(৭)
: ছোৱালীজনী বোলে কালিৰ পৰা শুয়ে উঠা নাই? কিহলেনো দিছিলো ইমান দূৰলৈ উলিয়াই৷ হেৰি শুনিছেনে আহোঁগৈচোন ব’লক তাইক এবেলি চাই৷
: …
: কি হ’ল আপুনিয়ো হ’বলা শোৱাৰ পৰা সাৰেই পোৱা নাই ৷ মই এতিয়া কিনো কৰোঁ। চাকৰি কৰা ছোৱালী বাবেই নিছিল সিহঁতে৷ দয়া-মমতা অলপমানো নাই৷ জোৰে-জোখাৰে দৰা বিচাৰি দিছিলোঁ৷ আজি মোৰ ছোৱালীৰ জীৱনটো যায়! আজি মোৰ ছোৱালীৰ জীৱনটো যায়৷