Written by 4:39 am Articles

জুৰি বৰা বৰগোহাঞিৰ উপন্যাস ‘সিহঁত’ :: এজন পাঠকৰ দৃষ্টিৰে এক চমু অৱলোকন

 প্ৰাঞ্জল প্ৰতিম বৰা

জুৰি বৰা বৰগোহাঞি অসমীয়া উপন্যাস সাহিত্যত এক প্ৰতিষ্ঠিত নাম। এগৰাকী ঔপন্যাসিক হিচাপে বৰগোহাঞিয়ে ইতিমধ্যে প্ৰতিগৰাকী সাহিত্যপ্ৰেমী মননশীল হৃদয়ৰ পাঠকৰ ৰুচিৰ পথাৰ সেউজ কৰিবলৈ সক্ষম হৈছে।  নিজৰ অসমীয়া উপন্যাসত বিষয়বস্তুৰ নিৰ্বাচনতেই নহয় উপস্থাপন শৈলীতো বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে এইগৰাকী লেখকে। বৰগোহাঞিৰ  সদ্য প্ৰকাশিত  উপন্যাস “সিঁহতে” ইতিমধ্যে পাঠকৰ ব্যাপক সমাদৰ লাভ কৰিছে৷ গ্ৰন্থমেলাত এইখন উপন্যাস প্ৰতিগৰাকী গ্ৰন্থকীটেই ক্ৰয় কৰাটো শুভ লক্ষণ বুলি বিবেচিত হৈছে৷ ঔপন্যাসিকগৰাকীয়ে ১৯৮৮ চনৰ ২৫ আৰু ২৭ জানুৱাৰীত বড়োভূমিত বড়ো আন্দোলনৰ সময়ছোৱাত সংঘটিত এক শিহৰণকাৰী ধৰ্ষণকাণ্ডৰ জীয়া পটভূমিৰ আধাৰত গৱেষণালব্ধ তথ্যৰে সমৃদ্ধ কৰি সাৱলীল ভাষাত নিজা ৰচনাশৈলীৰে উপন্যাসখন ৰচনা কৰিছে৷ বনলতা প্ৰকাশনে প্ৰকাশ কৰা উপন্যাসখনত জীৱশ্ৰেষ্ঠ মানৱৰ অভীষ্ট কামনাৰ বলি হোৱা, সীমাহীন অন্যায় সত্তেও পুৰুষ বিকৃত কামনাৰ ওচৰত সৈমান হ’বলৈ বাধ্য হোৱা ১১ গৰাকী বড়ো নাৰীৰ জীৱন সুন্দৰৰূপে উপস্থাপন কৰাটো পৰিলক্ষিত হৈছে৷  ৰাজ্যত বড়ো আন্দোলন চলি থকাৰ সময়ছোৱাতে সংঘটিত এই জঘন্য  ধৰ্ষণকাণ্ড সময়ৰ ধামখুমীয়াত হেৰাই যোৱাৰ সময়তেই বৰগোহাঞিৰ দৰে নিষ্ঠাৱান, কষ্টসহিষ্ণু ঔপন্যাসিকৰ কলমত পুনৰ প্ৰাণৱন্ত হৈ উঠি ইতিহাস বীক্ষাৰ ক্ষেত্ৰত সাৰ্থকতাৰ পৰিচয় দাঙি ধৰিছে৷ “সিঁহতে”  বিচাৰে পুৰুষৰ কামনাপ্ৰসূত মানসিকতা তথা অপকৰ্মৰপৰা পৰিত্ৰাণ৷ প্ৰতিগৰাকী নাৰীকণ্ঠ “সিঁহত”, যিয়ে মুক্তভাৱে সমাজত পুৰুষৰ সমানে সমানে ফেৰ মাৰি সম মৰ্যাদাৰে জীয়াই  থাকি জীৱনক উদযাপন কৰিব বিচাৰে৷ নিৰ্যাতিতা “চিনু, পখিলা, ভাৰতী, যমুনা, চিখলা,  প্ৰমীলা, সৰুভনীহঁতক বৰগোহাঞিয়ে অশেষ কষ্ট স্বীকাৰ কৰি সন্ধান উলিয়াই উক্ত দিনদুটাৰ জীয়া, বাস্তৱ ছবিখন উন্মোচন কৰি তাৰ বাস্তৱ কাহিনীক উপন্যাসখনত স্থান দিছে৷ ঔপন্যাসিকগৰাকীৰ ভাষাত- “অসমত বিভিন্ন আন্দোলন হৈছে, সংঘৰ্ষ হৈছে য’ত মানুহে সৰ্বস্ব হেৰুৱাইছে৷ এই আন্দোলন-সংঘৰ্ষসমূহত নাৰীসকল বেছিকৈ জীয়াতু ভোগা পৰিলক্ষিত হয়৷ অসমৰ প্ৰান্তে-প্ৰান্তে এনে হৃদয়বিদাৰক অলেখ কাহিনী সোমাই আছে৷ তেনে নিৰ্যাতিতা মানুহৰ জীয়া কাহিনী “সিঁহত”৷ এজন পাঠকৰ দৃষ্টিত  এক কথাত ক’বলৈ গ’লে উপন্যাসখনত নিৰ্যাতিতা নাৰীৰ হিয়াৰ কৰুণ বিননি, বড়ো আন্দোলনদৰ  সময়ৰ ক’লা অধ্যায়, জাতীয় আন্দোলন চলি থকা সময়ছোৱাত এচাম সুবিধাবাদীৰ লম্পট নাৰীমাংসবিলাসিতাপূৰ্ণ মানসিকতা তথা কুকৰ্মৰ বৰ্ণনা, সেই সময়ৰ  নামনি অসমৰ কিছু অঞ্চলৰ ইতিহাস, বড়োভূমিৰ সমাজ ব্যৱস্থা, সমাজত সমানুপাতিক সমমৰ্যাদাৰে জীয়াই থাকিব বিচৰাৰ মনৰ সুস্থ  চিত্ৰায়ণ কৰিবলৈ  সাৰ্থক হৈছে৷ ২৮০ পৃষ্ঠাৰ উপন্যাসখনৰ মূল্য ৩৩০ টকা মাত্ৰ৷

ঠিকনা :বালিপৰা।  ভ্ৰাম্যভাষ : ৮৬৩৮০৫০৭৫১<!—next-prev and print–>

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 4 times, 1 visit(s) today
Last modified: May 22, 2025
Close Search Window
Close