লুইত কিৰণ দাস
‘‘আই ঐ খালে ঐ খালে
গৰুটোক বাঘে নিলে…’’
বাঘ খেদিবলৈ গৈ নাপালে বাঘ নাপালে গৰু
তাইক পলুৱাই নি নৈপাৰত নতুন এটা চৰু।
সেই দিনা আছিল শনিবাৰ ৷ হালখটি৷
সেইদিনা আছিল অসম বন্ধ। হাজিৰাত ঘাটি৷
সেইদিনা আছিল চ’তৰ শেষৰ ৰাতি। প্ৰেমে নামানে জাতি।
ঠৰ্ ঠৰ্ জাৰ
ঢলপুৱাই ঢাপলি মেলি দৌতিয়ে দাঙেগৈ উভটি, মেলেগৈ চেপা
গাইজনীৰ ওহাৰ ফুলি মাটি চোওঁ মাটি চোওঁ
জেঙৰ জিকাই ওফোন্দ পাতে আমি কেনি যাওঁ৷
পলুৱাই নিলে যি নিলে পিতাই মোৰ মাক
পিঠিত লৈ লৈ দুখৰ নৈ কন্দা নাই কোনোদিন
দেখা নাই চকুত চকুপানী, ওঁঠত শোক৷
চেনিপুঠিয়ে বাগৰি পানীবিজুলী মাৰিছে
তোৰ বেজাৰত মোৰ বুকুৰ বৰফ খহিছে
পিতাই বোলে ‘‘হেৰৌ গুলি মাৰৌ জাত-পাত’’
তোকো যে ভাল পালোঁ মূৰত ধৰি শপত খালোঁ
কথা যে দিলোঁ নাযাওঁ এৰি দূৰলৈ
অ’ মোৰ পিতা তুমি মোক সাহসী কৰিলা
মৈয়াই সমান কৰিলা আমাৰ পথাৰ।
‘আজি চ’তৰ শেষ ৰাতি৷ তোমাৰ পুতেৰাই উজাগৰে লিখিছে
তোমাৰেই কবিতা
লাঙিজালৰ পাক ভাঙিবলৈ শিকি ধৰিব পাৰিছে
মোৱা পুঠি খলিহনা
সেলেঙি সনা ওঁঠেৰে তোমালোকে আমালৈ চাই কৰিছা
মিচিক মাচাক
‘‘আই ঐ গৰুজনী বাঘে নিলে…!’’
আৰু মই জেপৰ পৰা সোৱঁৰণীৰ টেমাটো খুলি
চোতালত সিঁচি দিছোঁ
তিতা, মিঠা, টেঙাৰ হেজাৰ স্মৃতি…৷
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা