Written by 3:58 am Articles

জীৱন এনেকুৱাই

মূল বাংলা: ৰক্তিম তমাল গাঙ্গুলী

অনুবাদ: মনালিছা পাঠক নেওগ

ঘৰৰ খিৰিকীয়েদি উৰি ফুৰা বতাহে কেতিয়াও অনুমতি বিচাৰি প্ৰৱেশ নকৰে৷ প্ৰেমেও অনুমতি নিবিচাৰে৷ মৃত্যুৱেও অনুমতি নিবিচাৰে৷ কিছুমান মানুহে তেনেকৈয়ে অনুমতিৰ পৰোৱা নকৰে৷ চিত্ৰাও তাৰ মাজত অন্যতম৷

ব’হাগ মাহৰ দুপৰীয়া৷ বাহিৰত পকা ৰাস্তা গলি যোৱাকৈ ৰ’দ৷ আমাৰ সৰু ঘৰটিত হেণ্ডেল ভগা চকীখনত বহি নিসংগ মই৷ হাতত শেষ হৈ যোৱা চিগাৰেটটো এছ্‌ট্ৰেত গুঁজিছোঁ৷ সকলোৱে ভাত ঘুমটি মাৰিছে৷

হঠাৎ ধাম্‌কৈ‍ শব্দ কৰি দৰ্জাখন খুলি চিত্ৰাৰ আগমন৷ ঠিক ব’হাগ মাহৰ বৰদৈচিলাৰ দৰে ধমহ্‌কৈ‍ ঘৰলৈ সোমালে৷ প্ৰথমে হাতৰ ভেনিটি বেগটো বিছনাত থ’লে৷ তাৰ পাছত নিজকে৷ এনে লাগিল পিতাৰ দিনতে সজা বিছনাখনে যেন আজি শেষ নিশ্বাস ত্যাগ কৰিব৷ যাক কোৱা যায় “খাটৰ ঘাটলৈ গমন৷”

চিত্ৰা অদ্ভুত ধৰণৰ৷ অন্ততঃ মোৰ লগত৷ আমি একেটা চুবুৰি‍তে ডাঙৰ হৈছোঁ৷ একেজন শিক্ষকৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছোঁ৷ মোৰ দুৰ্ভাগ্য যে কলেজীয়া দিনতে মা-দেউতা দুইজনক একেলগে হেৰুৱালোঁ৷ টিউশ্বন হৈ পৰিল মোৰ উপাৰ্জনৰ পথ আৰু চিত্ৰাই পালে চৰকাৰী স্কুলৰ চাকৰি৷ প্ৰতিমাহৰ শেষত চিত্ৰাৰ ওচৰত হাত পতাটো মোৰ এটা নিয়মৰ দৰেই হৈ পৰিছিল৷ যেনেকৈ শীতত আৱৰণৰ প্ৰয়োজন৷

প্ৰতি মাহৰ আৰম্ভণিতে পৰিশোধ কৰোঁ আৰু শেষৰ ফালে ধাৰলৈ লওঁ৷ এতিয়ালৈ মোৰ বিছনাত পৰি চিত্ৰা গভীৰ টোপনি গ’ল৷ মোৰ ভাত ঘুমটিৰ ইচ্ছা ইমানতে সমাপ্ত হ’ল৷ চিত্ৰাৰ ক্লান্ত মুখৰ ফালে চালোঁ৷ হ’বইতো ক্লান্ত৷ এই ব’হাগৰ দুপৰত স্কুটি চলাই আমাৰ ইয়ালৈ আহিছে৷ তাই এনেকুৱা মাজে মাজে কৰেই৷ কেইঘণ্টামান জিৰণি‍ লৈ একাপ চাহ খাই গুচি যায়৷ সেই দুপৰীয়াটো মোৰ ভীষণ ভাল লাগে৷ মনে মনে ভাবোঁ এনেকুৱা দুপৰীয়া যদি সদায় আহিলহেঁতেন! কিন্তু মোৰ মনৰ ভাবনাটোক মনৰ মাজতেই ৰাখোঁ৷ চিত্ৰাৰ আগত প্ৰকাশ কৰাৰ সাহস মোৰ কোনোদিনেই নহ’ব৷ সেইটো মই খুব ভালদৰে জানো৷ এই যে মই চিত্ৰাৰ টোপনি যোৱা মুখখনৰ ফালে অপলক নেত্ৰে চাই থাকোঁ, এইটো কথা যদি তাই গম পায়, তেন্তে মোৰ গালৰ চামৰা গৰম কৰি দিব৷ স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ গাত হাত তুলিবলৈ নোপোৱাৰ খংটো মোৰে গাতে তুলি দিব৷

ঘড়ীৰ ফালে চালোঁ। প্ৰায় পাঁচ বাজিবৰে হ’ল৷ সন্ধ্যা ছয় বজাত মই টিউশ্বনলৈ যাব লাগিব৷ দুকাপ চাহ কৰি গান এটা গাবলৈ ধৰিলোঁ—

“তোমাৰ ওই দেহ খানি তুলে ধৰো, 

আমাৰ এই দেবালয়েৰ প্ৰদীপ কৰো”!

চিত্ৰা শোৱাৰ পৰা উঠিল আৰু ক’লে—“গুৰুদেৱৰ গানক লৈ যি ধেমালি কৰে, তাৰ জীৱনত একোৱেই নহয়, তোৰো নহব৷”

মোৰ হাতৰ পৰা চাহৰ কাপটো নি ক’লে— “নতুন বছৰৰ গিফ্‌টটো তোক গুড্ ফ্ৰাইডে’ৰ দিনা দিম আৰু দুপৰীয়া সাঁজ তোৰ ইয়াত খাম৷ চিকেন বনাবি। ঠিক আছে৷”

ফটকৰে‍ হিচাপ কৰি পেলালোঁ কিমান খৰচ হ’ব৷ তাৰ পাছত মাতটো সৰু কৰি ক’লোঁ— “ঠিক আছে সেইটোৱেই হ’ব৷ মহাজনৰ কথা মতে৷”

— “এইবাৰ কিন্তু চৰ খাবি, বহুত খাবলৈ লৈছ আজিকালি৷”

মই ভয়তে অলপ দূৰত গৈ ৰ’লোঁ৷ চিত্ৰাই বিছনাৰ পৰা বেগটো তুলি ল’লে৷ তাৰ পাছত এ. টি. এম কাৰ্ডটো মোক দি ক’লে— “পাঁচহাজাৰ টকা উলিয়াই আনিবিচোন৷ মোক লাগিব৷”

— “তোৰ টকাবোৰ মোক কিয় এনেদৰে বাৰে বাৰে দিয় বাৰু?”

— “যিটো কৈছোঁ সেইটো কৰ৷ পাছ্‌ৱৰ্ডটো মনত আছে নহয়!”

চিত্ৰা আৰু মই একেলগে ঘৰৰ পৰা ওলাই আহিলোঁ৷ দুইজন দুফালে ৰাওনা হ’লোঁ৷ ঠিক মোৰ ছাত্ৰৰ ঘৰলৈ সোমাব খুজোঁতেই ম’বাইলটো বাজি উঠিল৷ বন্ধু বৰুণৰ ফ’ন৷ মই হেল্ল’ ক’বলৈ পোৱাৰ আগতেই সি ক’লে— “ যিমান সোনকালে পাৰ থানালৈ গুচি আহ৷ চিত্ৰাৰ এক্‌চিডেণ্ট হৈছে৷ একেবাৰে স্পট্ ডে’ড্৷”

মোৰ ভীষণ খং উঠিছিল৷ থানা পালোঁগৈ উন্মত্ত হৈ৷ থানাৰ একোণত যন্ত্ৰ দানৱটো আছিল৷ মই ইটা এটা পাই তুলি ল’লোঁ মাৰিবলৈ। তেনেতে মোৰ কাণৰ কাষত কোনোবাই ফিচ্‌ফিচাই ক’লে— “নাই নাই, তোক এনেদৰে নুশুৱায়৷”

ইটাটো দূৰলৈ দলিয়াই দিলোঁ৷ নিজৰ ছাৰ্টটো খুলি সেই দানৱটোৰ চকাত লাগি থকা ধূলি আৰু তেজৰ দাগ যত্ন কৰি মচি দিলোঁ৷

আজি আৰু মোৰ ওচৰত একোৱে‍ই নাই৷ মাত্ৰ মনত আছে পাছ্‌ৱৰ্ডটো৷ চিত্ৰা ইমান দূৰলৈ গুচি গৈছে; তাৰ পৰা যদি তাইক ঘূৰাই অনাৰ পাছ্‌ৱৰ্ডটো জানিলোঁহেঁতেন!

অনুবাদকৰ ঠিকনা :যোৰহাটভ্ৰাম্যভাষ: ৯৩৬৫২১৪৪৮২

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 22, 2025
Close Search Window
Close