Written by 2:20 pm Articles

জীৱন অথবা মৃত্যু

জুৰী বৰা বৰগোহাঞি

ৰেজিষ্টাৰখনৰ শেষৰটো ঠিকনা মাকুম পথাৰ, তিনিচুকীয়া৷

বাৰাণ্ডাত বগা প’লিথিনিৰে মেৰ খাই থকা এটা মৃতদেহ৷ ষ্ট্ৰীট লাইটৰ শেঁতা পোহৰ বাৰাণ্ডাত পৰি আছে৷ সেই পোহৰত ৰহস্যময় কাহিনী এটাত বৰ্ণিত অলৌকিক ঘটনা এটাত মৃতদেহটো ওপঙি থকাৰ দৰে লাগিছে৷ 

প্ৰতিভা মৰাণ ৷ লিংগ- মহিলা, বয়স- ৭২, মাকুম পথাৰ, তিনিচুকীয়া৷ 

ঠিকেই আছে৷ এইটো ব’ডী চমজাই দি ৰাণী ৰূমলৈ যাব৷ এঘুমটি মাৰি ল’ব৷ ভাগৰত তাইৰ চকুৰ পতা গধুৰ হৈ আহিছে৷ পি পি ই কিটেৰে সমগ্ৰ শৰীৰ ঢাক খাই থকা সহায়কাৰী প্ৰণৱ দূৰৈত বহি আছে৷ ৰাণী দহোটীয়াই চকুৰে ইংগিত দিলে৷

: কওক মেডাম৷

 সি মাস্ক্খন সামান্য আঁতৰাই ল’লে৷

: মাকুম পথাৰৰ কে’ছটো নিবলৈ পৰিয়ালৰ মানুহ ইমান দেৰি অহা নাই কিয়? মেৰাপানীৰ পৰা আহিও ব’ডি নিলেহি৷ খবৰ দিয়া আছিল ন? ডেৰ বাজিল৷ দুই বজাৰ ভিতৰত আজৰি হ’লে এঘুমটি মাৰি ল’ব পাৰোঁ৷ ৰাতিপুৱালে দেখোন নতুন ব’ডি আহিবৰে হ’ব৷

গধুৰ হৈ পৰা পি পি কিটযোৰ খচমচকৈ চোঁচৰাই প্ৰণৱ আঁতৰি গ’ল৷  

: মেডাম, ৰেজিষ্টাৰত দেখোন মাকুম পথাৰৰ কে’ছটো ডেলিভাৰি ল’লেই৷ চহী মৰা আছে৷ 

: ধুৰ! সেইটো ব’ডি পৰিয়ে আছে চোৱাঁ৷

: মেডাম, ৰেজিষ্টাৰখন চাওক৷ পলাশ মৰাণ৷ পুত্ৰ৷ এইটো চহী৷

ৰাণী, মৃতদেহ চমজোৱাৰ দায়িত্বত থকা প্ৰশাসনিক বিষয়া ৰাণী দহোটীয়াৰ গাটো চেঁচা হৈ আহিল৷ ভৰি দুটাত থিয় দি থকাৰ শক্তিকণো যেন নোহোৱা হৈ গ’ল৷  দিনৰ দুই বজাৰ পৰা এতিয়ালৈকে তেওঁ বাৰটা ব’ডি চমজাই দিলে৷ পৰিয়ালবোৰে ক’ভিডত মৃত্যু হোৱা ব’ডিবোৰ ঘৰলৈ নিব  খোজা নাই৷ প্ৰশাসনেও দিয়া নাই৷ নিলেও পালন কৰিবলগীয়া হৈছে কঠোৰ বিধি৷ বেছিভাগেই মেডিকেল কলেজৰ কাষৰ শ্মশানতে জ্বলাই থৈ গুচি গৈছে৷ গোটেই ব্যৱস্থাটোত শ্মশানত শৱ দাহ কৰা মানুহে প্ৰতিটো ব’ডিৰ বাবে দহ হাজাৰকৈ টকা লৈছে৷

ৰাণীৰ ভয় লাগিল৷ শেঁতা পোহৰত জিলিকি থকা বগা প’লিথিনৰ মাজত ব’ডিটোৱে যেন লৰচৰ কৰিহে উঠিল৷ ক’ভিড দায়িত্ব পালন কৰি তাই চৰকাৰীভাৱে উচ্চ প্ৰশংসিত হৈছে৷ জিলা উপায়ুক্তই তাইক শলাগি আছে৷ উপায়ান্তৰ হৈ তাই উশাহ বন্ধ কৰি ঢাপলি মেলিলে ডাঃ মিলিৰ কোৱাৰ্টাৰলৈ৷

: ছাৰ! ছাৰ!

টোপনিগধুৰ ডাঃ মিলি ধৰমৰাই ওলাই আহিল৷

: কি হ’ল?

: ছাৰ আজি কেইটা ক’ভিড বডি আছিল?

: তেৰটা…

: ছাৰ নহয় চৈধ্যটা৷ তেৰটা ব’ডি নিয়াৰ পাছতো এটা ব’ডি থাকি গৈছে৷

: তেৰটাই আছিল৷ মই নিজে ভেৰিফাই কৰি চহী কৰিছোঁ৷ মই অহাৰ পিছত নতুন ব’ডি ৱাৰ্ডৰ পৰা উলিওৱা হৈছিল জানো?

: নাই নাই, নাই উলিওৱা ছাৰ৷ মাকুম পথাৰলৈ এটা বডি গৈছে৷ পৰিয়ালে জনাইছে৷ পুতেকহঁতে মাকক শ্মশানত জ্বলাই গৈছে৷  কিন্তু ছাৰ, এতিয়াও এটা ব’ডি আছেই৷ তাত মাকুম পথাৰৰ ঠিকনা লিখা আছে৷

ৰাণীৰ মাত ভাগি গৈছে৷ মিলিয়ে ঘপাঘপ চোলা এটা গাত সুমুৱাই ল’লে আৰু ৰাণীৰ লগত হস্পিটেলৰ আছুতীয়া বাৰাণ্ডাখনলৈ ঢপলিয়াই আহিল৷ বাৰাণ্ডাত বগা প’লিথিনেৰে বান্ধ খাই থকা বডিটো যেন ওপৰলৈ ওপঙি উঠিছে৷ ট ট কৈ জিলিকি আছে৷ আখৰকেইটাও৷ প্ৰতিভা মৰাণ৷ লিংগ- মহিলা, বয়স- ৭২, মাকুম পথাৰ, তিনিচুকীয়া৷

মিলি ব্যস্ত হৈ প্ৰণৱক মাতি লৈ আনিলে৷

: ছাৰ, মই পুতেকক ফ’ন কৰিলোঁ৷ তেওঁলোকে শ্মশানতে ব’ডি জ্বলাই এতিয়া ঘৰলৈ গৈ আছে৷

: সৰ্বনাশ৷ বেলেগ ব’ডিকে জ্বলাই থৈ গ’ল কিজানি৷ কিন্তু এইটো, বাৰাণ্ডাত থকাটো কাৰ ব’ডি?

ডাঃ মিলিয়ে অসহায় হৈ ৰাণীলৈ চালে৷ ৰাণীয়ে প্ৰণৱলৈ৷ প্ৰণৱে বাৰাণ্ডালৈ৷ বাৰাণ্ডাত মৃতদেহটো যেন আৰু বেছিকৈ ওপঙি উঠিছে৷ এই কেইদিন দায়িত্ব পালন কৰি এদিনতে তেত্ৰিছটা পৰ্যন্ত  ব’ডি চমজাই দিছে তেওঁলোকে৷ একো গণ্ডগোল হোৱা নাই৷ প্ৰণৱে ভয়ে ভয়ে ৰেজিষ্টাৰৰ পাত লুটিয়াইছে৷ 

: ছাৰ, মৰি গ’লোঁ আমি৷ কাইলৈ মেডিয়াই গম পালে চাকৰি-তাকৰি যাব আমাৰ৷ কে’ছত সোমাব লাগিব৷ 

: ধৈৰ্য ধৰাঁ৷ মই কিবা এটা কৰিম৷ 

ডাঃ মিলি জোৰেৰে ওলাই গ’ল৷

অফিচ ৰূমটোত শংকাৰে ইফাল সিফাল কৰি থাকিল ৰাণীয়ে৷ চৌপাশ নিৰ্জন৷ এই কেইদিন মৃত্যুৰ পাৰোৱানা লৈ অহৰহ অহা-যোৱা কৰা এম্বুলেঞ্চৰ ছাইৰেনৰ ভয়ংকৰ শব্দবোৰ এই মুহূৰ্তত নাই৷  কোনোবা দিনা বিলত বিহ দিলে মাছ মৰাৰ দৰে মানুহ মৰে৷ শাৰী শাৰী মৃতদেহ বাৰাণ্ডাত পৰি থাকে৷ ৰাণীযে ভয়ে ভয়ে বাৰাণ্ডালৈ চালে৷ ব’ডিটো যেন আগতকৈ বেছি ওপঙি ওপঙি আহি আছে৷ মৃতদেহ নহয় যেন পাৰাপাৰ বিশাল সমুদ্ৰৰ বুকুত এখন দিশহাৰা বগা পালতৰা জাহাজ৷ 

এই যেন পেকেটটো ফালি ব’ডিটো ওলাই আহিব৷ আৰু আহিয়েই ৰাণীক ডিঙি চেপা মাৰি ধৰিবহি৷ তাইৰ ভুলৰ বাবেই৷ আজি পোন্ধৰ দিনে তাই এইটো দায়িত্বত আছে৷ তাই ব’ডি চমজাওঁতে প্ৰায়ে ৰাতি পুৱাই গৈছে৷ বানপানীত সাহায্য ল’বলৈ শাৰী পাতি থকাৰ দৰে শাৰী পতা মানুহক ব’ডি বিলাইছে তাই৷  প্ৰথম কেইদিন বিৰাট অসহজ লাগিছিল৷ কোনো আত্মীয়ই চহী কৰি কান্দোনত ভাগি পৰিছিল, কোনোৱে হুমুনিয়াহ কাঢ়ি শেষবাৰৰ বাবে মুখখনো দেখা নাপালোঁ বুলি দুখ কৰিছিল৷ কোনোৱে চৰকাৰী নীতি-নিৰ্দেশনাৰ কঠোৰ আবেষ্টনী পাৰ কৰি নিজ গাঁৱলৈ নিবলৈ অনুমতি বিচাৰি কাকুতি কৰিছিল৷ সকলোখিনি তাই চম্ভালি থাকিল৷  তাইৰ দক্ষতাৰ বাবে তাইক দায়িত্ব দি প্ৰশাসনো নিশ্চিন্ত হৈ আছে৷ এতিয়ালৈকে তিনিশ একৈছটা ব’ডি পালে৷ এইখন  বাৰাণ্ডাত ক’ভিড ৱাৰ্ডৰ পৰা দিনে নিশাই উলিওৱা  ব’ডিবোৰ শাৰী পাতি সজাই ৰাখিলে৷ কিন্তু আজিৰ দৰে ভয়ংকৰ ভাব অহা নাই৷ 

: মেডাম শ্মশান পাৰ্টিক সোধোঁ নেকি?

: সোধা সোধা৷

প্ৰণৱ পি পি ই কিটসহ এক প্ৰকাৰ দৌৰিয়ে ওলাই গ’ল৷ ৰাণীয়ে ৰাতিপুৱাই হ’ব লগা গণ্ডগোলটোৰ বাবে ভয়ত কঁপি থাকিল৷

প্ৰণৱ দৌৰি দৌৰিয়েই ঘূৰি আহিল৷

: মেডাম৷ তেওঁলোকে হেনো আজি বাৰটাহে কভিদ ব’ডি জ্বলাইছে৷

: বাৰটা? ছিঅ’ৰ?

: মই চণ্ডাল দুৰ্গা দাসক নিজে সুধি আহিছোঁ৷ সি এতিয়াও গাঞ্জা টানি শ্মশানৰ বেঞ্চতে বহি আছে৷

ৰাণীয়ে দীঘলকৈ উশাহ ল’লে৷ কিবা এটা মিলিছে৷ মিলি যাব৷ হয়তো প্ৰণৱহঁতে ঠিকনা লিখা খেলিমেলি কৰিছে৷ তেন্তে এই ব’ডিটো কাৰ? তাই পুনৰ ৰেজিষ্টাৰখন মেলি মিলাই থাকিল৷ তিনি বাজি গৈছে৷ প্ৰতিজন অভিভাৱকলৈ ফোন কৰিলে তাই৷ গোলাঘাট, কাকপথাৰ, নাগাজাংকা, ধেমাজি, মাজুলী, ধেমেচী… ইফালৰ পৰা গধুৰ মাত৷ এই পিছ নিশাতো কান্দোনসহ অভিভাৱকসকলৰ উত্তৰ পাইছে তাই৷ সকলো ঠিকে থাকে হৈ গৈছে৷ অথচ বাৰাণ্ডাত ব’ডিটো থাকি গৈছে ৷

ৰাতি পুৱাল৷ নতুন ব’ডি আহিলেই৷ শেষ ৰাতি ঢুকুৱা নটাকৈ নতুন ব’ডি আহিল৷ অভিভাৱক আহিল৷ ৰাণীয়ে সাৱধানেৰে বিলালে৷ আকৌ মাকুম পথাৰৰ ব’ডিটো থাকি গ’ল৷ যেন বাৰাণ্ডাত পৰি থাকিল গধুৰ, লৰচৰ কৰিব নোৱৰা বগা পাল তৰা বিৰাট অচল জাহাজ এখন!

গধুলিলৈ ৰাণীয়ে খবৰটো পালে৷ প্ৰণৱ  আৰু ডাঃ মিলিয়ে দিনটো লগ হৈ, কষ্ট কৰি খবৰ আনিলে৷

: মাকুম পথাৰৰ মানুহঘৰ অত্যন্ত দৰিদ্ৰ৷ হাতত দহহেজাৰ টকা নাই৷ মাকৰ ব’ডিটো চহী কৰিও লৈ নগ’ল৷ দুই পুত্ৰই হস্পিতেলতে এৰি গ’ল৷ গাঁৱতো ব’ডিটো জ্বলাই আহিছোঁ বুলি প্ৰচাৰ কৰি দিলে৷

: হ’লেও ছাৰ! মাক হয়৷ মাকক লৈ এনেকুৱা কাম কৰে নেকি? ইমান কঠোৰ কেনেকৈ হ’ব পাৰে? মাক হয়নে নহয়? এইবোৰ মানুহনে পিশাচ? অসুৰ জন্ম দিছিল নেকি?

ভদ্ৰ প্ৰশাসনিক বিষয়া ৰাণী খঙত ফাটি পৰিল৷

: মেডাম, ক’ভিডত মানুহ আৰু মানুহ হৈ থকা নাই৷ আপুনি কিমান মানুহৰ মৃত্যু দেখিলে, পাৰিলে জানো কাৰোবাৰ বাবে কান্দিব? আপুনিও জানো মানুহ হৈ আছে? কি জানে মেডাম? মইতো ইমানদিনে আপোনাৰ চকুত এটোপালো পানী দেখা নাই৷

ৰাণী তভক মাৰি ৰৈ গ’ল৷ তাইৰ কন্দাৰ কথা মনলৈ নাহেই৷ ইমান সহজ নহয় কথাবোৰ৷ ব’ডিৰ হিচাপ মিলোৱাটো এটা ডাঙৰ কথা৷ তাতকৈও তাইৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ ব’ডিবোৰ পৰিয়ালৰ মানুহক চমজাই দিয়াৰ দায়িত্ব৷ কঠোৰ চৰকাৰী প্ৰট’কল৷ কান্দিবলৈ সময়েইবা ক’ত? দিন-ৰাতি সম্মুখত যেন মৃত্যুৱে নচা ৰুদ্ৰৰ তাণ্ডৱ নাচ! সেই ৰুদ্ৰৰ তাণ্ডৱ নাচ চাই চাই ৰাণী শিল হৈ গৈছে৷

ৰাণী কি সঁচাই শিল হৈ গৈছে!

আৰু কাহানিও কান্দিব নোৱাৰিব তাই!

কলেজত আলফুল, কোমল বুলি জনা ৰাণীৰ অনুভৱ শক্তি নোহোৱা হৈ গৈছে! জীয়াই থাকোঁতেই মৃত হৈ পৰিছে ৰাণী? 

প্ৰণৱক লগত লৈ ৰাণীয়ে  মাকুম পথাৰৰ মানুহজনীৰ দেহটো শ্মশানলৈ পঠাবলৈ যো-জা কৰিলে৷ ৰাণীহঁত আজৰি হোৱালৈ নিশা তিনি বাজিল৷

সিহঁত যাবলৈ লওঁতে  ৰাতি পুৱাইছিল৷ প্ৰণৱ হঠাৎ গে’টৰ পৰা ঢপলিয়াই আহিল৷

: মেডাম এটা কথা হ’ল৷ কালি যে সাত নম্বৰৰ বে’বিটো নিছিল তাৰ দেউতাক আমাৰ গে’টত ৰৈ আছে৷ হুলস্থূল কৰিছে৷ আহকচোন৷ 

ৰাণী তৎক্ষণাত ওলাই আহিল৷

: আমাৰ কেঁচুৱাটো কি কৰিলে? আমাক বেলেগৰ কেঁচুৱা দি পঠাইছে৷ 

: কি?

: হয়৷ মোৰ ছোৱালীজনীৰ ঠাইত আপোনালোকে এটা ল’ৰা দি পঠাইছে৷ মই লৈ আহিছোঁ৷ ব’লক চাব৷ গাড়ীতে আছে৷

বিধ্বস্ত মানুহজনৰ মাতটো ভাগি গৈছে৷ ৰাণীয়ে প্ৰণৱলৈ চালে৷ কালি দুটা বে’বি ক’ভিডত ঢুকাইছিল৷ সাত নম্বৰ আৰু ন নম্বৰ৷ সাত নম্বৰটো ছোৱালী, চিমি শৰ্মা, গৌৰীসাগৰ, শিৱসাগৰ৷ আৰু ন নম্বৰটো ল’ৰা, ইফটিকাৰ আহমেদ, বকুল মাজগাঁও, ডিব্ৰুগড়৷ ৰাণী দৌৰি আহি ৰেজিষ্টাৰখন চালেহি৷ ঠিকেই কৈছে মানুহজনে৷ কিজানি সাত নম্বৰৰ ছোৱালীজনীৰ ঠাইত ন নম্বৰৰ ল’ৰাটোৰ পেকেট গুচি গ’ল৷ 

: প্ৰণৱ এখন ইমাৰ্জেঞ্চি নন-ক’ভিড এম্বুলেঞ্চ উলিয়াই আনা৷ আমি বকুল মাজগাঁৱলৈ যাৱ লাগিব৷ কালি ন নম্বৰ ব’ডিটো বকুল মাজগাঁৱৰ আছিল৷ সলনি হৈ গৈছে ৷ ৰাতিপুৱা হোৱাৰ আগতেই মিলিব লাগিব৷

: মেডাম, চৰকাৰী প্ৰট’কল ভাঙি পলিথিন খুলিছিলে কিয় বুলি গালি দিয়ক৷ চব ঠাণ্ডা হৈ যাব৷ কোনে ইমান জামালা লৈ থাকে৷

ৰাণীয়ে প্ৰণৱলৈ কটমটকৈ চালে৷

পি পি ই কিট পিন্ধা প্ৰণৱে প’লিথিন মেৰিওৱা ব’ডিটো কোলাত মেৰিয়াই ওলাল৷ পিছে পিছে প্ৰশাসনিক বিষয়া ৰাণী, বিধ্বস্ত দেউতাক৷ 

আজাহাৰে একমাত্ৰ সন্তান ইফতিকাৰক আলফুলে কবৰ দি উভতিল৷ কফন কাপোৰৰ কোমলতা, আতৰৰ সুগন্ধ তাৰ হাতৰ স্পৰ্শতে আছে৷ বিয়াৰ সাত বছৰৰ পাছত জন্ম হোৱা একমাত্ৰ সন্তানক কবৰ দিয়া তাৰ দুখন হাত লোহাৰ দুডাল মাৰিতকৈও গধুৰ৷ সি যেন দাঙি থাকিব নোৱাৰে৷ তাৰ ল’ৰাটোৰ মুখখনকে শেষ বুলি চাবলৈ নাপালে৷ সামান্য জ্বৰ-কাহতে ল’ৰাটো ঢুকাল৷ হস্পিটেলৰ পৰা কঠোৰ নিৰ্দেশ প’লিথিন নোখোলাই ভাল৷ আজাহাৰে তাকে কৰিলে৷ বকুল মাজগাঁৱৰ মানুহজাক আজাহাৰৰ লগত জানাজা দি উভতিছিল৷ প্ৰণৱ আৰু ৰাণী নামি গৈ মানুহটোক বিনয় আৰু শংকাৰে সমগ্ৰ কথাবোৰ ক’লে৷ লগত যোৱা পুলিচকেইজন অলপ দূৰত ঠিয় দি ৰ’ল৷ ৰাণীয়ে পুলিচকেইজনক দূৰৈৰ পৰাই চাই থাকিবলৈ কৈছে তেওঁলোকক৷ বগা ধকধক কূৰ্তা-পায়জামা পৰিহিত আজাহাৰে এবাৰ মূৰৰ টুপীটো খুলি হাতত ল’লে৷ এবাৰ পিন্ধিলে৷ সম্মুখত দুজন অসহায় মানুহ৷ এইমাত্ৰ সি জানাজা সম্পন্ন কৰা সন্তানটো তাৰ নহয়৷ হিন্দু মানুহৰ কন্যা সন্তান৷ গোটেই কাহিনীটো শুনি ইফতিকাৰৰ বাপেক আজাহাৰ এম্বুলেঞ্চখনলৈ উভতি আহিল আৰু শেঁতা মুখেৰে বহি থকা বিধ্বস্ত গৌৰীসাগৰৰ মানুহজনৰ মুখামুখি হ’ল৷ ৰাণীৰ ভৰিয়ে তেতিয়া খোপনি পুতিবলৈ ঠাই বিচাৰি পোৱা নাছিল৷ এই যেন সকলোৰে সমুখত তাই ঢলি পৰিব৷

: আমি হস্পিতেলৰ পৰা নিশাতেই কবৰস্থানলৈ আহিলোঁ৷ পেকেট নুখুলিবলৈ আমাক কঠোৰ অৰ্ডাৰ দিছিল৷ আমি নাচালোঁ৷ চোৱা হ’লে কিবা এটা কৰিব পাৰিলোঁহেঁতেন৷ অলপ আগতে কবৰ দিলোঁ৷ কওক জোনাব আপোনাৰ সন্তানক কবৰ খান্দি উলিয়াই আনো?

গৌৰীসাগৰৰ মানুহজনৰ চকুত পানী৷ তেওঁৰ মুখ বন্ধ৷ অলপ আগলৈকে মানুহজনে খং, দুখ আৰু ক্ষোভেৰে চিঞৰি আছিল৷ ৰাণীয়ে সন্দেহেৰে প্ৰণৱলৈ চালে৷ সি তলমূৰ কৰিছে৷ খং আৰু বিতৃষ্ণাত তাইৰ মন তিক্ত হৈ উঠিল৷

: কওক জোনাব৷ মোক আৰু বেহেৰাম নকৰিব৷ কি-বা ইমান গুনাহ কৰিছিলোঁ যে তাৰ শাস্তি পাইছোঁ! আল্লাহ! আল্লাহ!

ইফটিকাৰৰ দেউতাকৰ মাত ভাগি গুৰি হৈ গৈছে৷

: নালাগে৷ নালাগে৷ তাই ইয়াতে থাকক৷ 

গৌৰীসাগৰৰ মানুহজনৰ মাত  নহয় যেন কোনোবা প্ৰস্তৰ খণ্ডৰ পৰা ফাটি অহা বিষাদ ধবনি৷ তেওঁ কথাষাৰ কবৰস্থানৰ মাজেৰে দেখা পুৱাৰ নিৰ্মল আকাশলৈ চাই চাই ক’লে৷ 

কবৰস্থানৰ মুখতে এজোপা তগৰ৷ জকমককৈ ফুলি আছে৷ এটা মিঠা সুগন্ধিও বিয়পি আছে৷ উলটি যোৱা মানুহবোৰ উভতি আহি গাড়ী দুখনৰ চাৰিওফালে গোট খালেহি৷

: আকৌ এটা গাঁত খান্দিব লাগিব৷ কফন কাপোৰ লাগিব৷

এইকেইদিন কবৰ দি দি ভাগৰি নপৰা মানুহজাকে কবৰস্থানৰ মাজত খালী ঠাই বিচাৰি বিচাৰি আলফুলে আৰু এটা গাঁত খান্দিলে৷ আৰু চৰকাৰী গাড়ীত থকা কণমান  ব’ডিটো নি শুৱাই দিলে সেই গাঁতত৷ সুগন্ধি সনা কোমল কফন কাপোৰৰ ওপৰত আজাহাৰে আকৌ আলফুলে এচপৰা মাটি দিলে৷

কবৰস্থানত একমাত্ৰ সন্তানক এৰি গৌৰীসাগৰৰ নৃপেন শৰ্মাই ঢলং-পলংকৈ ওলাই আহিল৷  কবৰস্থানৰ মুখত দুৰ্বল ৰাণীয়ে চাই আছে৷ হঠাৎ নৃপেন শৰ্মাই ঠিয় দি থকা সহকাৰী আয়ুক্ত ৰাণী দহোটীয়াৰ কান্ধত মূৰটো পেলাই দিলে৷

ৰাণী, কঠোৰ বুলি জনাজাত প্ৰশাসনিক বিষয়াগৰাকী এইবাৰ কান্দোনত ভাগি পৰিল৷ ৰাণীৰ বুকুৰ সকলো জড়তা ভাগি চুৰ্চূমৈ হৈ হিয়াভগা কান্দোন এটা বিয়পি পৰিল৷ বকুল মাজগাঁৱৰ কবৰস্থানখনৰ নিৰৱতা ভাগি পৰিল৷

ঠিকনা : 

নাংফা  (ঘৰ নং-৬৬৬)

কঁহুৱা পথ, ভি জি হস্পিটেলৰ পিছফাল

বৈৰাগীমঠ, ডিব্ৰুগড়-৭৮৬০০৩

ফোন : ৯৮৫৪২-৮৫২৫১

ই মেইল : jurilakshinandan@gmail.com

Visited 1 times, 1 visit(s) today
Last modified: May 7, 2025
Close Search Window
Close