Written by 4:11 am Articles

জলছবি (End of Spring)

ৰিমলী বৰকটকী

তাপসী— চহৰৰ পৰা নিজৰ উচ্চ-শিক্ষা সমাপ্ত কৰি গাঁৱৰ ঘৰলৈ ওভতা এগৰাকী সাধাৰণ যুৱতী। বিয়া-বাৰু, সংসাৰ— এইবোৰৰ মাজত আবদ্ধ গতানুগতিক জীৱন এটা নিবিচাৰে তাপসীয়ে। নিজৰ পৰিচয় হেৰুৱাবলৈ নিবিচাৰে তাপসীয়ে। তাপসীয়ে বিচাৰে আত্মনিৰ্ভৰশীল হ’বলৈ, নিজৰ লগতে নিজৰ ঘৰখনৰ সহায় হ’বলৈ। 

এয়া হান্দুক খ্যাত পৰিচালক জয়ছেং জয় দহোতীয়াৰ পৰৱৰ্তী চিনেমাৰ কথা। হান্দুকৰ পাছত এখন সম্পূৰ্ণ ভিন্নধৰ্মী চিনেমা। অ, হান্দুকৰ দৰে জলছবিও বাস্তৱবাদী চিনেমাই। প্ৰথমেই ক’ব লাগিব চিনেমাৰ বিষয়বস্তু নিৰ্বাচনৰ কথা। আপাত দৃষ্টিত চালে খুব গতানুগতিক বিষয় এটা। মানে তাপসী সেই শোষিত, অৱদমিত নাৰীসকলৰ মাজৰে এগৰাকী। নিজৰ নিজক লৈ থকা ব্যক্তিগত সকলো সপোনক জলাঞ্জলি দি সংসাৰসৰ্বস্ব জীৱন এটা কাটোৱা নাৰীৰ সংখ্যাই অধিক আজিৰ দৰে আধুনিক এক সময়তো। এই বিষয় লৈ যে আগতে কোনো চিনেমা নিৰ্মাণ হোৱা নাই, তেনেকুৱা কথাও নাই। তেন্তে পৰিচালক-কাহিনীকাৰ দহোতীয়াই ইয়াক কিয় বিষয় হিচাপে নিৰ্বাচন কৰিলে? দৰ্শকক কি ক’ব লগা আছে তেওঁৰ এই চিনেমাখনৰ যোগেদি? হয়, তেওঁ ইয়াত নাৰীয়ে সন্মুখীন হোৱা লিংগ বৈষম্যৰ কথা ক’ব খুজিছে। মোৰ দৃষ্টিৰে এইখন এখন আৰু নাৰীবাদী তথা সম-অধিকাৰ বিষয়ক মনস্তাত্ত্বিক ড্ৰামা। চিনেমাখনৰ আৰম্ভণিতেই ৰামে সীতাক অগ্নিপৰীক্ষা দিবলৈ কোৱা বাক্যশাৰীৰ উল্লেখেই সমগ্ৰ চিনেমাখনৰ প্ৰতিবাদী কণ্ঠক সূচায়। জলছবি উগ্ৰ নাৰীবাদী নহয়, শক্তিশালী নাৰীবাদী চিনেমা। এইখিনিতে ক’ব লাগিব যে পৰিচালক তথা কাহিনীকাৰৰ মনস্তাত্ত্বিক অধ্যয়ন নিয়াৰি। 

এগৰাকী নাৰীৰ সপোন কি হোৱা উচিত সেয়া সমাজ-ব্যৱস্থাই কিয় নিৰ্ধাৰণ কৰে এতিয়াও? নাৰীগৰাকীৰ স্বকীয়তা ইমানেই অৰ্থহীন নেকি? বাৰু, বিয়া হোৱাটো এক স্বাভাৱিক প্ৰক্ৰিয়া, কিন্তু বিয়া হোৱাৰ পাছত কিয় মাথোঁ নাৰীগৰাকীৰে জীৱন সীমাবদ্ধ হৈ ৰয় য’ত পুৰুষজনৰ স্বাচ্ছন্দ্য-স্বাধীনতা সকলো অটুট থাকে? বিয়া হোৱাটোৱেই জীৱনৰ সৰ্বস্ব হ’ব নোৱাৰে। চিনেমাখনৰ জৰিয়তে দহোতীয়াই এনে হাজাৰজনী তাপসীৰ বুকুৰ গুপুত বেথাৰ কথা ক’ব খুজিছে। এইখিনিতে মোৰ ব্যক্তিগত চিন্তা এটা ক’ব খুজিছোঁ, মানে মই যেতিয়াই কোনোবা এগৰাকী ছোৱালীৰ বিয়ালৈ নিমন্ত্ৰণ পাওঁ, তেতিয়াই মোৰ মনলৈ অহা প্ৰথম কথাটো হৈছে— ‘‘এই ছোৱালীজনীয়ে বা কিমান সপোনক নেওচা দি বিয়া হ’বলৈ আগবাঢ়িছে!!’’ হয়তো পৰিচালক-কাহিনীকাৰ দহোতীয়াৰ মনতো একেই প্ৰশ্ন উঠে কেতিয়াবা। তেনে প্ৰশ্নৰে প্ৰতিফলন হয়তো জলছবি।

চিনেমাখনৰ আৰম্ভণি মেটাফৰিক মানে প্ৰতীকী। হান্দুকৰ দৰেই ইয়াতো কেমেৰাৰ কামৰ শলাগ ল’বই লাগিব। তাপসী ঘৰলৈ ঘূৰি আহি খুব আগ্ৰহেৰে আৰু যোগাত্মক চিন্তাৰে নিজৰ সপোনক সাকাৰ ৰূপ দিবলৈ উঠি-পৰি লাগে। পিছে তাপসী সফল হয় জানো? অৱশ্যেই আপুনি এজন দৰ্শক হিচাপে তাপসী সফল হোৱাটোৱেই বিচাৰিব। তাপসী কিন্তু সফল নহয়। কিয় নহয়?

তাপসীৰ জীৱনতো প্ৰেম আছিল, কিন্তু তাপসী বিয়াৰ বাবে প্ৰস্তুত নাছিল। তাপসীয়ে বিভিন্ন ইণ্টাৰভিউ দিয়ে, পাঠ্যক্ৰম শিকে। কিন্তু নাই, তাপসী স্বাৱলম্বী হ’বলৈ সক্ষম নহয়। ঘৰখনক সকাহ দিবলৈ সক্ষম নহয়। চহৰৰ পৰা ঘূৰি আহি য’ত তাপসীয়ে ‘‘গাঁৱত সোমাই থাকি কি কৰিবা?’’ বোলা প্ৰশ্নৰ উত্তৰত কৈছিল— ‘‘গাঁও-চহৰৰ পাৰ্থক্য কিনো আজিকালিৰ দিনত?’’ সেই তাপসীয়ে এসময়ত গাঁৱৰ নিজৰ জীৱনৰ সীমাবদ্ধতাত উশাহ নোপোৱা হৈ পৰিছিল। সেইখিনি সময়ত আবেলিৰ ছাঁ‌-পোহৰত পথাৰৰ পানীৰে আগুৱাই গৈ থকা তাপসীক দেখিলে আপোনাৰ এনে লাগিব এই তাপসীয়ে যেন কিবা এটা কৰি উঠিব এতিয়াই। সীমাবদ্ধতাৰ বিষয়টোত মই এইখিনিতে তাপসীৰ লগত নিজক যুক্ত কৰিব পাৰিছিলোঁ। তাপসীৰ সীমাবদ্ধতাৰ অনুভৱক আপুনি ক’ব পাৰে কোনো এক ব্যক্তিয়ে এক মানসিক স্বাধীনতালৈ ধৰফৰাই থকাৰ কথা। মানে মুকলিকৈ জীয়াই থকাৰ, একান্তই নিজকে দিয়া কিছু সময়। ময়ো নিজৰ স্বাধীনতাক বা ব্যক্তিগত স্পেচক ইমানেই বেছি ভাল পাওঁ যে দুই-চাৰিদিনৰ বাদে ইয়াক নেওচা দি চলিব নোৱাৰোঁ। এই যে স্পেচ বা স্বকীয় সময় বিচৰাৰ কথাটো আমাৰ সমাজত অংধিকাংশ মানুহে বুজি নেপায়। এই স্বকীয়তা সকলো সম্পৰ্কতেই খুব জৰুৰী কথা। কাহিনীকাৰৰ এই বিষয়ৰ উপস্থাপন মোৰ ভাল লাগিল।  

এতিয়া আকৌ তাপসীৰ কথালৈ আহোঁ। তাপসীৰ প্ৰেমাস্পদেও এসময়ত তাপসীৰ যাত্ৰাত লগ এৰা দিয়ে। তাপসীলৈ ঘৰৰ পৰা স্বাভাৱিকভাৱে বিয়াৰ হেঁচা আহিয়েই আছিল। প্ৰেমাস্পদে এৰা দিয়াৰ পাছত তাপসী মানসিকভাৱে ভাগি পৰে। কান্দোনত ভাগি পৰা দৃশ্যটিৰ ঠিক পাছতেই খেৱালি জালত ছট্‌ফটাই থকা মাছকেইটা তাপসীৰ মানসিক অৱস্থাৰ এক সুন্দৰ প্ৰতীকী উপস্থাপন। অৱশেষত তাপসীয়ে ঘৰৰ হেঁচা মানি লয়, মানে বিয়াত বহে। এইখিনিতে হয়তো অধিকাংশ নাৰীয়ে নিজকে তাপসীৰ যন্ত্ৰণা আৰু অসহায়তাৰ লগত নিজকে যুক্ত কৰিব পাৰিব, আকৌ একাংশ নাৰীৰ কিন্তু ইয়াতে খং উঠিব, তাপসীয়ে আৰু এঘড়ী নুযুঁজিলে কিয় বুলি। মুঠতে সকলো নাৰীৰ বাবেই এই চিনেমাখন। ইয়াতে পৰিচালক সফল। তাপসীক নিজকে মাৰি জীয়াবৰ চেষ্টা কৰা সাধাৰণ এগৰাকী নাৰী কৰিয়েই ৰাখিছে কাহিনীকাৰে। দৰাই কইনা লৈ যোৱা দৃশ্যত দৰাজনে কইনাৰ মানে তাপসীৰ কাষতে বহি হাঁহি আছে আৰু প্ৰায় গাতে গা লগাকৈ তাপসীয়ে বুকুত এজাক বা-মাৰলি লৈ বহি আছে— এজন অচিনাকি, মানে যাৰ লগত তাপসীৰ কোনো মনঃসংযোগ নাই, তেনে এজন পুৰুষৰ লগত নিজৰ সপোন, স্বকীয়তা সকলো জলাঞ্জলি দি এক নতুন জীৱন আৰম্ভ কৰা তাপসীৰ অৱস্থাক এই দৃশ্যটোৰে খুব সুন্দৰকৈ প্ৰকাশ কৰা হৈছে।  

এটা দৃশ্যৰ পৰা আন এটা দৃশ্যলৈ খুব সাৱলীল গতি পৰিচালকৰ, যেনে তাপসীৰ ককায়েকক নবীনক লৈ চিন্তিত মাক-দেউতাকক দেখুওৱা দৃশ্যৰ পাছতে কানি প্ৰস্তুত কৰি থকাৰ দৃশ্যটোৱেই বুজাই দিয়ে নবীনক লৈ আচলতে তেওঁলোকৰ সমস্যা ক’ত। জলছবিত দুই প্ৰজন্মৰ মাজত থকা প্ৰযুক্তিৰ পাৰ্থক্যকো দেখুওৱা হৈছে সহজভাৱে। জলছবিত মৃদু হাস্যৰসো আছে। চিনেমাখনৰ সংলাপ কম, কিন্তু বুজিবলৈ জটিলতা নাই। জটিল সমস্যাবোৰকো কম সংলাপেৰে বা কামেৰে বুজোৱা হৈছে। যেনে বৰষুণ দিওঁতে তাপসীৰ আঁঠুৱাৰ ওপৰত মাকে আনি এখন প্লাষ্টি‍ক টানি দিয়াটোৱে ঘৰৰ আৰ্থিক অৱস্থাক ভালদৰে সূচাইছে। বেছি কথা কোৱাৰ বা নাটকীয়তাৰ ইয়াত প্ৰয়োজন নাই। পৰিচালক দহোতীয়া লাহে লাহে যায় (মানে সেই মন্থৰ গতিত নহয় যি গতিত দৰ্শকৰ আমনি লাগিব), কিন্তু কাহিনীৰ তুংগলৈ আপোনাক ঠিকেই লৈ যায়। পৰিচালকৰ এই প্ৰকাশভংগী ভাল লগা। ৰেষ্ট্যুৰেণ্টত বহি থকা তাপসী আৰু কপিলৰ দৃশ্যটোৰ কথা ক’বই লাগিব। এটা লং শ্বট এইটো, য’ত তাপসী আৰু কপিলে খাই থাকে (মানে দৃশ্যটোত তাপসীয়ে একো কোৱা নাই) আৰু নেপথ্যত তাপসীৰ কণ্ঠতে তাপসীৰ সমস্ত মনৰ কথা, স্বাধীনতাৰ স্বপ্নৰ কথা কৈছিল কাহিনীকাৰে। এই কথা কোৱাৰ কলা ভাল লাগিল মোৰ। অভিনয়শিল্পীসকল সহজ, অভিনয় প্ৰাকৃতিক। কথা-কবিতাৰ দৰে কথন হান্দুকৰ দৰে জলছবিতো দেখিবলৈ পোৱা গ’ল, পিছে খুব কমকৈ। সংলাপৰ ক্ষেত্ৰত মাজে মাজে মোৰ এনে লাগিল যেন কোনোবাখিনিত ভাষাৰ লালিত্য সামান্য বেছি হৈছে। মানে দৰ্শকৰ মনলৈ প্ৰশ্ন আহিব পাৰে— ‘‘আমি জানো ঘৰত এনেকৈ কথা কওঁ?’’ চিনেমাখনৰ মোৰ খুব ভাল লগা সংলাপ এটা হৈছে— তাপসীৰ বেকাৰ, কাম-বন কৰিব নোখোজা নিচাসক্ত ককায়েকৰ মুখত। তাপসীয়ে ককায়েকক সোধে— ‘‘দাদা, তই একো কাম কিয় নকৰ?’’ ককায়েকে কয়— ‘‘সৰুৰে পৰা মই দেখোন অকল গৌৰৱ কৰিবলৈ শিকিলোঁ, নিজক লৈ, জাতিক লৈ, দেশক লৈ। কাম কৰিবলৈচোন কোনেও নিশিকালে।’’ ওঁ, কাম কৰিব নোখোজাৰ ই এক অজুহাত, এক পলায়নবাদী মানসিকতা যদিও অসমৰ প্ৰেক্ষাপটত খুউব এক তিক্ত সত্যও এই সংলাপটো। মই ক’ম— পৰিচালকৰ ভাল ভ্ৰূকুটি।

এক প্ৰকাৰ সামাজিক অন্যায়ৰ বলি হোৱা এগৰাকী নাৰীৰ বিয়াৰ পাছত কি হয়? সপোনবোৰহে মৰে, মানুহজনী জানো মৰে? নমৰিলে জীয়াই থাকিবই লাগিব আৰু জী থাকিবলৈ যুঁ‌জিবই লাগিব। চিনেমাখনৰ শেষাংশও এনে এক প্ৰতীকীয়েই। এক উত্তেজনামিশ্ৰিত দৃশ্যৰ সমান্তৰালকৈ তাপসী বগুৱা বাই গৈ থাকে। অৰ্থাৎ বিয়া হ’ল বুলিয়েই যে তাপসীৰ যুঁজ শেষ হ’ল এনে নহয়, তাপসীয়ে নিজকে তুলি ধৰিবলৈ আপ্ৰাণ চেষ্টা কৰি থাকে। এই যে আগুৱাই যোৱাৰ দৃশ্যটি, কিয় এনে হ’ব লাগে? এই যে আগুৱাই যোৱাৰ বাটত হোৱা জটিলতাবোৰ, কষ্টবোৰ, হেঙাৰবোৰ— পুৰুষতান্ত্ৰিক সমাজব্যৱস্থাসৃষ্ট নহয়নে? হয়, মোৰ খং উঠিছিল, জলছবি চাই। আৰু আপোনাৰ নিশ্চয় তেনে প্ৰতিক্ৰিয়াই হ’ব।

Visited 2 times, 1 visit(s) today
Last modified: May 22, 2025
Close Search Window
Close