Written by 7:15 am Poems

জন্মভূমি আজি

মূল :  বীৰেন্দ্ৰ চট্টোপাধ্যায় (বাংলা) 

অনুবাদ  : ৰুদ্ৰ সিংহ মটক

এবাৰ মাটিৰ ফালে চোৱাঁ

এবাৰ মানুহৰ ফালে।

এতিয়াও ৰাতি হোৱা নাই

অন্ধকাৰ এতিয়াও তোমাৰ বুকুৰ ওপৰত

কঠিন পাথৰৰ দৰে, তুমি উশাহ ল’ব পৰা নাই।

মূৰৰ ওপৰত এখন ভয়ঙ্কৰ ক’লা আকাশ

এতিয়াও বাঘৰ দৰে হাতোৰা দাঙি বহি আছে।

তুমি যেনেকৈয়ে নহওক এই পাথৰটো বগৰাই পেলোৱা

আৰু আকাশৰ ভয়াৱহতাক শান্ত কণ্ঠেৰে জনাই

দিয়াঁ – তুমি ভয় খোৱা নাই।

মাটিতো জুইৰ নিচিনা হ’বই

যদি তুমি ফচল ফলাব নাজানা;

যদি তুমি বৃষ্টি অনাৰ মন্ত্ৰ পাহৰি যোৱা

তোমাৰ স্বদেশ তেনেহ’লে মৰুভূমি।

যি মানুহে গান গাব নাজানে

যেতিয়া প্ৰলয় আহে তেওঁ বোবা আৰু অন্ধ হৈ যায় ।

তুমি মাটিৰ ফালে চোৱাঁ, সেয়া ৰৈ আছে;

তুমি মানুহৰ হাতত ধৰা, তেওঁলোকে কিবা ক’ব খোজে।

             ০০০

ঠিকনা ঃ

লাৰিকা গ্ৰীনভেলী

আজাৰা, গুৱাহাটী।

পিন-৭৮১০১৭,

ফোন নং -৭০০২৩০৩৮৮২ 

Visited 2 times, 1 visit(s) today
Last modified: May 2, 2025
Close Search Window
Close