Written by 8:20 am Poems

ছিষ্টেম

গীতাঞ্জলি বৰকটকী
পৃথিৱীখন এটা ছিষ্টেমতে ঘূৰি আছে
ছিষ্টেমৰ  কক্ষপথত তৰপে তৰপেমামৰৰ চামনি ধনেই ধৰ্মৰ মূল, নহ’লেই যায় জাতি-কুল…ছিষ্টেমত লিখা আছে
পৰ্বতৰ গুহাৰ পৰা মহাকাশত বিচৰণতথাপি ছিষ্টেমৰ  কক্ষপথত বহুতো কৃষ্ণগহ্বৰ
পুতিব নোৱাৰি
ভাৰ্ছুৱেল পৃথিৱীৰ দুৱাৰ খোল খায়দাতা অনতঅন্যথাই ছিষ্টেমৰ বিচ্যুতি
অথচ  হাঁহি উঠাকৈ ছিষ্টেমৰ চাবি-কাঠি  আমাৰেই হাতত ন্যসত
গছৰ পৰা গুটিগুটিৰ পৰা গছএটা ছিষ্টেম 

কাউৰীয়ে বাহ সাজিব নাজানি কুলিৰ বাহত  কণী পৰাটোএটা ছিষ্টেম!  পোহৰৰ সিপিঠিতে অন্ধকাৰ
বৰঘৰৰ ল’ৰাই বৰপীৰাত বহেছিষ্টমতে বন্ধা আছেচিন্তামণি চোৰ হ’লেও বৰঘৰৰছিষ্টেমত বন্ধা খাটিব নালাগে
শিয়ালে নীলপানীত জোবোৰা মাৰিৰজা হয়
ছিষ্টেমৰ বাটত প্ৰকাণ্ড গাঁতপিছলি নপৰাকে কিমান দূৰ আগুৱাম
উজুটিত ভাগে দাঁত তেজত বেদনাৰ উত্তাল
ছিষ্টেমে একলব্যৰ পৰা গুৰুদক্ষিণা বিচাৰেআৰু কৰ্ণ পৰিচয়হীন হয় অগ্নিপৰীক্ষাৰ জুই জ্বলিয়ে আছে
মেৰিয়াইছে ছিষ্টেমৰ আৰোৱানে ঘৰৰ মজিয়াতে বিহলঙনি গজিছে
শামুকৰ খোলাৰ শূন্যতাত মৰি আহে আমাৰ  বিশ্বাস
কছ্ থিটা, ছাইন্ থিটাৰ দৰেই মগজুত দোলা দি আছে ছিষ্টেমে৷
ঠিকনা :বি ভি এফ চি এল উচ্চতৰ মাধ্যমিক বিদ্যালয়৷নামৰূপ৷ ছেক্টৰ চি৷জিলা: ডিব্ৰুগড়৷ অসম৷দূৰভাষ: ৮৬৩৮৫২২৩৮৫

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Last modified: May 19, 2025
Close Search Window
Close