Written by 12:09 pm Poems

ছায়াখেল

মিণ্টুল হাজৰিকা
স্বপ্নৰ সেওঁতা ফালি গৈ ওলালোঁ
পাৰ চৰায়ে ৰুণ দিয়া পুৱা
য’ত আয়ে লেপি-মচি থৈছিল পানীৰ পবিত্ৰতা
এটা জেঠীয়ে পানীচোলা গাত লৈ বগাই বংশাৱলীৰ জখলা
উৰুলি এটাই আকাশত চাপৰ দি ভাঙিব পৰা নাছিল
বতৰীয়া উচাহৰ কঁকাল

নোপোৱাৰ হেজাৰটা খতিয়ানে পাগ মাৰি মূৰত
ভাও দি বিভোৰ
চাপৰিহীন দৰ্শকহীন ভাৱৰীয়া চোতাল
ক’বলৈ গ’লে,
গিজগিজনি এটাৰ মূৰত উঁই-হাঁফলুৰ বাহাৰ

সময়ঘড়ীৰ তিনিটা ঘোঁৰা দৌৰা নাছিল সিদিনা
কোনোবাই বতাহৰ পাখি কাটি দিছিল
গৃহস্থই আঙুলি ফুটাই নিচুকাই আত্মাৰ খৰিকাজাঁই
থেতেলা খাই তালুৰ তাজমহল

পৌৰাণিকপন্থীৰ একছ্ত্ৰী সমদলটোৱে
মুখত এগালমান তামোল ভৰাই বোবা

য’ত ফুলতকৈয়ো ধুনীয়া শিশুৰ খেলনা
গজি উঠে তাত যাতনাৰ শেলুৱৈ
কলিজাৰ তানপুৰাক বেসুৰা কৰি বজাই বজ্জাত ধুমুহা

হায় হায়,
শালগছৰ ছাঁ পৰি কণ্ঠত কোৰ্হালৰ সোমবৰীয়া মায়া-হাট
গৃহস্থৰ হাতত উচুপে মহঙা দিনৰ মোনা-মুখ
ছাই সনা পোহৰৰ মুখে চকুৰ পলক তুলি নেচায়

হৰধনৰ গাত বেজাৰৰ লহিওৱা বেলি
চকুৰ দাপোণত শ খোৱা কজলা মেঘৰ
দাঁত নিকটা হাঁহি
এহালি অলংকৰণহীন চকুলোৱে গিলে অন্তৰমহলৰ শৃংগাৰ
আকাশৰ সীমনাৰ পৰা উধাও শইচৰ দুখন হাত
যি হাতৰ আঙুলিমূৰত গজি উঠে তাহানিতে
আশীৰ্বাদৰ তৰু-তৃণ

এতিয়া হিয়াৰ এঙাৰেৰে অঁকা
এখন এবষ্ট্ৰেক
জেঠীখুজীয়া দেৱালত
মৰোঁ জীউকৈ সলাইছে উশাহ

আস,
জঞ্জালৰ সংসাৰত খুঁটি খুৱাব পৰাকৈ
বুকুৰ ফ্ৰেমত নিঃশব্দ- নিষ্প্ৰাণ বেহেলা-মাত

ভ্ৰাম্যভাষ : ৮৬৩৮২৫৯০৭৩

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 12, 2025
Close Search Window
Close