Written by 12:58 pm Articles

ছায়াকল্প (৫)

 আকাশ দীপ্ত ঠাকুৰ

(‘ছায়াকল্প’ শীৰ্ষক কবিতাৰ এটি শিতান ‘অন্যযুগ’ৰ পাততে আৰম্ভ কৰিছিলোঁ৷ চাৰিটা খণ্ডৰ প্ৰতিটোতে ভিন্নসুৰী তিনিটাকৈ স্তৱক আছিল৷ বহু দিনৰ বিৰতিৰ পাছত পুনৰ সেই ধাৰাটোৰে তিনিটা স্তৱক লিখিবলৈ হেঁপাহ জন্মিল৷)

(১) জীৱন জলাশয়

আৰুনো কিমান পানী…! উজাই আহে বুকুৰ তলিৰপৰা৷ বৈ যায় ভটিয়াই৷ বাৰিষা-খৰালি কাহানিও নুশুকায়৷ ময়াপী সৰোবৰ এয়া লুণীয়া অনুভূতিৰ৷ আৰুনো কিমান পানী? মোৰ বুকুৰ হেঁপাহ… ক’বিনে এবাৰ! পানী তোৰ— অ’ মোৰ কমলাকুঁৱৰী৷ জীৱন নহয় এয়া মানস সৰোবৰ৷ পানী মোৰ এবুকু এডিঙি৷ সাগৰ হ’ল দুচকুৰ মণি৷ বুৰিল বাসনা এঠাউনি৷ নমনি একোকে৷ অ’ মোৰ নয়নৰ মণি, ক’বিনে এবাৰ– আৰুনো কিমান পানী! বুৰালোঁ তোক হেঁপাহৰ চাকনৈয়াত, কলিজাতো তাৰেই জৰণি৷ গোট মাৰিলেও শিল হ’ব নোখোজে৷ নজহে-নপমে এই বৰফৰ চাপৰি৷ অ’ মোৰ হিয়াৰ জুৰণি; ক’বিনে এবাৰ— আৰুনো কিমান পানী…!

(২) পদূলি

মনৰ পদূলিটোৱে কেঁকুৰি ঘূৰাৰ পৰত তিনিডাল নঙলা৷ দূবৰিৰ সেওঁতা ফালি বগুৱা বাই আহিব খোজে সাঁচতীয়া আৱেগ৷ বাদুলি ওলমা দি ওলমে৷ সৰি পৰে ইডালৰপৰা সিডাললৈ৷ বুঢ়া তামোলৰ দুটা খুঁটা; দুৱাৰডলিৰ অতন্দ্ৰ প্ৰহৰী— জয় আৰু বিজয়৷ বিন্ধা বাঢ়িলে কেৰেচীয়া হয় নঙলা৷ সংগোপনে বাঢ়ে আৱেগৰ ভৰ৷ পচা নঙলাই নোৱাৰে সহিব৷ খণ্ড-বিখণ্ড… জৰাসন্ধ৷ পচি হেলেকা হয় তামোলৰ খুঁটা৷ তথাপি সি যে সাক্ষী— মনৰ, বাসনাৰ, হেঁপাহৰ আৰু ভৰ ব’ব নোৱৰা আৱেগৰ৷ আইৰ পদূলিত সাক্ষী-গোপাল এতিয়াও সেই নঙলা দুডাল৷ আয়ে কৈছিল— মনটোক বান্ধি ৰাখিবি৷ এৰাল ছিগা মন৷ সৰকি যাবলৈ কেতপৰ? লৌহ-কপাটে বান্ধিব নোৱৰা মন… থমকি ৰয় কেৰেচীয়া নঙলাত৷

(৩) পান্থ

এইখিনিতে আছিল বাঁহনিখন৷ মূধচৰ তৰাবোৰ নামি আহিছিল সাঁজ লাগি ভগাৰ পাছত৷ বাঁহনিৰ এন্ধাৰত জিলমিল এমুঠি তৰা৷ তৰাবোৰে বগুৱা বাইছিল… তলুৱাত, আৱৰণত নে মনত! বুকুৰ ভিতৰত ৰৈ ৰৈ বাজি থকা এটি বাঁহফলীয়া বিননি৷ হেঁপা-শিয়ালৰ আটাহ৷ আকৌ ফুলিছে এটি তৰাবুলীয়া সপোন৷ ক’ৰেনো পথিক তই… কঢ়িয়ালি ওৰেটো পথ শ্ৰৱণৰ ভাৰ হেন জীৱন৷ শুনিছনে বাৰু তই পথৰুৱা মনৰ বিননি৷ নিশাৰ জাৰণি ভেদি ৰৈ ৰৈ ভাহে কেতেকী ফুলাৰ সেই বিৰহী গান৷ এমুঠন হিয়া, কাঁইটীয়া আঁচোৰ৷ দীঘলীয়া গোমৰ পিঠিত বন-শিৰিষৰ ছাঁ৷ সুৰুঙাৰেই দেখ তই ৰূপোৱালী সপোন৷

লেখকৰ ঠিকনা :

সহকাৰী অধ্যাপক

পদাৰ্থ বিজ্ঞান বিভাগ

জগন্নাথ বৰুৱা মহাবিদ্যালয়; যোৰহাট – ১

ভ্ৰাম্যভাষ—  ৯৭০৬২০৫০৭১, ৮৬৩৮১৬৭৬৩০

Visited 4 times, 1 visit(s) today
Last modified: May 12, 2025
Close Search Window
Close