Written by 4:28 am Poems

ছাতি ফুলা বতৰ

নীলাভ সৌৰভ

ছাতি ফুলিবলৈ বতৰ লাগে

শীতত নুফুলিলে ইমান একো ক’ব লগা নাথাকে

কেৱল নপৰে

পৃথিৱীখন যদি ঘুৰি আছে তলৰপৰা ওপৰলৈও উঠে বৰষুণ

কেৱল নপৰে প্ৰেমতো

প্ৰেমত যদি ঘুৰি আছে ভূমণ্ডল প্ৰেমত উঠেও মানুহ

দুৱাৰ খিৰিকি খুলি থ’লে জাৰৰ দিনৰ বৰষুণত কঁপি উঠে মজিয়াৰ মেকুৰী উম

কুকুৰা চৰাইৰ ঘৰ

জপাই থ’লে নেদেখি পৃথিৱীৰ ৰোমান্তিক ৰং

কাঁচৰ দুৱাৰ খিৰকি নথকা আধুনিকতাই ঘাঁ ইলেক্ট্ৰনিক বৰষুণ পৰি জাতিলাউৰ পৃথিৱীত

এখন কাঠৰ, লগতে এখন কাঁচৰ, লগতে এখন নেটৰ, লগতে এখন পৰ্দা

এইবোৰ ব্যৱস্থাপনাৰ মাজত বৰষুণ চোৱাৰ আমেজেই বেলেগ৷

বৰষুণৰ শুই শুই আমনি৷ যেতিয়াই তেতিয়াই পৰে৷ উঠে৷

তিতা ৰ’দে শুকুৱাই আছিল জাবৰ৷ অপ্ৰয়োজনৰ জ্বালা ইমানতেই যে প্ৰয়োজনৰ পৰাই তাৰ জন্ম৷

বেছিখিনি অপ্ৰয়োজনীয় প্ৰয়োজনত জাবৰ পৰিছে৷ ডাৱৰ গলিছে৷

বৰষুণ কি বুঢ়ী তিৰোতা

ডাৱৰ হৈ নামি অহা কামিনী ছোৱালী বাবেই বৰষুণকলৈ পাগল ডেকা সমদল৷

কেঠা খেৰ তুঁহৰ লগতে এটাকৈ গেছৰ টেবলেট

অথবা গৰমচোলা চিৰাভজা আৰু বমিৰ দৰৱ বিচাৰি শীত আহে নিগনি গাতেদি

আৰু বৰষুণ মজিয়াৰ ফুল

ধনীৰ ঘৰত কৌষ্ঠকঠিন্যৰ ঔষধ আছেই

চৰকাৰ শুই থাকিব পাৰে৷ বাহিৰত বৰষুণ৷ বাহিৰত খুউব ঠাণ্ডা৷

মানুহ শুৱে কেনেকৈ৷ বাহিৰত বৰষুণ৷ ভিতৰত খুউব ঠাণ্ডা৷

ভোকতকৈ শীতৰ জুইকুৰা তীব্ৰ৷ তলপেটৰ লগত হাড়ৰ বিষ যোগ

শীততকৈ বেছি কামভাবত বৰষুণৰ উত্তাপ বাঢ়ে

এটা দুৰসংযোগৰ টাৱাৰত উঠি গুচি যায় নাবিক সূৰ্য

তিতি থকা নাৰিকল গছজোপা নায়িকা বৰষুণ৷৷

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 7, 2025
Close Search Window
Close