Written by 3:30 am Articles

‘চৰিত্ৰ পাঠ’ৰ পুনৰ্মুদ্ৰণ

শিশুসকলকে মানৱ সমাজৰ ভৱিষ্যৎ বুলি এষাৰ কথা সততে কোৱা হয় যদিও আমি দেখি আহিছোঁ যে সমাজৰ আটাইতকৈ গুৰুত্ব নিদিয়া মানৱ সম্প্ৰদায়টো হৈছে শিশুসকল৷ অভিভাৱকসকলে নিজ নিজ সন্তানৰ শাৰীৰিক সুস্থতা আৰু মানসিক সক্ষমতা বৃদ্ধিৰ প্ৰতি সাধাৰণতেই সজাগ হোৱা আমি দেখি আহিছোঁ৷ কিন্তু শিশুসকলক যদি সামগ্ৰিকভাৱে এক বিশেষ মানৱ সম্প্ৰদায় বুলি ধৰি লওঁ তেন্তে সমগ্ৰ সম্প্ৰদায়টোৰ সকলো দিশৰ উন্নয়নৰ হকে আমাৰ সন্মুখত কোনো পৰিকল্পনা অথবা আঁচনি যে নাই সেইটো জলজল-পটপটকৈ প্ৰমাণিত৷ বিশেষকৈ আমাৰ দেশখনত পৰিকল্পিতভাৱে শিশুসকলক মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈ একো কাৰ্যকৰী ব্যৱস্থা নাই৷ তাতকৈও সৰু পৰিসৰলৈ আহি আমি আমাৰ ৰাজ্যিক স্তৰত ভাবি চালেও একেখন চিত্ৰকে দেখোঁ৷ আমাৰ ৰাজ্যখনৰ প্ৰাথমিক স্তৰৰ শিক্ষা ব্যৱস্থাত নিয়োজিত শিক্ষকসকলৰ বৌদ্ধিক-মানসিক স্তৰৰ বিশেষ পৰীক্ষণৰ ব্যৱস্থা নাই৷ তদুপৰি শিশুৰ মনস্তত্ত্বৰ সৈতে তাল মিলাই কৌশলেৰে তেওঁলোকৰ মানসিকতাক জীৱন-জগতৰ প্ৰতি অনুসন্ধিৎসু কৰি তোলাৰ শিক্ষা প্ৰদানৰ ব্যৱস্থা আমাৰ ইয়াত নাই৷ কেৱল বছৰেকৰ মূৰত অনুষ্ঠিত পৰীক্ষা বোলা চিৰাচৰিত কাণ্ডটোত অংশগ্ৰহণ কৰি সৰ্বোচ্চ নম্বৰ বা মূল্যাংক লাভ কৰা শিশুজনকে আমি ‘ভাল’ ল’ৰা বা ছোৱালী বুলি একোখন প্ৰমাণপত্ৰ প্ৰদান কৰোঁ তেওঁলোকৰ সেই বয়সত, যি বয়সত তেওঁলোকে নম্বৰ বা মূল্যাংক বুলিলে একো বুজি নাপায়৷

লাহে লাহে তেওঁলোকে ভাল মূল্যাংকৰ অধিকাৰী হ’বলৈ যত্ন কৰে, কাৰণ তেওঁলোকক তেনেকৈয়ে আমি ডাঙৰ হ’বলৈ শিকাওঁ৷ কিন্তু মানৱ জীৱনৰ লক্ষ্য, উদ্দেশ্য, মানুহ হিচাপে কৰিবলগীয়া কাম-কাজৰ মৰ্যাদা, আত্মসন্মান, আনৰ প্ৰতি ব্যৱহাৰ, সমাজবোধ, সহনশীলতা আদি মানুহৰ বাবে দৰকাৰী বিশেষত্ববোৰ আহৰণ কৰিবলৈ আমি আমাৰ শিশুহঁতক নিশিকাওঁ বা শিকোৱাটো গুৰুত্বপূৰ্ণ বুলি নাভাবোঁ৷ আনহে নালাগে আমি আমাৰ সন্তানসকলক স্বাভাৱিকভাৱে, আৰু অধিক স্পষ্টকৈ ক’বলৈ হ’লে প্ৰাকৃতিকভাৱে ডাঙৰ হোৱাৰ সুবিধাৰ পৰা বঞ্চিত কৰোঁ৷

সাম্প্ৰতিক সময়ত ভাৰতবৰ্ষত শিক্ষাক ‘মানৱ সম্পদ’ গঢ় দিয়াৰ উপায় হিচাপে গণ্য কৰা হয়৷ পিছে ‘মানৱ সম্পদ’ মানে কি? দীৰ্ঘদিন ধৰি কৰা নেৰানেপেৰা শ্ৰমৰ ফলত একোজন ব্যক্তি সমাজ জীৱনক বিশেষ বিশেষ ক্ষেত্ৰত পথ নিৰ্দেশনা দিব পৰাকৈ মূল্যৱান মানুহ হৈ উঠে৷ তেনে লোককে প্ৰকৃততে মানৱ সম্পদ বুলিব পাৰি৷ কিন্তু এই শতিকাত সেইজনকহে মূল্যৱান মানৱ বুলি ধৰা হৈছে যিজনে যথেষ্ট সম্পদ অৰ্জন কৰিবলৈ সক্ষম হয় বা নেতিবাচক উপায়েৰে হ’লেও সমাজত প্ৰভাৱশালী লোক হিচাপে গণ্য হয়৷ সেয়েহে শেহতীয়াকৈ দেখা গৈছে যে আমি কি কৰিলে আমাৰ সন্তানসকলে সোনকালে ধন ঘটিব পৰা যোগ্যতা আহৰণ কৰিব, কি কৰিলে তেওঁলোক ‘আমাৰ’ মত’-ৰ অনুগামী হৈ উঠিব আদি দিশত গুৰুত্ব দি আমি তেওঁলোকৰ পাঠ্যক্ৰম প্ৰস্তুত কৰোঁ৷ একেদৰেই নিৰ্দিষ্ট সময়ৰ ব্যৱধানত অনুষ্ঠিত পৰীক্ষা বোলা ব্যৱস্থাটোত অংশগ্ৰহণ কৰি সৰ্বাধিক মূল্যাঙ্ক অৰ্জন কৰাটোৱেই ছাত্ৰ জীৱনৰ একমাত্ৰ লক্ষ্য হোৱা উচিত বুলিও আমি আমাৰ সন্তানসকলক পতিয়ন যাবলৈ বাধ্য কৰোঁ৷ এনে হোৱাৰ ফলত আমাৰ প্ৰায়সকল সন্তান নিজা নিজা বৃত্তিৰ ক্ষেত্ৰত একোজন সফল মানুহ হৈ উঠিলেও সমাজখনক সেৱা আগ বঢ়োৱাৰ দিশত তেওঁলোক সকলোৰে বিশেষ অৱদান নোহোৱা হৈ পৰিছে৷

পিছে যোৱা শতিকাৰ শেষ দশকৰ প্ৰথম বছৰটোলৈকে আমাৰ স্কুলীয়া পাঠ্যক্ৰম বেচ ভাৰসাম্যযুক্ত আছিল৷ তেতিয়া প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈ আছিল প্ৰাথমিক বিদ্যালয়, পঞ্চমৰ পৰা সপ্তমলৈ মধ্য ইংৰাজী বিদ্যালয় আৰু অষ্টমৰ পৰা দশমলৈ উচ্চ মাধ্যমিক বিদ্যালয়৷ আজিৰ দৰে ইনফৰ্মেশ্বন টেক্‌ন’ল’জিৰ কথা সেইকালত নাছিল আৰু সেয়েহে পাঠ্যক্ৰম আছিল সীমিত৷ সেই সীমিত পাঠ্যক্ৰমৰ মাজতো মানুহ ‘মানুহ’ হিচাপে গণ্য হোৱাৰ কিছুমান অলিখিত বিশেষত্বসম্বলিত পাঠ্যক্ৰম আমাৰ শিক্ষাৰ্থীসকলে পঢ়িবলৈ পাইছিল৷ তেনে পাঠ্যক্ৰমে শিক্ষাৰ্থীসকলক নিজৰ ঠাইখনৰ বিষয়ে, নিজৰ মানুহখিনিৰ বিষয়ে জনাৰ সুবিধা প্ৰদান কৰিছিল৷ ভূগোল বিষয়টোত প্ৰায়ে ‘কি, ক’ত, কিয় বিখ্যাত’ বোলা বাক্যাংশৰ যোগেদি নিজৰ চৌপাশৰ ঠাইবোৰৰ বিষয়ে, প্ৰকৃতিৰ বিষয়ে, প্ৰাকৃতিক সম্পদ আৰু সম্ভাৱনাৰ বিষয়ে জনাৰ সুযোগ দিছিল৷ তেনেকৈয়ে পঞ্চম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈকে শিক্ষাৰ্থীসকলে পঢ়িব লাগিছিল ‘চৰিত্ৰ পাঠ’ নামৰ এক পাঠ্যক্ৰম৷ সেই পাঠ্যক্ৰমক বহুতে ‘নীতিশিক্ষা’ বুলিও কৈছিল৷ পঞ্চম মানৰ বাবে ‘চৰিত্ৰ পাঠ’ পুথিখন ৰচনা কৰিছিল হৰেন্দ্ৰনাথ শৰ্মাই৷ তেখেত আছিল পাটাছাৰকুছি বিদ্যাপীঠৰ প্ৰতিষ্ঠাপক অধ্যক্ষ৷ ষষ্ঠ আৰু সপ্তম মানৰ কাৰণে ‘চৰিত্ৰ পাঠ’ কিতাপ আছিল এখন, দুটা খণ্ডত ভাগ কৰা৷ এইখন পুথি লিখিছিল কোকৰাঝাৰ কলেজৰ অধ্যক্ষ ৰমণীকান্ত শৰ্মাই৷ ‘চৰিত্ৰ পাঠ’ যিসকলে পঢ়াৰ সুবিধা পাইছিল, সেইসকলৰ কাৰণে শব্দ দুটাই এক বিশেষ তাৎপৰ্য বহন কৰে৷

সৌভাগ্যৰ বিষয় যে অধুনালুপ্ত এই বিষয়টোৰ পাবলৈ নোহোৱা হৈ অহা দুয়োখন কিতাপ একত্ৰিত ৰূপত পুনৰাই প্ৰকাশ কৰি উলিয়াইছে গুৱাহাটীৰ ‘আঁক-বাক’ প্ৰকাশনে৷ একত্ৰিতভাৱে সংকলিত পুথিখনৰ পাতনিৰ কথাখিনি সংকলক-সম্পাদক সৌমিত্ৰ যোগীৰ অনুমতিসাপেক্ষে পুনৰ প্ৰকাশ কৰা হ’ল৷

(সম্পাদনা কক্ষ, অন্যযুগ)

চৰিত্ৰ পাঠ : পাতনি 

সৌমিত্ৰ যোগী

সমাজ বা দেশৰ কল্যাণৰ নিমিত্তে প্ৰয়োজনীয়তাৰ কথা অহাৰ লগে লগে মানুহৰ পৰিচয়ো এক সম্পদ হিচাপেই৷ সাধাৰণ অৰ্থত আমি সকলো মানুহকে সম্পদ বুলি কওঁ৷ ‘মানৱ সম্পদ’৷ কিন্তু সকলো মানুহেই সম্পদ হ’বৰ যোগ্যনে? মানুহেই একমাত্ৰ সম্পদ, যি পৃথিৱীৰ আন আন সম্পদৰ ব্যৱহাৰৰ সম্ভাৱনাক চিনাক্ত কৰিব জানে আৰু মানুহৰ কল্যাণৰ নিমিত্তে ব্যৱহাৰ কৰে৷ কেৱল সেয়ে নহয়, মানুহে নিজৰ ভিতৰৰ সমস্ত শক্তি আৰু সম্ভাৱনাকো সঠিকভাৱে চিনাক্ত কৰি তাক সম্পদলৈ পৰ্যবসিত কৰে আৰু তেহে তেওঁ মানৱ সম্পদত পৰিণত হ’ব পাৰে, বা সম্পদ হোৱাৰ যোগ্যতা অৰ্জন কৰে৷ মানুহৰ কায়া এটা থাকিলেই তাক আমি সম্পদ বুলি নকওঁ৷ কিছুমান মানুহ সমাজৰ কাৰোৰে উপকাৰত নাহে৷ কিছুমান মানুহে উপকাৰ কৰাৰ পৰিৱৰ্তে সমাজ আৰু দেশৰ কেৱল অপকাৰ আৰু অন্যায়হে কৰে৷ সেইবোৰ সমাজ আৰু দেশৰ বাবে আপদ আৰু বিপদ৷ জন্মতে তেওঁলোক বেয়া হৈ জন্ম লোৱা নাই৷ চৌপাশৰ মানুহ আৰু পৰিৱেশেই এটি শিশুৰ সকলো সম্ভাৱনাক ধবংস কৰি আপদলৈ ৰূপান্তৰ কৰে৷ সম্পদে আপদ নিৰ্মাণ নকৰে, আপদেও সম্পদ নিৰ্মাণ নকৰে৷ সেইবাবে সকলো মানুহৰ বাবে জনাটো জৰুৰী যে এটি শিশুক আমি কিদৰে সম্পদলৈ পৰ্যবসিত কৰিব পাৰোঁ৷ এটি শিশুৰ সকলো সম্ভাৱনাক আমি কেনেকৈ সম্পদৰ ৰূপ দিব পাৰোঁ? আমাৰ শিক্ষা ব্যৱস্থাটো এতিয়া একেবাৰে নম্বৰ নিৰ্ভৰশীল৷ নম্বৰেই সফলতাৰ মাপকাঠী৷ যিয়ে যিমান বেছি নম্বৰ পায় সি সিমানেই সফল৷ শিক্ষানুষ্ঠান, চাকৰি, সা-সুবিধা সকলোতে তেওঁলোকে আগস্থান পায়৷ সেইটোকে সফলতা বুলি সমাজত এটা ধাৰণাও প্ৰতিষ্ঠা কৰা হৈছে৷ ইয়াকে দেখি সকলো অভিভাৱকে নিজৰ ল’ৰা-ছোৱালীক সেই সফলতাৰ প্ৰতিযোগিতাত ভাগ ল’বলৈ, দৌৰিবলৈ শিকাইছে৷ ল’ৰা-ছোৱালীয়েও নিজৰ সাধ্য অনুসৰি, প্ৰাণটাকি, প্ৰাণপণে, মৰণত শৰণ দি হ’লেও দৌৰিবলৈ চাইছে৷ এই দৌৰৰ প্ৰতিযোগিতাত ভাগ লৈ বহুতেই নিজৰ সম্ভাৱনা সম্পৰ্কে একো উপলব্ধি কৰিবলৈকে নাপায়৷ বহু অভিভাৱকৰেই নিজৰ ল’ৰা-ছোৱালীৰ সম্ভাৱনা সম্পৰ্কে একো ভাবিবলৈকে নহয় বা সময় আৰু সুবিধা নাপায়, অথবা নাজানেও৷ ফলত সমাজৰ এটা বৃহৎ অংশই সম্পদ হোৱাৰ সম্ভাৱনাক সম্পদলৈ পৰ্যবসিত কৰিব নোৱাৰে৷ ফলত আমি লাহে লাহে লাভ কৰিবলৈ ধৰিলোঁ কিছুমান ৰোগাক্ৰান্ত সম্পদ৷ যিবোৰ দেখাত বিশাল বিশাল সম্পদ যেন লাগে অথচ বহু সময়ত তেওঁলোক মানুহৰ কাৰণে এক প্ৰকাৰৰ বিপদৰো কাৰণ৷ সেই কাৰণেই লাহে লাহে সমাজত দুৰ্নীতি-অনিয়ম বাঢ়িছে, অন্যায় আৰু অসুখ বাঢ়িছে, নিসংগতা আৰু হতাশা বাঢ়িছে, মানসিক ৰোগীৰ সংখ্যা দ্ৰুত গতিত ভয়াৱহ ধৰণে বাঢ়ি গৈছে৷ যিখন দেশত কেৱল ডিগ্ৰী সংগ্ৰহৰ বাবেহে শিক্ষাগ্ৰহণ কৰা হয়, যিখন দেশত জ্ঞানৰ সাধনা নহয়, তেনে দেশত নিৰোগ মানৱ সম্পদ আশা কৰিব পাৰি জানো? সমাজৰ একাংশ সচেতন মানুহ, শিক্ষিত অভিভাৱক, শিক্ষক-অধ্যাপক, লেখক-শিল্পীৰ প্ৰচেষ্টাত এতিয়াও সম্পদ গঢ়াৰ আখৰা অব্যাহত আছে বাবেই সমাজখনো বাচি আছে৷ এতিয়াৰ পাঠ্যক্ৰমত কোনো নৈতিক শিক্ষা দিয়াৰ ব্যৱস্থা নাই৷ অথচ এখন সুস্থ সমাজ, এখন সুস্থ দেশ লাভ কৰিবৰ কাৰণে আমাৰ শিক্ষা ব্যৱস্থাত ইয়াৰ খুব প্ৰয়োজন আছিল৷ পাঠ্যক্ৰমে কোনো মানুহকে নৈতিকভাৱে সবল কৰি তুলিব নোৱাৰে, এনেকৈ ভবা মানুহো বহুতো আছে৷ কিন্তু পাঠ্যক্ৰমে কিছুমান কথা ল’ৰা-ছোৱালীক শিকাব পাৰে৷ অনুভূতিপ্ৰৱণ তথা সংবেদনশীল ছাত্ৰ-ছাত্ৰীক অনুভৱ কৰিবলৈ, ভাবিবলৈ ভাল কিতাপ তথা পাঠ্যক্ৰমে চিন্তাৰ খোৰাক দিয়ে৷ সৰু সৰু কথা কিছুমান শিকায়৷ ইয়াৰ ফলত সমাজখন একেদিনে পৰিৱৰ্তন হৈ নাযায় যদিও সমাজখনত সম্পদৰ সংখ্যা বাঢ়ে৷ সমাজখন নিয়ন্ত্ৰণত থাকে৷ ভাৰসাম্যহীন হৈ নাযায়৷

এটা সৰু উদাহৰণ দিয়াৰ লোভ উপজিছে৷ এদিন মই পৰিচিত পৰিয়াল এটাৰ সৈতে গাড়ীৰে গৈ আছোঁ৷ এঠাইত চাহ খাবলৈ ৰ’লোঁ৷ আমি ডাঙৰ তিনিজনে চাহ খাই গাড়ীত বহি থকা ছোৱালীজনী আৰু ঘৰৰ বনকৰা সহায়িকা ছোৱালীজনীৰ কাৰণে চকলেট দুটা কিনিলোঁ৷ গাড়ী চলিবলৈ ধৰিলে৷ সহায়িকা ছোৱালীজনীয়ে চকলেটৰ বাকলিটো গুচাই গাড়ীৰ গ্লাছখন নমাই বাহিৰলৈ পেলাবলৈ লওঁতেই ‘ক্লাছ থ্ৰী’-ত পঢ়া ছোৱালীজনীয়ে তাইৰ হাতখনত থাপ মাৰি ধৰিলে আৰু বাহিৰত পেলাবলৈ মানা কৰিলে৷ ভেবা লাগি চাই ৰোৱা ছোৱালীজনীক তাই বুজাই দিলে যে প্লাষ্টিক বা তেনে ধৰণৰ সহজে নপচা বস্তুবিলাকে কিদৰে আমাৰ পৰিৱেশ দূষিত কৰে৷ সেই কাৰণে তেনে বস্তু য’তে-ত’তে পেলাই ঠাইখিনি লেতেৰা কৰিব নালাগে আৰু পৰিৱেশটোও দূষিত কৰিব নালাগে৷ জাবৰ পেলোৱা ঠাইতহে সেইবোৰ পেলাব লাগে৷ 

সহায়িকা ছোৱালীজনীয়েই নহয়, আমি বহু শিক্ষিত মানুহেই য’তে-ত’তে এনেকুৱা ধৰণৰ বস্তুবোৰ পেলাই ঠাইবোৰ লেতেৰা কৰোঁ আৰু সচেতনতাৰ অভাৱতে প্ৰকাৰন্তৰে পৰিৱেশ প্ৰদূষণত হাত উজান দিওঁ৷ কিন্তু এই সৰু ছোৱালীজনীৰ কাৰণে এই কথাখিনি সম্ভৱ হৈছে তাই পাঠ্যক্ৰমত পঢ়িবলগা হোৱা ‘ই ভি এছ’ বিষয়টোৰ কাৰণে৷ পৰিৱেশটো প্ৰদূষিত হোৱা মানে সকলো মানুহৰে ক্ষতি আৰু সেই সকলো মানুহৰ মাজত যে তায়ো আছে, তাইৰ মৰমৰ ককায়েক, মাক-দেউতাক, ককাক-আইতাক, তাইৰ স্কুলৰ প্ৰিয় বন্ধু আৰু বান্ধৱীবোৰ আছে— এই কথাটোৱে তাইৰ কুমলীয়া মনটোত প্ৰভাৱ পেলাইছে আৰু এক সচেতনতা সৃষ্টি কৰিছে৷

আগতে ছেবাৰ পাঠ্যক্ৰমত মাধ্যমিক পৰ্যায়ত, পঞ্চমৰ পৰা সপ্তম শ্ৰেণীলৈকে পাঠ্যপুথি প্ৰণয়ন নিগমে প্ৰকাশ কৰা ‘চৰিত্ৰ পাঠ’ নামৰ কিতাপখন পঢ়িব লাগিছিল৷ ছাত্ৰ-ছাত্ৰীক নৈতিকতাৰ পাঠ শিকোৱাৰ ক্ষেত্ৰত কিতাপখনৰ যথেষ্ট ভূমিকা আছিল৷ এতিয়াও বহুতে কিতাপখনৰ নাম উচ্চাৰণ কৰে৷ যেতিয়াই সমাজলৈ সংকট আহে, সংকট নিৰাময়ৰ প্ৰসংগ আহে, তেতিয়াই পাঠ্যক্ৰমত নীতিশিক্ষাৰ কথা উচ্চাৰণ কৰা হয়৷ বহুতে নিজৰ লেখা-মেলাত ‘চৰিত্ৰ পাঠ’ কিতাপখনৰ নাম উল্লেখ কৰা দেখোঁ৷ এই কিতাপখন আমিও পঢ়িছিলোঁ৷ জনা হোৱাৰে পৰা সন্মুখীন হোৱা বিভিন্ন ঘটনাৰ ব্যাখ্যা-বিশ্লেষণ কৰোঁতে প্ৰায়ে এই কথা মনলৈ আহে যে এই কামটোক মই বেয়া বুলি গণ্য কৰাৰ আঁৰত শৈশৱ-কৈশোৰতে গঢ় লোৱা সেই ভেঁটিটো৷ যিটো কাম আনে সংঘটিত কৰিলে— যিটো কামক মই বেয়া, অন্যায়, অপকাৰী বুলি গণ্য কৰিছোঁ, গৰিহণা দিছোঁ, যিটো কাম মই নিজে কোনো কাৰণতে, কোনো পৰিস্থিতিতে নকৰোঁ, সেইটো কাম তেওঁ কিয় কৰিলে?

এটা উদাহৰণৰ সহায় লওঁ৷

এখন অতিকে পিছপৰা ঠাই৷ ডাঙৰ খেলপথাৰ এখনৰ সৈতে এটা প্ৰকাণ্ড চৌহদৰ এফালে অৱস্থিত এখন চৰকাৰী মাধ্যমিক বিদ্যালয়৷ গোটেই চৌহদটোত গছ-গছনি তেনেই কম৷ বিশ্ব পৰিৱেশ দিৱসৰ দিনা কেইজনমান উদ্যমী ছাত্ৰই ঘৰৰ পৰা বিভিন্ন গছৰ পুলি আনি বিদ্যালয় চৌহদত আটাইবোৰ ল’ৰা-ছোৱালীৰে মিলি ৰুলে৷ এজন ছাত্ৰই ঘৰৰ পৰা দুটা নাৰিকলৰ পুলি আনিছিল, সেই দুটা বিদ্যালয়খনৰ পদূলিৰ দুয়োফালে ৰুলে৷ ছাত্ৰজনে কল্পনা কৰি ল’লে যে ডাঙৰ হ’লে নাৰিকল গছ দুডালে পদূলিটোত ৰখীয়াৰ দৰে থিয় হৈ থাকি ঠাইখিনিৰ শূন্যতা আঁতৰোৱাৰ উপৰি চৌহদটোৰ শোভাবৰ্ধন কৰিব৷ 

শিক্ষকৰ পৰামৰ্শ আৰু তদাৰকীত পুলিবোৰ গৰু-ছাগলীয়ে অনিষ্ট কৰিব নোৱৰাকৈ বাঁহৰ কাঠী-কামীৰে ঘেৰি দিয়া হ’ল৷ পুলি ৰোৱাৰ সময়ত পানী দিয়া ল’ৰা-ছোৱালীখিনিয়ে একেই উদ্যমেৰে সদায় পুৱা আহি পুলিখিনিয়ে সঁজাল ধৰালৈকে পানী দিয়াৰ দায়িত্বও ল’লে৷ তাৰ পাছত সকলোৱে আনন্দমনে ঘৰাঘৰি গ’ল৷ পিছদিনা পুৱা আহি সিহঁতে দেখিলে— নাৰিকলৰ পুলি দুটা, লিচু, আম আদি ফলৰ পুলিকেইটা নাই, কোনোবাই উঠাই লৈ গৈছে৷ যিকোনো বয়সৰ, যিকোনো এজন বিবেকৱান মানুহেই এইটো বুজি পাব যে এনেদৰে পুলিখিনি উঠাই নিয়া কামটো উচিত হোৱা নাই৷ উচিত হোৱা নাই বুলি ভবাৰ সময়তো আমি এই কথা নিশ্চিত যে পুলিবোৰ উঠাই নিয়া মানুহজনে নিশ্চয় নিজৰ ঘৰত ৰুবলৈকে নিছে৷

এই ঘটনাটো বিশ্লেষণ কৰিলে আমি কেইবাটাও কথা দেখা পাওঁ৷

গছপুলি ৰোৱাটো ভাল কথা৷ কিন্তু তেওঁ বিদ্যালয় চৌহদৰ পৰা পুলিকেইটা উঠাই নিয়াটো অতিপাত বেয়া কথা, অতিকে অন্যায় কথা৷ বিদ্যালয়খন হৈছে সকলোৰে৷ বিদ্যালয়খন, ইয়াৰ চৌহদটো ভালকৈ ৰখাটো আমাৰ সকলোৰে কৰ্তব্য৷ ইয়াত ৰোপণ কৰা গছকেইডালৰ পৰা পাছৰ প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকল আৰু সামগ্ৰিকভাৱে সকলোৱে উপকৃত হ’লহেঁতেন৷ তাকে নকৰি ৰাজহুৱা সম্পদ হোৱাৰ সম্ভাৱনা থকা পুলিকেইটা উঠাই নি ব্যক্তিগত লাভালাভৰ বাবে ৰোপণ কৰা হ’ল৷ তেওঁ নিজৰ বাৰীত ৰোপণ কৰিবৰ কাৰণে নাৰিকল বা আম-লিচুৰ পুলি সংগ্ৰহ কৰিবলৈ বিভিন্ন সৎ উপায় আছিল৷ এই পুলিকেইটা একো দুৰ্লভ প্ৰজাতিৰ নহয়৷ অতি কম পইচাত বজাৰত কিনিবলৈ পোৱা যায়, কোনোবা মানুহৰ ঘৰত খুজিলেও পায়৷ কিন্তু তাকে নকৰি তেওঁ বিদ্যালয় চৌহদত কোনো মানুহ নোহোৱাৰ সুযোগ গ্ৰহণ কৰি পুলিকেইটা চুৰ কৰি আনিলে৷ এই কথাটোৱে ছাত্ৰ-ছাত্ৰীসকলৰ কুমলীয়া মনটোত কেনে ধৰণৰ প্ৰভাৱ পেলালে? সিহঁতৰ সন্মুখত কি ধৰণৰ আদৰ্শ বা দৃষ্টান্ত দাঙি ধৰা হ’ল? আমাৰ মনলৈ এই ঘটনাটোৱে এনেকৈয়ে নানান প্ৰশ্নৰ আমদানি কৰে৷ ইয়াৰ পৰা এই কথাটোও স্পষ্ট হ’ল যে কিছুমান কাম দেখাত ভাল হ’লেও কামটো বেয়া পথেৰে কৰা কাৰণে কামটোৰ মাজত থাকিবলগা মহত্ত্বটো লোপ হ’ল৷ যিবোৰ কামে আন দহজনৰ উপকাৰ নকৰে, সমাজৰ ক্ষতি কৰে তেনে কাম মানুহে কিয় কৰে?

এতিয়া আমি নিজকে এই প্ৰশ্ন কৰা দৰকাৰ যে মানুহজনে বিদ্যালয় চৌহদৰ পৰা পুলিকেইটা কিয় চুৰ কৰি নিলে? তেওঁ কৰা কামটো ভাল নে বেয়া, সেইটো বিবেচনা কৰিবলৈ শক্তি নথকাৰ বাবেহে এই কামটো কৰিলে নেকি? নিশ্চিতভাৱে তেওঁৰ কিবা এটা ‘বস্তু’-ৰ অভাৱ, যাৰ কাৰণে তেওঁ পুলিবোৰ চুৰ কৰিছিল আৰু সেই ল’ৰা-ছোৱালীবোৰৰ মাজত ‘কিবা এটা’ আছিল, যাৰ কাৰণে নিজৰ ঘৰৰ বাৰীৰ পৰা পুলি এটা আনি বিদ্যালয় চৌহদত ৰোপণ কৰিছিল৷ এতিয়া আমি ভাবি উলিয়াব লাগে এই ‘বস্তু’-টো কি? ক’ৰ পৰা পাওঁ আমি, কিহে দিয়ে এই কিবা ‘বস্তু’-টো?

ঠিক একে ধৰণৰ ঘটনা কিছুমানৰ আমি প্ৰায়ে মুখামুখি হওঁ৷ 

মই এনেকুৱা বহুত শিক্ষিত মানুহ দেখিছোঁ— যিয়ে ৰাস্তাৰে গাড়ী চলাই গৈ থাকোঁতে ছাইৰেন বজাই আহি থকা মন্ত্ৰী বা তেনে ভি আই পি গাড়ীৰ কনভয় পাৰ হৈ যাবলৈ সহজতে ৰাস্তা এৰি দিয়ে অথচ ছাইৰেন বজাই অহা এম্বুলেঞ্চ এখনক বাট এৰি নিদিয়ে৷ অথচ অতি সংকটজনক অৱস্থাৰ ৰোগীকহে এম্বুলেঞ্চত কঢ়িয়াই অনা হয় বুলি আমি সকলোৱে জানো৷ কিন্তু আমি এম্বুলেঞ্চখনক বাট এৰি নিদিয়াৰ কাৰণে যে ৰোগীজন মৃত্যুমুখতো পৰিব পাৰে সেই কথাটো নাভাবোঁ৷

তাজমহলৰ ধুনীয়া বেৰখনত দেখিছে অসংখ্য নাম৷ সেয়া কোনোবাই পেঞ্চিল জাতীয় কিবাৰে লিখি থৈ আহিছে৷ কি কথা লিখি থৈ আহিল? হয় অশ্লীল কথা, নহয় নিজৰ বান্ধৱীৰ নাম৷ যেন ছাহজাহানে মমতাজৰ নামত তাজমহল বনোৱা নাই, তেওঁহে বান্ধৱীৰ নামত বনাইছে৷ ৰংঘৰ নে তলাতল ঘৰতো একেই পৰিস্থিতি দেখিলোঁ৷

মই বগা ৰঙৰ গাড়ীখন ৰাস্তাৰ দাঁতিত ৰখাই থৈছোঁ৷ আন্ধাৰৰ সুযোগ লৈ কোনোবাই তামোল বা পাণৰ পিকখিনি বগা গাড়ীখনত পেলাই গুচি গৈছে৷

মহিলা আৰু পুৰুষৰ বাবে ৰখা ৰাজহুৱা প্ৰস্ৰাৱগাৰৰ বেৰখনত দুনীয়াৰ অশালীন শব্দ লিখি থৈ গুচি গৈছে৷ আন বাটৰুৱা পাৰ হৈ যাব লগা বাটটোৰ কেঁকুৰিত গাড়ী এখন পাৰ কৰাই নিব নোৱৰাকৈ বাইক বা অন্য কিবা বাহন এখন থিয় কৰাই থৈ গৰাকীজনে আঁতৰত ৰৈ চিগাৰেট হুঁপি হুঁপি থিয় হৈ আছে৷ ৰাস্তাৰ দাঁতিলৈ চপাই নোথোৱা গাড়ীখনৰ কাৰণে গোটেই ৰাস্তাটোত যানজঁট হৈছে৷ ইয়াৰ কাৰণে বহু মানুহেই অসুবিধা ভোগ কৰিছে৷

কাষৰ ঘৰৰ ল’ৰাটোৰ পৰীক্ষা৷ ইঘৰে খুব ডাঙৰ ভলিউমত গান বজাইছে৷ এইটো দৃশ্য গাঁওবিলাকত অতিকে সুলভ৷ চহৰ বা মহানগৰ অঞ্চলত মানুহ ভাড়াঘৰত থাকিবলগা হয়৷ ভাড়াঘৰবিলাক সাধাৰণতে খুব থেপাথেপিকৈ থাকে৷ তেনে অৱস্থাত নিজৰ ঘৰৰ টিভিৰ ভলিউমটো বেছিকে দি কোনোবাই চিনেমা বা গান চলাই ৰাখিলে তেনেই কাষৰ কোঠাটোত পঢ়ি থকা ল’ৰা বা ছোৱালীজনীয়ে পঢ়াত মনোযোগ দিব পাৰিবনে?

কেতিয়াবা আমি বাতৰি কাকত বা নিউজ চেনেলত কিছুমান মৰ্মান্তিক খবৰ পঢ়িবলৈ বা দেখিবলৈ পাওঁ— নিজৰ সন্তানেই বৃদ্ধ মাক বা দেউতাকক বাটত বা কোনোবা অচিন ঠাইত এৰি থৈ গৈছে৷ কিছুমানে ঘৰৰ পৰা উলিয়াই পঠিওৱা ঘটনাও পঢ়িবলৈ বা দেখিবলৈ পাওঁ৷ কেনেকুৱা ধৰণৰ মানসিকতা হ’লে নিজৰেই সন্তানে পিতৃ-মাতৃক এনেকুৱা অৱস্থাৰ মাজলৈ ঠেলি দিব পাৰে?

এনেকুৱা সৰু সৰু আৰু উল্লেখ নকৰা ডাঙৰ ডাঙৰ ঘটনা কিছুমান সদায়ে ঘটি আছে, যিবোৰ আপুনি দেখি আছে, চাই আছে৷ আৰু এই সৰু সৰু কথা বা ঘটনাবোৰকে সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিলেই আমাৰ সন্মুখৰ মানুহজনৰ কি নাই বা তেওঁৰ কোনটো ‘বস্তু’-ৰ অভাৱক আমি তেওঁৰ ভুলৰ কাৰণ হিচাপে চিহ্নিত কৰিছোঁ সেইটো সঠিকভাৱে উলিয়াই লৈ সেই ‘বস্তু’-টো আমাৰ নিজৰ মাজত আছে নে নাই তাৰ সন্ধান কৰিলেই আমি আমাৰ শুধৰণিৰ বাট বিচাৰি পাওঁ৷

এনেকুৱা প্ৰসংগবোৰত সদায়ে, বাৰে বাৰে ‘চৰিত্ৰ পাঠ’-ৰ দৰে কিতাপ এখনৰ কথাই মোৰ মনলৈ আহে৷ মই বিশ্বাস কৰোঁ যে ‘চৰিত্ৰ পাঠ’ নামৰ এই কিতাপখনৰ মাজত ল’ৰা-ছোৱালীক, এনেকি সকলো মানুহকে মহাজীৱনৰ আখৰা শিকোৱাৰ শক্তি আছে৷ ‘চৰিত্ৰ পাঠ’ নামৰ এই কিতাপখনে সম্পদ হোৱাৰ সম্ভাৱনা থকা ল’ৰা-ছোৱালীক মানুহ হ’বলৈ শিকায়৷ বহু দিন ভাবি-চিন্তি ইয়াকে পালোঁগৈ যে কিতাপখন সংকলন কৰি একেলগে পঢ়ুৱৈৰ বাবে উলিয়াই দিওঁ৷ অন্ততঃ মোৰ দৰে যিসকলে কিতাপখনৰ প্ৰয়োজনীয়তা অনুভৱ কৰে, তেওঁলোকে নিজে পঢ়াৰ উপৰি, তেওঁলোকৰ ল’ৰা-ছোৱালী বা চৌপাশৰ মানুহৰ হাতত তুলি দিব পাৰিব৷ কিন্তু প্ৰকাশৰ প্ৰক্ৰিয়া আগ বঢ়াবৰ কাৰণে কিতাপখন পাবলৈকে নাই৷ তিনি বছৰমান বিভিন্ন উৎসত বিচৰাৰ পাছত এদিন ছ’চিয়েল মেডিয়া ‘ফেইচবুক’-ত এক আহ্বান জনালোঁ৷ এই আহ্বানৰ সঁহাৰি জনাই শিক্ষক তথা লেখক, উত্তৰ লখিমপুৰৰ প্ৰকাশ বৰপাত্ৰ গোহাঁই আৰু ডিগবৈৰ শিক্ষয়িত্ৰী আল্পনা শৰ্মাই কিতাপখন মোলৈ প্ৰেৰণ কৰিলে৷ পিছে দুয়োখন কিতাপেই আছিল ‘চৰিত্ৰ পাঠ’-ৰ হৰেন্দ্ৰনাথ শৰ্মাই লিখা প্ৰথম ভাগটোহে৷ বহু দিনৰ পাছত গ্ৰন্থানুৰাগী ব্যক্তি শিৱসাগৰৰ গোবিন কোঁৱৰে দৃষ্টি আকৰ্ষণ কৰিলে নাৰায়ণপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক যোগেন তামুলীয়ে ‘চৰিত্ৰ পাঠ’-ক লৈ দিয়া এটা প’ষ্টৰ প্ৰতি৷ মই যোগেনদাক অনুৰোধ কৰাত তেওঁ ফট’ক’পি‍ কৰি কিতাপখন দিলে৷

হৰেন্দ্ৰনাথ শৰ্মা আছিল পাটাছাৰকুছি বিদ্যাপীঠৰ প্ৰতিষ্ঠাপক অধ্যক্ষ৷ কবি তথা প্ৰকাশক কমল কুমাৰ মেধিৰ প্ৰচেষ্টাত আৰু পাঠশালাৰ নিতুল কুমাৰ শৰ্মাৰ সহযোগিতাত তেওঁলোকৰ ধৰমতোলাৰ ঘৰ ওলালোঁগৈ৷ তেখেতৰ পুত্ৰ উমেশ চন্দ্ৰ শৰ্মাই আমাৰ পৰিকল্পনাৰ কথা জানি সানন্দে অনুমতি দিলে৷ মই তেখেতৰ লগতে পৰিয়ালৰ আটাইৰে শলাগ ল’লোঁ৷ একেদৰে দ্বিতীয় ভাগ তথা ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ বাবে পঢ়িবলগা পাঠখিনি লিখিছিল কোকৰাঝাৰ কলেজৰ অধ্যক্ষ ৰমণীকান্ত শৰ্মাই৷ তেওঁৰ ইতিমধ্যে দেহাৱসান ঘটিছে৷ বহু চেষ্টা কৰিও তেওঁলোকৰ পৰিয়ালৰ কাকো উলিয়াবগৈ নোৱাৰিলোঁ৷ তেওঁলোককো আনুষ্ঠানিকভাৱে শলাগ জনাব পৰা হ’লে মই সুখবোধ কৰিলোঁহেঁতেন৷ আশা কৰিছোঁ, ভৱিষ্যতে কোনোবা সুধীজনৰ প্ৰচেষ্টাত তেওঁলোকৰ সন্ধান পাবলৈ সক্ষম হ’ম৷ এই ছে‍গতে কিতাপখন প্ৰকাশৰ ক্ষেত্ৰত সহায় লাভ কৰা আটাইকেইজনকে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ৷

পঢ়ুৱৈৰ সুবিধা হোৱাকৈ কিতাপখন একত্ৰে প্ৰকাশ কৰাৰ সিদ্ধান্ত ল’লোঁ৷ মূল পাঠৰ ক’তো একো সম্পাদনা কৰা নাই৷ প্ৰকাশনৰ নিজা বানান পদ্ধতিমতে কিতাপখন ছপা কৰা হৈছে৷ সমাজ তথা দহৰ কিবা কামত আহিব বুলিয়ে কিতাপখন প্ৰকাশৰ কথা ভাবিছিলোঁ, কাৰোবাৰ কিবা কামত অহা বুলি ভৱিষ্যতে গম পালে সুখবোধ কৰিম৷

চৰিত্ৰ পাঠ

হৰেন্দ্ৰনাথ শৰ্মা

ৰমণীকান্ত শৰ্মা

সংকলন আৰু সম্পাদনা : সৌমিত্ৰ যোগী

আঁক-বাক, ৩/উপপথ নং ৫, নতুন শৰণীয়া, গান্ধীবস্তি, গুৱাহাটী – ৩

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

Visited 3 times, 1 visit(s) today
Last modified: May 25, 2025
Close Search Window
Close