Written by 11:53 am Articles

চৰাই চিনো আহক – ৩

 হেমন্ত গগৈ

অসমীয়া নাম : ম’ৰা চৰাই

ইংৰাজী নাম : Indian Peafowl/Common Peafowl

বৈজ্ঞানিক নাম : Nycticebus bengalensis

সংৰক্ষণ স্থিতি : নূন্যতম চিন্তনীয় (Least Concern) 

ম’ৰা চৰাই ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় চৰাই। এইবিধ চৰাই কেৱল ভাৰতীয় উপ-মহাদেশতহে পোৱা যায়। আকাৰত ডাঙৰ এই চৰাইবিধৰ মতা আৰু মাইকী চৰাইৰ মাজত চকুত লগা পাৰ্থক্য আছে। মতা চৰাইটো উজ্জ্বল নীলা বৰণৰ আৰু মাইকীজনী মুগা বৰণৰ। মাইকী চৰাইজনীৰ ডিঙিটো সেউজীয়া ৰঙৰ। সংগমৰ বাবে মতা চৰাইটোৱে মাইকীজনীক আকৰ্ষিত কৰিবলৈ নিজৰ পাখিবোৰ মেলি ধৰে। ইয়াকে ম’ৰাই চালি ধৰা (Courtship Display) বুলি কয়। ম’ৰাই ফল-মুল, জেঠি, সাপ আৰু বিভিন্ন কীট-পতঙ্গ খাই জীয়াই থাকে। ই উৰিব পাৰে যদিও সততে বাঘৰ চিকাৰ হোৱা দেখা যায়। কাৰণ বাঘে খেদি গলে ম’ৰাই উৰাৰ সলনি দৌৰি জীৱন ৰক্ষা কৰিবলে চেষ্টা কৰে। যাৰ ফলত অতি সহজতে বাঘে ইয়াক চিকাৰ কৰি খায়।

অসমৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত যথেষ্ট সংখ্যক ম’ৰা চৰাই দেখা যায়। ওপৰৰ ফটোখন মানাহ ৰাষ্ট্ৰীয় উদ্যানত লোৱা।

ঠিকনা :

গুৱাহাটী, অসম

দূৰভাষ : ৯৪৩৫১৪৩৮২২

Visited 4 times, 1 visit(s) today
Last modified: May 15, 2025
Close Search Window
Close