হেমন্ত কুমাৰ গগৈ

নাম: চাকৈ চকোৱা
ইংৰাজী নাম: Ruddy Shelduck, Brahminy Duck
বৈজ্ঞানিক নাম: Tadorna ferruginea
সংৰক্ষণ স্থিতি: নূন্যতম চিন্তনীয় (Least Concern)
এই চৰাইবিধ শীতকালত অসমৰ নদ নদী আৰু খাল বিল সমূহৰ পাৰত সততে দেখা পোৱা যায়। সাধাৰণতে যোৰ পাতি থকা চাকৈ চকোৱা এবিধ পৰিভ্ৰমী চৰাই। দক্ষিণ-পূব ইউৰোপ আৰু মধ্য এচিয়াত প্ৰজনন কৰা এইবিধ চৰাইয়ে শীতকালটো ভাৰতীয় উপমহাদেশত কটায়। দেখাত যদিও ধুনীয়া, ইয়াৰ মাতটো কিন্তু টান আৰু হুটা। আমাৰ পুৰণি বিহুনামত চাকৈ চকোৱাৰ উল্লেখ আছে। ওপৰৰ চিত্ৰখন সোৱনশিৰিৰ পাৰত তোলা।
ঠিকনা:
গুৱাহাটী
Visited 3 times, 1 visit(s) today
Last modified: May 15, 2025