Written by 6:37 pm Articles

চৰাই চিনো আহক – ১

 হেমন্ত কুমাৰ গগৈ


প্ৰকৃতিৰ ৰম্যভূমি অসম। এইখন অসমতেই বিভিন্ন প্ৰজাতিৰ ৰঙ বিৰঙৰ চৰাইৰ বাসস্থান। তাৰে কিছুমান স্থানীয় আৰু আন কিছুমান পৰিভ্ৰমী। সমীক্ষা মতে অসমত প্ৰায় ৯৫০ বিধ প্ৰজাতিৰ চৰাই পোৱা যায়। ভাৰতবৰ্ষত পোৱা সৰ্বমুঠ চৰাইৰ প্ৰজাতিৰ আধাতকৈ বেছি অসমত পোৱা যায়। এই লেখাৰ যোগেদি অসমত সততে দেখা চৰাইবোৰক পাঠকসকলৰ মাজত চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰা হৈছে।

অসমীয়া নাম: হাড়গিলা

ইংৰাজী নাম: Greater Adjutant Stork

বৈজ্ঞানিক নাম: Leptoptilos dubius

সংৰক্ষণ স্থিতি: বিলুপ্তপ্ৰায় (Endangered)

এসময়ত অসমৰ খাল-বিল, নদী-উপনদী সমূহত সততে দেখা পোৱা এবিধ চৰাই হল হাড়গিলা। দক্ষিণ এছিয়াত উপলদ্ধ এই চৰাইবিধৰ বৰ্তমানৰ আটাইতকৈ ডাঙৰ প্ৰজননথলী হৈছে অসম। শীতকালত প্ৰজনন কৰা এই চৰাইবিধ মাংসভোজী। ইয়াৰ অসমীয়া নামটোৱেই এই চৰাইবিধৰ খাদ্যাভ্যাসৰ উমান দিয়ে। খাল, বিল, পোতাশয়সমূহত হোৱা দ্ৰুত প্ৰদূষণৰ ফলত হাড়গিলাৰ জনসংখ্যা ক্ৰমান্বয়ে হ্ৰাস হবলৈ ধৰিছে। অতি দুখৰ বিষয় যে বৰ্তমান সমগ্ৰ বিশ্বজুৰি ইয়াৰ জনসংখ্যা এহেজাৰতকৈও কম। কিন্তু সুখৰ খবৰ যে এসময়ত হীন দৃষ্টিৰে চোৱা এই চৰাইবিধক লৈ বৰ্তমান অসমৰ ৰাইজ সজাগ হৈছে। ইয়াৰ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰেও বিভিন্ন ব্যৱস্থা হাতত লৈছে। গুৱাহাটীৰ দিপৰ বিল হাড়গিলাৰ এটা অন্যতম বাসস্থান। ওপৰৰ ফটোখন দিপৰ বিলত উঠোৱা।

ঠিকনা :

গুৱাহাটী
ভ্ৰাম্যভাষ : ৯৪৩৫১৪৩৮২২

Visited 4 times, 1 visit(s) today
Last modified: May 15, 2025
Close Search Window
Close