Written by 6:49 pm Articles

চ্যালুইনৰ পৰা লুইতলৈ chaluinar-pora-luitaloi-february-2022

 চন্দ্ৰধৰ চমুৱা   

(যোৱা সংখ্যাৰ পিছৰ পৰা)

সি ঠাই এখন পাইছে। নাম্‌-ৰুকতে খিলঞ্জীয়া প্ৰজাই কৈ পঠাইছিল- ভাটিলৈ এখন ভাল ঠাই আছে। তাৰে দুজনক লৈ আহি সি ঠাইখন উলিয়াইছেহি। সি চাৰিওফালে চাই পঠিয়ালে, ওচৰত তেনেকৈ গাঁও-ভূঁই নাই। ঠাইখন যথেষ্ট বাম যেনো লাগিছে।

সি হাতীৰ ওপৰৰ পৰা নামিল। কোমল মাটিৰ স্পৰ্শই তাৰ দেহ মনত এক পুলকৰ সৃষ্টি কৰিলে। আজি দিন্‌চিং মাহৰ বান্‌লেং বাৰ। ঠাইডোখৰত ঘূৰি পকি সি গছ-বনবোৰ চালে। অকণমান মাটি হাতৰ তলুৱাত লৈ মোহাৰি শুঙিলে। পুনৰ হাতীত উঠি মানুহ-দুনুহ লগত লৈ এটা আনুমানিক সমীক্ষা কৰিলে। কোনোবা কাহনিবাতে এচাম মানুহে খাই এৰি যোৱা মাটি বুলি অনুমান হয়। এতিয়া কোনো ঠাইতে খেতি-খোলাৰ চিন-চাব নাই। খাগৰি, ইকৰা, বিৰিণা আৰু তৰানিৰ মাজে মাজে গৰু-ম’হৰ দণ্ডি। অ’ত ত’ত দুই এজোপা ওখ গছ আছে। ঠায়ে ঠায়ে বেতনিও আছে। হাতী লৈ মহতিয়াই যাব পাৰি। নাম-ৰুকতে জানি বুজি আহিছে, এই দেশত যাৰে খেতি তাৰে মাটি। খেতি উঠাৰ পাছত কেতিয়াবা সেই মাটি বহুত দিন চন পৰি থাকে। আনে হাবি কাটি জুই লগাই মুকলি কৰি খেতি কৰিলেও আগৰজনে আপত্তি নকৰে। অৱশ্যে একোখন গাঁও বা একোটা গোষ্ঠীৰ একোটা সামূহিক এলেকা থাকে আৰু তাত সাধাৰণতে অন্য গাঁও বা গোষ্ঠীৰ লোকে খেতি-খোলা নকৰে।

ঠাইখন ঘূৰি পকি চাই-মেলি সি মন্তব্য কৰিলে: ‘তি-পাম’ (নৈৰ চাপৰি) ভাগৰি জুগৰি লগত ঘূৰা ফুৰা মানুহবোৰেও ক’লে; হয়, এটা ডাঙৰ আহল বহল তি-পাম।

“তেনেহ’লে ইয়াতে খেতি-বাতি কৰা য’ক।” সি প্রস্তাৱ কৰিলে।

“চাও-ফাৰ যি ইচ্ছা ।আমি ভালেই দেখিছো।” এজন পাইকে ক’লে।

“হয় চাও-ফা! নৰা দেশৰ পৰা অনা ধানৰ কঠীয়াৰে খাম্‌-য়াঙত খেতি কৰিলোঁ। এতিয়া খাম-য়াঙ্‌ৰ পৰা সেই কঠীয়া আমাৰ টোমত আহি আছে।” আন এজন পাইকে উৎসাহেৰে যোগ দিলে।

“আৰু যি দেখিছো-বুজিছো এইফালৰ মানুহবোৰে সিঁচা ধানৰ সেতিহে কৰে। এওঁলোকৰ মাটিবোৰো বামত” প্ৰথম জনে ক’লে৷

“আমি বিচাৰো দ ঠাই। এওঁলোকে বিচাৰে বাম!” বেলেগ এজনে ক’লে৷ “আৰু ইমান ঠাই ঘূৰি আহিলো, পথাৰত ক’তো ৰোৱা ধানৰ গোচা থকা নৰা নাপালো, গতিকে আলিদি পানী ৰাখি বোকা কৰি কঠীয়া ৰোৱা নিয়মটো এইফালে নায়েই যেন পাইছো।”

ছ্যুই পাইক মানুহজনৰ ফালে চালে, বুজিলে এওঁ ঠিকেই কৈছে। এই দেশত এতিয়াৰ পৰা নতুন প্ৰণালীৰে ধান খেতি আৰম্ভ হ’ব। এই তি-পামতে পোনপ্রথমে কৰা হ’ক সেই খেতি। সি মাটিবোৰৰ গুণাগুন আকৌ এবাৰ লক্ষ্য কৰিব খুজিলে । পাইক এজনে হাতত থকা দা খনেৰে বনৰ তলৰ পৰা এখামোচ মাটি উলিয়াই তাৰ হাতত দিলে। সি শুঙি চালে, মোহাৰি অকণমান জিভাৰে চাকিও চালে। তাহানি নাম্‌-মাও উপত্যকাত পোৱাৰ দৰে একে গোন্ধ, একে ৰস, একে বৰণ। বাটি এটাত কেইতোলামান মাটি পানীত গুলি ৰাখিলে। কিছু সময়ৰ মূৰত নিগৰাই পানীখিনি বাকিলে। পলসৰ সামান্য চামনি এটা পৰিলক্ষিত হ’ল,লগত আছে পচা উদ্ভিদ কিম্বা জীৱজন্তুৰ লাদৰ ক’লা ক’লা পদাৰ্থ-কণা। তাহানি ম’লুং পণ্ডিতে কৈছিল এইবোৰ যিকোনো শস্যৰ বাবে বৰ দৰকাৰী বস্তু। পণ্ডিতে নকলেও অৱশ্যে সি নিজে দেখিছে পচা গোবৰত কৰা লাই কেইজোপাৰ ছিৰি চেহেৰাই বেলেগ ৷ সি বাটিৰ তলত পৰি থকা মাটিখিনি পিটিকি চালে। অতি কম পৰিমাণৰ মিহি মিহি বালি আছে।

দ ঠাইৰ মাটি, কাৰো দখল নাই, কাৰো লগত ভেটা-ভেটি হোৱাৰ আশংকাও নাই, মাটিয়েও কৈছে, ইয়াত সুন্দৰ ধান খেতি হ’ব। বোকা কৰি কঠীয়া পাৰি ৰোৱা ধানৰ খেতি। সি মন্তব্য কৰিলে।

লগত থকা ম’লুংজনে মাটিত আঁক বাক কৰি চাই ক’লে যে ঠাইখন ভাল। তদুপৰি ইয়াৰ আশে পাশে পুৰণি তাই উপজাতীয় মানুহো আছে। মিলা-মিছা কৰি চলিবলৈও ভাল হ’ব।

আৰম্ভ হ’ল আয়োজন। ৰাজবাৰীৰ বাবে নিচান-খুটি পোতা হ’ল। ইয়াতেই পূৰ্ব পুৰুষ আৰু পুফিছু দেৱতালৈ পূজাভাগি আগবঢ়াব লাগিব।

++         ++          ++

শৰত আৰু শীত গৈ বসন্তকাল পালেহি ৷ দিন্‌-হা মাহ। চাংকেন উৎসৱ পাতিব লাগে। পূজা-উৎসৱৰ অংগ হিচাপে দুই পবিত্ৰ তুন-ৰং-ৰাই আৰু তুন্‌-চুঙ্‌ (বৰ আৰু আহত) গছৰ পুলি ৰোপন কৰিছে। ইয়াৰ কাষতে খেৰ-বাঁহেৰে তিনি খলপীয়াকৈ আৰু আঠকোণীয়াকৈ সাজি উলিওৱা হৈছে এটি চেংৰেন ঘৰ। তাতে লাক্‌ স্থাপন কৰি পুফিছু, লেংডন আৰু ঐশ্বৰ্যৰ প্ৰতিভূ চোম-চেঙৰ পূজাৰ আয়োজন কৰা হৈছে। গুৱা-পাণ, মুদ্ৰা, তাই খাই-ঙেন্তা, থামি-খাম বস্ত্ৰ মাননী শৰাইত দি এবাটি চাউল, এটা কুকুৰা কণী দিয়া হ’ল। তিনি পুৰোহিতৰ মন্ত্ৰ পাঠৰ দ্বাৰা প্ৰস্তুত কৰা পবিত্ৰ জল আৰু ৰাজ-অলংকাৰ চুম-চেং ধুওৱা-পানী ৰজা আৰু ৰাজপৰিয়ালৰ লোকৰ মূৰলৈ ছটিওৱা হ’ল। দেৱতাসকলৰ নামত ঢোলৰ ঘেটা মাৰি উপস্থিত প্রজাসকলে চক্ৰাকাৰে ঘূৰি নাচি বাগি চুম্‌-ফ্ৰা-ৰং-চেং-মুঙৰ গৰিমা কীৰ্ত্তন কৰি ৰুংচেৰী গাবলৈ ধৰিলে। ৰুংচেৰী! কোনো কোনোৰ মুখত ফুটে হুংচেৰী।

বসবাসৰ বাবে ইতিমধ্যে দীঘল দীঘল ঘৰ সজা হৈ গৈছে। গোটেই অঞ্চলটো আৱৰি চাৰিওফালে এনে অনেক ঘৰ-দুৱাৰ ৷ সকলোৰে মধ্যমণি, বিদেশত সকলোৰে সমস্ত নিৰাপত্তাৰ প্রতীক চাও ছ্যু-কা-ফা। এই চাওফাৰ পৰিয়াল আৰু বাকী সহযোগীসকলৰ বাবে আটক ধুনীয়াকৈ মাজ অঞ্চলত ঘৰ সাজি দিয়া হ’ল। প্রজাৰ মুখে মুখে প্ৰচলিত হৈ আহিছে তাও ধৰ্মশাস্ত্ৰৰ এই বাণী:

তাও (পথ) মহান

সৰগ মহান

পৃথিবী মহান

ৰজাও মহান।

এই লৈ কাৰো কোনো দ্বিধা নাই, থাকিব নোৱাৰে।

(আগলৈ)

Visited 3 times, 1 visit(s) today
Last modified: May 15, 2025
Close Search Window
Close