ড° চন্দ্ৰধৰ চমুৱা
(চৈধ্য)
ৰাজ্য আৰু ৰাজ-পৰিয়ালৰ ঘটনাৰ ধামখুমীয়াত ৰণুৱা-বনুৱা, হালোৱা-হজোৱা ঘাঁহী-মাউতৰ জীৱনৰ অভ্যন্তৰৰ কথাবোৰ ঢাক খাই থাকে। যাত্রাপথত কোনো এজনে মন্তব্য কৰিলে।
সন্ধিয়া গাৰ নোম নেদেখা আন্ধাৰ হৈছে। ৰাজধানীৰ গড়ৰ বাহিৰত ৰাজ-বাটৰ পৰা অলপ নিলগত এখন বাৰীৰ ঢাপৰ কাষতে এহাল যুৱক-যুৱতী থিয় হৈ আছে। ঢাপৰ ওপৰৰ জোপোহা গছবোৰে বাৰী-চ’তালৰ পৰা সিহঁতক আঁৰ কৰি ৰাখিছে। তামোল-পাণৰ বাৰীখনৰ পাছফালে থকা বগৰী, চতিয়না, বৰজামু আৰু ঔটেঙা গছবোৰত আশ্রয় লোৱা বনৰীয়া পখীৰ দুই এটা মাত ভাহি আহিছে। সন্ধিয়াৰ শেঁতা পোহৰ।
“তই তেনেহ’লে সঁচাকৈয়ে যাবলৈ ওলালি ফাক্-খাম ককাইটি?” গাভৰুজনীয়ে দুগজমান দূৰৰ পৰা তাৰ মুখলৈ চাই সুধিলে। সি এটা হুমুনিয়াহ কাঢ়িলে অৰু সৰু সৰুকৈ ক’লেঃ
“এৰা, ৰজাৰ আদেশ। ঢলপুৱাতেই সকলো যাব লাগিব।”
“তেনেহ’লে…তেনেহ’লে…” তাই কিবা এটা ক’ব খুজিছিল।
“এই, এইফালে আহচোন।”
“কিবা কবি?” তাইৰ মনত কিছু ক্ষোভ। বহুত দিনৰ পৰা তাক কৈ আছিল, তাৰ ঘৰৰ ফালৰ পৰা তাইৰ মাক বাপেকৰ ওচৰত নিয়ম মতে তামোল-পাণৰ শৰাই দি তাইক খোজা-বঢ়া কৰক, সি মেৰৌন-ঘৰ সাজি তাইক চক্লং কৰক। খোজা-বঢ়াও হৈছিল, কিন্তু সি মেৰৌন-ঘৰ সাজিম সাজিমকৈ থাকোতেই দিনবোৰ গ’ল। চক্লং নহ’লগৈ। এতিয়া সি বিদেশলৈ যাবৰ পৰত কিয়েইবা ক’ব খুজিছে, এই লৈ তাইৰ মনত ক্ষোভ। তাইতো প্রেম নিবেদন কৰা বহুতো ডেকা আছিল, কিন্তু তাই অগ্রাহ্য কৰি আঁতৰাই পঠাইছে। তাৰে এটা আছিল লা-চাম। সিনো কম লাগিছিলনে? নৈৰ পাৰত তাইক শুনাই বনৰীয়া নাম গাইছিল, পানী অনা ঘাটত, আনকি মাছৰ তলিত গৈ কথা পাতিবলৈ সুযোগ বিচাৰি ফুৰিছিল। তাই তাঁতৰ পাটত বহি থাকোতে নাইবা ভিতৰত মহুৰা বাটি থাকোতে কিবা এটা বিচৰাৰ চলেৰে সি চ’তালত থিয় হৈ থাকেহি, মনৰ কথা কওঁ কওঁকৈ। উৎসৱৰ সময়ত আন ছোৱালীৰ লগত বাটেদি ৰং-ধেমালি কৰি যাওঁতে সি কেতিয়াবা বাঁহী, কেতিয়াবা বীণা বজাই শুনায় বাটৰ দাঁতিত। এদিন আক’ তাতকৈ বয়সত কিছু ডাঙৰ কথকী ডেকা এটাৰ লগত আহিছিল। তাৰ আশা আছিল কথকী ডেকাই মাজৰ মানুহ হৈ সিহঁতৰ মাজত জোৰা লগাই দিব। তাই অৱশ্যে দুয়োকে ওচৰতে পীৰাত বহিবলৈ নিদিয়া নহয়৷ ঘৰত অন্য কোনো নাছিল৷ তাই যঁতৰত সূতা আছিল। দুটা এটা কথা পাতি সেই কথকী ডেকাটো আঁতৰি দিলে যাতে লা-চাম আৰু তাই মুকলিকৈ কথা পাতিব পাৰে। লা-চামে মনৰ কথাটো ক’বলৈ আৰম্ভ কৰিছিল—তাইক ভাল পোৱাৰ কথা, তাইক লৈ মেৰৌন পতাৰ কথা। তাই যঁতৰটো টানকৈ ঘূৰাই দিলে, যতৰত টান কেৰ্ কেৰ্ মাতটোৰে তাই বুজাই দিলে যে তাক তাইৰ ভাল লগা নাই আৰু সি এই মুহূর্তত ওচৰত থকাটো তাই বাঞ্ছা নকৰে। এইদৰে লা-চামক আঁতৰালে। ইয়াৰ পাছত চাম্-দেং বোলা এটাৰ বাবে খোজা-বঢ়া কৰা হৈছিল। তাইৰ মাক বাপেকেও সন্মতি দিছিল, কিন্তু তাই সন্মতি নিদিয়াত সি বিফল মনোৰথ হ’ল। আনকি প্রচলিত নিয়ম মতে সি হালোৱা খাটিবলৈ অহাৰ বাবেও সাজু হৈ আছিল, মেৰৌন-ঘৰ সাজিবৰ বাবেও আগতীয়াকৈ কাঠ-বাঁহ গোটাইছিল। অকল জানো সেয়ে? তাক ভাল পাওক বুলি সি চুবুৰীয়াৰ ঘৰত সুতুলি বজাই শুনায়, পদুলিত কেতিয়াবা ম’হৰ শিঙৰ পেঁপা, কেতিয়াবা বীণ, কেতিয়াবা বাঁহী বজাই তাইক শুনাই যাবলৈ চেষ্টা কৰে। এই লা-চাম আৰু চাম্-দেং দেখাত ফাক্-খামতকৈ ভাল হ’লেও বেয়া নহয় বুলিও সমনীয়া ছোৱালীবোৰে তাইক কৈছিল। পিছে কি কাৰণত জানো, তাই তাকহে ভাল পালে। ৰজাৰ ঘৰত কাম কৰা মানুহ, জোঁৱাই খাটিবলৈ বা মেৰৌনৰ আগতে হালোৱা হৈ দুবছৰ মান থাকিবলৈ ৰজাঘৰে হয়তো নপঠিয়াব। কিন্তু তাইৰ বাপেকৰ বাৰীতে বা নগৰৰ ওচৰতে তাইৰ মাক বাপেকৰ মাটিতে কেনিবা মেৰৌন ঘৰ এটা সাজি থাকিবতো পাৰিলেহেঁতেন। সেইটোকে কৰিবলৈ সি সময় উলিয়াব নোৱাৰিলে কিয়? সেইটো কৰা হ’লেও বিধিমতে তাই তাৰ লগত থাকিব পাৰিলেহেঁতেন, হয়তো আজি তাৰ লগতে ৰজাৰ দলত বিদেশলৈও যাব পাৰিলেহেঁতেন। নাইবা ৰজাক খাটি সিও নোযোৱাকৈ ইয়াতে থাকি যাব পাৰিলেহেঁতেন।
তাই এনেবোৰ কথাৰ ইংগিত দিওঁতে সি ফেঁকুৰি উঠিল। “বিদায় বেলাত আৰু বেছিকৈ জ্বলাই নামাৰিবি খাম্-ছেং। মই তোক কথা দিছে, এদিন নহয় এদিন ৱাইছালি দেশৰ পৰা হলেও আহি তোক চক্লং কৰামেই।” সি ক’লে। খাম্-ছেঙে গাৰ চাদৰখনেৰে চকু দুটা মোহাৰিলে আৰু তাৰ ফালে সপ্রশ্নে চালে – কথাটো কিমান সঁচা। সি তাইক প্রত্যয় জন্মাবলৈ পুনৰ কলে, “মই সঁচাকৈ কৈছো খাম্-ছেং, কিবা বুধি এটা উলিয়ামেই।” তাইৰ ওঁঠযোৰে অকণমান হাঁহো হাঁহো কৰিলে। শেঁতা পোহৰতো সি সেয়া দেখা পালে। “খাম্-ছেং ! ওচৰলৈ আহ আক’ অকনমান। মোৰ ওলাবৰ হ’লেই নহয়, ইফালে কোনোবা ওলায়হিহে লাগে।” তাই কেইখোজমান কাষ চাপি আহিল।
“ওঁ, কচোন তোৰ ক’বলগা আৰু কি আছিল।” তাই ক’লে আৰু ইফালে সিফালে চালে। সি হাতদুখন মেলি তাইক সাৱটি ধৰিব খুজিলে। তাই এখোজ পিছুৱাই গ’ল।
‘চা চোন খাম্-ছেং! আজি অতদিন হ’ল, তোৰ গাটোকে আজিলৈকে হাতেৰে ছুই নাপালো! আৰু এইদৰেই মই যামগৈ, কিজানি বহুত দিনলৈ, হয়তো..” সি আৰু ক’ব নোৱাৰিলে। তাৰ চেপা মাতটোও ডিঙিতে লাগি ধৰিলে। তাই হাত এখন তাৰ ফালে আগবঢ়াই দিলে। কিন্তু হঠাতে বাৰীৰ চুকৰ ফালে বাটৰ কেঁকুৰিটোত কোনোবাই গলহেকাৰি এটা মৰা শুনা গ’ল। তাই হাতখন লগে লগে কেঁচাই নিলে।
“এতিয়া থাকক দে। যাবলৈ ওলাই আহোতে এইফালে পাক এটা মাৰি যাবি আক। ঠিক এইখিনিতে দেই।” তাইও চেঁপা মাতেৰে কথাকেইষাৰ ল’ৰালৰিকৈ কৈ ঘৰৰ পদুলিৰ ফালে দৌৰ মাৰিলে। ফাক্-খাম খন্তেক সেইখিনিতে থিয় হৈ ৰ’ল। বাহলৈ যোৱা চৰাই-চিৰিকতিৰ মাতবোৰ ক্ৰমে কম হৈ আহিবলৈ ধৰিছে; সিও এতিয়া এইখিনিৰ পৰা যোৱাহে কথা। কোনোবাই ইয়াত কি কৰিছ বুলি সুধিলে সি কি উত্তৰ দিব ? তাই যে কৈ গ’ল ঠিক এইখিনিতে লগ ধৰাৰ কথা; এতিয়াই নোৱাৰিলে যেতিয়া, তেতিয়ানো তাইক কি মনৰ কথাটো ক’ব সি? তথাপি নাহিলে বেয়া হ’ব, তাইৰো বা কি বেলেগ মনৰ কথা ক’বলৈ আছে ! আশা-নিৰাশাৰ দোমোজাৰে সি উভটিল। অলপ আহিয়েই সি কান্-তামক লগ পালে। ইটোৱে সিটোৰ মুখলৈ চালে, এই সন্ধিয়ালৈ এই ঠাই দৰ্শনত কাৰ কি মতলব পৰস্পৰে বুজিবলৈ চেষ্টা কৰিলে।
“কি হ’ল অ’ ফাক্-খাম ? গধুলিখন ইয়াত কি কৰিছহি? লগভাগ পালিনে নাই?” কান্-তামে সুধিয়ে পেলালে।
“কি লগ-ভাগ পোৱাৰ কথা সুধিছ?” ফাক্-খামে থতমত খাই ক’লে।
‘ইঃ ! মই জানিবা নাজানোহে৷” মিচিকনি মাৰি কান্-তামে ক’লে। ফাক্-খামে বুজিলে ইয়াৰ চকুত ধূলি দি আৰু সাৰিব নোৱাৰি। আচল কথাটো কৈ দিয়াই ভাল। সি এটা হুমুনিয়াহ কাঢ়িলে। খন্তেক কাৰো মুখত মাত নাই। ফাক্-খামৰ চকু সজল। কান্-তামেই পুনৰ ক’লে, “বুজিছো, তোৰ বৰ বেয়া লাগিছে নহয়?”
“আমাৰ নিচিনা মাউত-ঘাঁহীৰ ভাল-লগা বেয়া-লগানো কিটো আছে? ৰজাৰ ভাল লাগিলেই হ’ল।” কথাষাৰ শেষ কৰি সি যাব খুজিলে। কান্-তামে তাৰ হাতখনত ধৰি ৰখালে।
“ক’লৈ যাৱনো ইমান ততাতৈয়াকৈ ? শুনচোন। মনটো বেয়া নকৰিবি। লা-বুনকো কালি কৈছোঁ বোলো এতিয়া পেৰেম-তেৰেম এৰ। সিও আক’ অলপতে মেৰৌন পতাৰ কথা আছিল নহয়। এতিয়া বেচেৰাই…।”
“তেনেহ’লে… মানে… মানে …” ফাক্-খামে ক’ব খুজিছিল দুখ তেনেহ’লে তাৰে হোৱা নাই, একে দুখত বহুতে ভুগিছে । কান্-তামেও বুজিলে সি কি ক’ব খুজিছে আৰু এইবুলি মনতে গৌৰৱবোধো কৰিলে যে তাৰ ঔষধে গুণ দিছে, সি তাক আনৰ তুলনা দি কথাটো পৰোক্ষে বুজাই তাৰ দুখ পাতলাব পাৰিছে। সি ফাক্-খামক এইবাৰ ফুটাই কলে :
“মানে দুখ এটাৰ জীৱনলৈকে অহা নাই বুজিছ ! কৈছো নহয় বোলে দেশে দেশে তিৰোতা পায়, দেশে দেশে বন্ধু পায়, কিন্তু সহোদৰ ভাই পোৱা নাযায়। তই যেতিয়া সোদৰ ককাই-ভাইকে এৰিব পাৰিলি তেনেস্থলত তাইক এৰিব নোৱাৰনে?” ফাক্-খামে আকৌ এটা গভীৰ হুমুনিয়াহ কাঢ়িলে আৰু কামৰ কথাৰ উত্তৰ দিলে ?
“এৰা, দেশে দেশে তিৰোতা পায়; কিন্তু মোৰ খাম্-ছেঙক নাপায়। তাই এজনীয়েই।”
তাৰ কথাষাৰত কান্-তামে এটা কাঠহাঁহি মাৰিলে। তাৰ পাছত দুয়ো এৰা-এৰি হ’ল।
ইতিমধ্যে নগৰত যাত্ৰাৰ বাবে সকলো আঁচনি আৰু যা-যোগাৰ হৈ আছে। পণ্ডিতে যাত্ৰাৰ ক্ষণ গণনা কৰি কৈছে বেলি ওলোৱাৰ আগ মুহূৰ্তৰ ৰঙা ডাঁৰ দেখা দিয়াৰ সময়টোৱেই উপযুক্ত। যাত্রা হ’ব উত্তৰমুৱাকৈ। ৰজা আৰু মন্ত্রী দুজন হাতীত যাব। প্রান্তীয় ফু-কিন্-মুঙ্ বিষয়াসকৰো কোনো কোনোৰ হাতী আছে। ৰাণী, কোঁৱৰসকল আৰু বিষয়াবৰ্গৰ মহিলাসকল গাদী কচা আৰু চকু বন্ধা ঘোঁৰাত যাব। চহিচসহ তিনিশ ঘোঁৰা আছে। আৱশ্যক মতে এই ঘোঁৰা হ’ব যুদ্ধৰ বাহন। ম’লুং পণ্ডিত সকলকে ধৰি হাজাৰ হাজাৰ প্রজা খোজেৰেই যাব। লগত যাব বয়বস্তুৰ হাঙি-ভাৰ। প্রত্যেক কান্ধত যাব কাপোৰ কানিৰ একোটাকৈ জোলোঙা।
দলটো সময়ত শত্ৰুৰ পৰা বাগি দি সাৰিবলগীয়া হ’ব পাৰে। তেনে পৰিস্থিতিত নদী পাৰ হ’বৰ বাবেও প্রস্তুত হৈ যাব লাগিব। কেইজনমান বিষয়াৰ নেতৃত্বত এভাগ মানুহ ল’ৰা-তিৰোতা লৈ নাৱেৰে নাম্কিউ নদীয়েদি উজাই যাব। উত্তৰফালে তিনিদিনৰ বাটত নদীৰ ভেজত সকলো লগা-লগি হ’ব। এই কেইটা দিনত বাটত ৰান্ধি-বাঢ়ি খাব পৰাকৈ ৰবলৈ সময় নহব, গতিকে সকলোকে টোপোলা ভাত লবলৈ কোৱা হৈছে। খাদ্যবস্তু হাঙি-ভাৰতে যাব। এইদৰে দুপৰীয়া খন্তেক জিৰণিৰ বাহিৰে দিনটোৰ বাকীছোৱা সময় পুৱাৰ পৰা আন্ধাৰ হোৱালৈকে যাত্রা অব্যাহত থাকিব। ৰাতি কোনো গাঁৱত পৰাপক্ষত আশ্রয় লোৱা নহয়, তম্বু তৰি থাকিব। তদুপৰি অতি কম সময়ৰ ভিতৰতে গছৰ ডাল-পাত, কঁহুৱা-বিৰিণা আদি গোটাই আৱশ্যকমতে জুপুৰি সাজি ল’ব পৰা কাজুৱা মানুহ লগত আছে। মওগঙলৈ সাদিনৰ বাট হ’ব পাৰে। কুৰিজন বিশ্বাসী অশ্বাৰোহী চোৰাং চাবৰ কাৰণে পিছত থাকি যাব। এওঁলোকে পৰিত্যক্ত ৰাজধানীৰ খবৰ লৈ শত্ৰুৰ অলক্ষিতে ঘোঁৰা দৌৰাই ছ্যু-কা-ফাক জনাবগৈ। নেতৃত্বত চেং-কং নামৰ সুদক্ষ বিষয়াজন আছে। পাছফালে কি ঘটিছে নোচোৱাকৈ যাত্ৰা মংগলজনক নহব বুলিয়েই এই ব্যৱস্থা কৰা হৈছে।
যাত্রাপথ, যাত্রা প্রণালী আদি সম্পৰ্কত আঁচনিটো প্রত্যেকৰে অৱগত হৈছে, ডা-ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি পাইক-বনুৱালৈকে সকলোৰে। ফাক্-খামো ব্যতিক্ৰম নহয়। এতিয়া তাৰ চিন্তা কেনেকৈ ঘৰৰ পৰা ওলাই মেলি খাম্-ছেঙে কোৱা মতে তাহাঁতৰ ঘৰৰ ওচৰেদি পাক এটা মাৰি সমদলটোলৈ আহি মাউত ফ্রাং-পেমৰ লগত হাতীৰ দায়িত্বটো গ্ৰহণ কৰিব পৰা যায়। যাত্ৰাৰ আগে আগে হাতীৰ ওচৰত উপস্থিত নহলেতো নহ’ব; ৰাজ আজ্ঞা লংঘন কৰা নাযায়। কেনেবাকৈ পিছ-হোঁহকা গম পালে ৰাজদ্রোহী বুলি ভাবি হাবি-জংঘল চলাথ কৰাই হলেও ধৰাই নিব। ৰাজদ্ৰোহৰ শাস্তি অতি ভয়ংকৰ। এফালে ৰাজ আজ্ঞা আৰু আনফালে খাম্-ছেঙৰ কথা ৰক্ষা, কোনোটোকে সি এৰিব নোৱৰে।
সি ৰাতিয়েই বিচনাৰ পৰা উঠিল। নানা কন্দা-কটাৰ মাজত ঘৰৰ পৰা বিদায় লৈ পোনে পোনেই খাম্-ছেংহঁতৰ বাৰীৰ ঢাপৰ ওচৰৰ পূর্বনির্ধাৰিত স্থানত সি উপস্থিত হ’লহি। তাৰ পিন্ধনত আঁঠুৰ অলপ তললৈকে পৰা পত্নয়, হাতচুটি চাপ্কন, মূৰত গামোচাৰ পাগ, গাত এড়ীয়া চাদৰ, কান্ধত এটা জোলোঙা।
বাৰীৰ ওখ গছবোৰৰ পৰা টপকৈ নিয়ৰ সৰি আছে। কোনোবা এজোপাৰ পৰা ফেঁচা এটাই কুক্কু কুক্কু কৰি দূৰৰ আন এজোপালৈ উৰা মাৰি নিশাচৰ প্ৰাণীয়ে নিশাৰ অভিযান সামৰি দিনৰ আশ্রয় স্থললৈ ঘূৰি যোৱাৰ জাননী দিলে। তেনেকৈ দূৰে দূৰে একাধিক ফেঁচাৰ মাত শুনা গল। কেতেকী এজনীয়ে মই কেতেকী মই কেতেকী’ বুলি মাতি মাতি কিছু আগতে নিমাত হৈ গৈছে। দিনৰ বাকী পক্ষীজগত সাৰ পাবলৈ এতিয়াও বাকী।
সি খন্তেক ৰ’ল। তাৰ পাছত পদুলিটোৰ ফালে চাই দেখিলে সেইফালৰ পৰা কোনোবা এজনী খৰ খোজেৰে আহি আছে।
ফোঁপাই ফোঁপাই তাই তাৰ ওচৰত ৰ’লহি। হাতত এটা সৰু টোপোলা।
“ফাক্-খাম ককাইটি ! তই আক নাহিবি বুলিয়ে ভাবিছিলো। তই তেনেহ’লে এইবাৰ একেবাৰে ওলাই আহিছ?” তাই চেপা মাতেৰে ক’লে। সি তলমূৰ কৰি ৰ’ল। তাই তাৰফালে টোপোলাটো আগবঢ়াই দিলে।
“এইটো লৈ যা।”
“কি দিছ খাম্-ছেং ?”
“বিশেষ একো নহয়, পিঠাহে। বাটত ক’ৰবাত বহি খাবিগৈ।” তাই ক’লে। সি চকুপানী দুটোপাল মোহাৰি তাইৰ ফালে চাই থাকিল। “ল আক’।” তাই জোলোঙাৰ ভিতৰত টোপোলাটো সুমুৱাই দিলে।
“খাম্-ছেং।” থোকাথুকিকৈ সি মাত লগালে।
“দুখ নকৰিবি। তই ঘূৰি নহালৈকে মই তোলৈ ৰৈ থাকিম।” তাই ক’লে। সি তাইৰ মুখলৈ হাঁহো হাঁহোকৈ চালে। এনে এষাৰ কথাকে সি কালিৰ পৰা যেন আশা কৰি আছিল।
কিছু দূৰত লতাৰে আৱৰা গছ এজোপাৰ পৰা ফেচু চৰাই এটাই ‘চিকিকিয়’ বুলি মাতি জাননী দিলে যেন ৰাতি পুৱালে, দিনৰ চৰাইবোৰ সাৰ পাবৰ হ’ল।।
সিহঁত দুয়োটাই সেইফালে চালে, সঁচাকৈয়ে ৰাতিপুৱাল, বেছিপৰ আৰু ৰৈ থকাৰ কথা নহয়। তাই শেষ কথাটো কৈ বিদায় ল’ব খুজিলে, “এই পুৰীত নহ’লেও সিপুৰীত মোক লগ পাবি।”
‘আহচোন ওচৰলৈ, কালিৰ কথাটো…” সেমেকা কণ্ঠত সি মনৰ ভাবটো প্রকাশ কৰিব খুজিলে। তাই ওচৰলৈ আহিল। ফাক্-খামে জোলোঙাটো পিঠিৰ ফালে কৰি হাত দুখন মেলিবলৈ লৈছেহে, পাছবাৰীৰ চুকৰ পৰা কোনোবা এটাই ধম্কি দি উঠিলঃ “ কোন তহঁত? কি মেল পাতিছ ইয়াত?” দুয়োটাই সেইফালে চালে। ফাক্-খামৰ মেলা হাত দুখন নামি আহিল। চেপা মাতেৰে মাত্ৰ ক’লে, “তেনেহলে… তেনেহলে…যা…যাগৈ।” তাইও এক স্বৰতে “ওঁ যাগৈ…যাগৈ…” বুলি সেইখিনিৰ পৰা দৌৰি নঙলাৰ মুখ পালেগৈ।<!—next-prev and print–>
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা