খনিন্দ্র ভূষণ মহন্ত
চিকিমিকাই থকা ছুৰিখনৰ দৰে ধাৰাল দুচকুত
শেষ নিশাৰ এন্ধাৰৰ ৰং এমুঠি ছটিয়াই
নৈঃশব্দ্যৰ ধ্রুপদী তালত খোজ দি গুচি যায় এটি বাট
এনে কি আহুদি লগা মন্ত্রৰ আৱাহন
লালায়িত হৈ পৰে বাসনাৰ সমস্ত আকুলতা
আৰু প্রসাৰিত দুহাতে আঁজুৰিব খোজে হৰিষ-মণি
কি হেৰাল কি হেৰাল
সুমিষ্ট সুধা নে সোণসেৰীয়া সুৰ
বতাহে বিৰবিৰালে: কণা চকু লৰফৰ, হাত-লৰ, হাত-লৰ
জুইৰ আঙুলি কঁপাই থকা হে’ অস্থিৰ উশাহ
শূন্যতাই কোঙা কৰা এই অনাহুত কাৰকবোৰক
মই কি উপমাৰে সামৰোঁ?
________
ভ্ৰাম্যভাষ নং – ৯১০১৯৮৬১৪০
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 3 times, 1 visit(s) today
Last modified: May 19, 2025