Written by 6:17 am Poems

চেঁচুকীয়া পৰা গৰু গাড়ী যন্ত্ৰণাপিষ্ট গৰাকী

মিণ্টুল হাজৰিকা

অগতিৰ গতি তুমি … খালী ঠাই পূৰ কৰক৷

মন কৰিবলগীয়া, পুষ্টিহীন আঙুলিকেইটাইহে

খালী ঠাইৰ উপযুক্ত গৰাকীক বেছিকৈ মনত পেলায়

অথচ, কাহানিও তেওঁৰ মুখত মাত ফুটা নাই

ফুটিছে কেৱল সিহঁতৰ কপালহে !

কি দিন কি ৰাতি 

বেলিৰ মুখ নেদেখা আয়না নেদেখা সংসাৰ

চকা ভগা গৰু গাড়ীত শুকাই মৰা ভোলৰ চাং

তাহানিতে গাড়ীখনৰো আছিল যৌৱন

দপদপাই ফুৰিছিল পানীয়ে-বামে

ওঁঠত জীৱনৰ বন্দুকে গুলিওৱা ধৰাশায়ী গান

ৰান্ধনী বেলিয়ে চোতাল লেখি লেখি লিখি থৈছে এই গানৰ বুৰঞ্জী 

নুঘূৰিল ভাগ্যৰ চকৰি

দুচলীয়া নহ’ল সপোনৰ পৰিধি

নিমখ আৰু ভাততেই সময়ৰ চুলিয়াচুলি

প্ৰতিদিনেই হাইহালৰ জুয়ে মুখ মেলি ৰৈ থাকে

শুনো বুলি চাউল আৰু পানীৰ ভকভকনি

সেইদেখি দেহি ঐ ঢেঁকীয়াতলিৰ পুখুৰীত ঢৌ খেলি কান্দে মেঘে খোৱা জোন

ঠিক মায়াবী কৰি অঁকা এখন ছবি

চিত্ৰকৰজন অনুপস্থিত ৷ হয়তো পলৰীয়া

নতুবা মৰি মাটি,  বুকুত দূবৰিৰ চকলং

ভাৰ্জিনিয়া উলফৰ প্ৰেমৰ তিতা সোৱাদ অলপ

বনৰীয়া ভোলজোপাত লাগি আছে

চিনস্বৰূপ !

পুখুৰীৰ পানীত বিৰহ বিষণ্ণ মুখ

নক্ষত্ৰ আৰু আত্মাৰ জীপালখিনিতে

চৰুৰ তলিত পিঠি দহা ভাতৰ আত্মলিপি 

চকুৰ পতাত

সেয়া চকুপানী নে আকাশ হে নাৰায়ণ ?

প্ৰখৰ প্ৰশ্নটিৰ ধূসৰ উত্তৰ এটি হৈ ঘূৰি ফুৰে

গঞা চুবুৰিত চহা চকুত

সী থোৱা মুখত মেঘ

সৰি নপৰাৰ কত যে যুগ

যাৰ হিচাপ লিখা আছে ফটা জিভাত

নৈঃশব্দৰ কুঁৱলিয়ে গিলা থাপনাৰ গছাত শীতল শিখা

পদূলিমুখত ক্ৰমে অসুখী ফুলৰ বিশৃংখল শোভাযাত্ৰা

সাধাৰণ জীৱকুলৰ মৃত্যুও ইমান বেচিজিল কিয় ?

মৰিও শান্তি নাই !

উইচিৰিঙাৰ অৰণ্যজুৰি কামিহাড় মুচৰি ভাঙি ওলাই অহা আৰ্তি

প্ৰতিটোৰ সাধুকথাৰ শেষত কানি-কাপোৰ ক’লা হয়

অথচ, কেতিয়াও ঘৰলৈ উভতি নাহে আইতাৰ ভৰিৰ খোজে খোজে আশ্বস্ত কৰিব পৰাকৈ গাৰোৱানৰ নাৰায়ণ !

ভ্ৰাম্যভাষ : ৮৬৩৮২৫৯০৭৩

Visited 2 times, 1 visit(s) today
Last modified: May 5, 2025
Close Search Window
Close