প্ৰদীপ শইকীয়া
যোৱা চাৰিটা দশকজুৰি যাৰ কবিতাই আমাক মোহগ্ৰস্ত কৰি ৰাখিছে আৰু সাগৰতলিত শঙ্খ বিচৰাৰ আনন্দত বুৰাই ৰাখিছে সেইগৰাকী স্বনামধন্য কবি, শিল্পৰসিক শ্ৰদ্ধেয় নীলমণি ফুকনক প্ৰথম লগ পাইছিলোঁ ১৯৮৮ চনত ।
তেতিয়াৰে পৰা ক’ব নোৱাৰাকৈয়ে নীলকান্ত মণিটি মোৰ বুকুৰ খাজত লিপিট খাই সোমাই আছে ।
আনন্দতে, কেতিয়াবা বিষাদৰ মাজতো নীলমণি ফুকনৰ কবিতা আজিও বুকুতলৈ পঢ়োঁ । ভাবৰ প্ৰশান্ত-অশান্ত-সীমাহীন সমুদ্ৰত বুৰ যাওঁ, ওপঙি উঠোঁ, আকৌ তল যাওঁ ।
নীলমণি ফুকন আচলতে নিজেই এটা নিটোল শিল্প ।
এটি মুকুতাক জন্ম দিবলৈ স্বাতী নক্ষত্ৰৰ পৰা সৰি পৰা এটোপাল নিয়ৰৰ বাবে যেনেদৰে ৰৈ থাকে শামুকৰ গৰ্ভ, পৃথিৱীয়েও মহাকালৰ অনন্ত বাটত বাট চাই থাকে এনে এজন ক্ষণজন্মা কবিৰ আগমনৰ বাবে । যাৰ হাতৰ দীপশিখাই দশোদিশে পোহৰ বিয়পায়,যাৰ অন্তৰ্দৃষ্টিয়ে পোহৰ-আন্ধাৰ-মাটি-পানী-বতাহক, স্থাৱৰ-জঙ্গম-তৰু-লতা-শিলাকো অন্য এক মাত্ৰা প্ৰদান কৰি মহাবিশ্বৰ ঊষা-কীৰ্তন কৰে ।
আধুনিক ভাৰতীয় কাব্য-আকাশৰ উজ্জ্বল জ্যোতিষ্ক, শ্ৰদ্ধা আৰু চেনেহৰ কবিজনা কুশলে থাকক- এয়ে কামনা ।
তেখেতৰ জীৱনজোৰা সাধনাৰ প্ৰতি সন্মান জনাই ভাৰত চৰকাৰে আগবঢ়োৱা সাহিত্যৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ বঁটা প্ৰদান অনুষ্ঠানটিত উপস্থিত থাকিবলৈ পাই গৌৰৱবোধ কৰিছোঁ ৷ ই মোৰ জীৱনৰ এক অবিস্মৰণীয় অভিজ্ঞতা হৈ ৰ’ব ৷
এটা কথাই মনত বৰকৈ আমনি কৰি আছে বাবে লিখিব খুজিছোঁ ৷ বঁটা প্ৰদান অনুষ্ঠানটিত নীলমণি ফুকনৰ কবিতাৰ বিষয়েহে আলোচিত বা বিশেষভাৱে উল্লেখ কৰা হ’ল ৷ নীলমণি ফুকনৰ কবিতাৰ বিশাল ৰহস্যময় নেপথ্যত থকা বিষয়সমূহৰ কথা প্ৰায় অনালোচিত হৈ ৰ’ল ৷ যিবোৰ আছিল তেখেতৰ কবিতাৰ প্ৰকৃত মৌচাক ৷
নীলমণি ফুকনে অকল কবিতাহে ৰচিছিল নেকি ! কত অনন্য অসাধাৰণ শৈলীৰ, বিষয়বস্তুৰ গদ্য ৰচনা কৰিছে তেখেতে ৷ কলাৰসিক বুলি উল্লেখ কৰিলেই কথাবোৰ সম্পূৰ্ণ নহয় ৷
চৰ-অচৰ এই ব্ৰহ্মাণ্ডক ফুকনে দেখিছে অন্য দৃষ্টিৰে ৷ উপলব্ধি অনুভৱ কৰিছে একান্ত নিজা ধৰণে ৷ ফুকনৰ সমসাময়িক বহু প্ৰখ্যাত অসমীয়া কবিৰ ব্যক্তিত্ব আৰু সৃষ্টিৰাজি তেখেতৰ সৃষ্টিৰাজিৰে লগত তুলনীয় নহয় ৷ ই অপ্ৰিয় কথা হ’ব পাৰে ৷ কিন্ত সত্য বুলি অন্ততঃ প্ৰমাণিত হৈছে ৷
ফুকন ছাৰৰ সৈতে বিভিন্ন সময়ত একেলগে ছবি চোৱাৰ অভিজ্ঞতা হৈছে ৷ যোৱা শতিকাৰ নৱম দশকৰে কথা ৷ ভেন গঘৰ প্ৰিণ্ট্ ছবিৰ এখন প্ৰদৰ্শনীত একেলগে এখন এখনকৈ ছবি চাই আছিলোঁ ৷ শেষত ছাৰে মোক সুধিলে- তোমাৰ কোনখন ছবি বেছি ভাল লাগিছে ?
তপৰাই ক’লোঁ- ছ’ৰ’ (Sorrow) ছবিখন ৷ ছাৰক সুধিলোঁ-আপোনাৰ ? ছাৰে ক’লে- কোনখনৰ কথানো ক’ম ৷ প্ৰতিখনেই ৷
ছাৰে কৈ গ’ল ক্ৰমে ক্ৰমে আলু খোৱা, সূৰ্য্যমূখী ফুল, হালধীয়াত কাউৰী, বিশেষ জোতাপাটৰ বিষয়ে আৰু এইবোৰৰ নেপথ্যৰ কথাবোৰ ,আনন্দ বিষাদ, বৰ্ণময় অবৰ্ণনীয় জীৱন যন্ত্ৰণা, ৰহস্যময়তাৰ কথা ৷
পৰৱৰ্তী কালত ছ’ৰ’ ছবিখনিক লৈ “১৪ নং ছবি ছ’ৰ’ “ নামেৰে পষেক আলোচনীক কবিতা এটা প্ৰকাশ হৈছিল ৷ কবিতাটো উৎসৰ্গা কৰিছিলোঁ ছাৰৰ নামত ৷
ৰামকিংকৰ বেইজৰ The Santhal Family ভাস্কৰ্যটিক লৈ ৰচনা কৰা মোৰ বানপ্ৰস্থ নামৰ কবিতাটিও ছাৰলৈ উৎসৰ্গা কৰিছিলোঁ ৷
সেইজনেই নীলমণি ফুকন ৷
এবাৰ তেখেতৰ ঘৰত ৷ পাতি আছিলোঁ প্ৰাচীন ভাস্কৰ্যৰ কথা ৷ আমি দেখা আৰু নেদেখাবোৰৰ কথা ৷ বহুত কথা ৷ আমি সাধাৰণতেই কবিতাৰ কথা নাপাতিছিলোঁ ৷ শিল্প শিল ভাস্কৰ্য নীৰৱতাৰ কথাই পাতিছিলোঁ ৷ মোক কৈছিল- সাঁচীৰ স্তূপলৈ যাবা ৷ অনুভৱ কৰিবা নিৰ্জনতাৰ ভাষা ৷ কি সাংঘাতিক ৷ কি সাংঘাতিক ৷
সাগৰতলিৰ শঙ্খ প্ৰকাশ হোৱাৰ পাছত অৱশ্যে এদিন তেখেতৰ কবিতা, চীনা জাপানী কবিতাৰ বিষয়ে বহু কথা পাতিছিলোঁ ৷ অনেক মই নজনা নতুন কথা কৈছিল ছাৰে ৷
ভাস্কো পপাই আঁকি দিয়া তেখেতৰ হাতখন, উপহাৰ দিয়া কিতাপখন দেখুৱাইছিল- You have given me your hand .
এদিন ছাৰক সুধিলোঁ চ’ৰাঘৰৰ বেৰত আঁৰি থোৱা ক’লীয়া কাঠৰ পুৰণি মুখাখনৰ কথা ৷ ছাৰে ক’লে, ‘এই কথা তুমিয়েই মোক প্ৰথম সুধিলা ৷ প্ৰায় সকলোৱেই কবিতাৰ কথাহে পাতিব খোজে ৷’ ছাৰে মুখাখনৰ কথাবোৰ ক’লে ৷
মোক ক’লে- ‘এই কথাবোৰ পাতি থাকিলে মোৰ আমনি নালাগে ৷ তুমি আহি থাকিবা ৷ আমি অন্য কথাবোৰ পাতিম ৷’ কেতিয়াবা সংগীতৰ কথাও পাতিছিলোঁ ৷
এদিন ক’লে- ‘তোমাৰ কবিতাত স্ফটিক শব্দটোৰ ব্যৱহাৰ বেছি নেকি ? এদিন অলপ অভিমান কৰিয়েই ক’লে- তেজ বঁতিওৱা পাতমাদৈ ক’ত দেখিছা ? পাটমাদৈ ধুনীয়া চৰাই ৷’
এদিন ক’লে- ‘কোনো সমালোচকে কবিক ওপৰলৈ নিব নোৱাৰে ৷ কবিয়ে নিজেই নিজৰ উত্তৰণ ঘটাব লাগিব ৷’
অনেক কথা আছে ৷ অনেক কথা থাকিল পাতিবলৈ ৷
বিজ্ঞসকলে নীলমণি ফুকনৰ সৃষ্টিৰ বিষয়ে লিখি গৈছে, লিখি আছে ৷ লিখি থাকিব ৷ লিখি শেষ কৰিব পাৰিবনে !
ছাৰ ছাৰেই ৷
দৃশ্যমান অথচ অদৃ্শ্য যিখন জগতৰ তেওঁ বাসিন্দা , সেইবোৰ চুব পৰাটো বৰ সহজ কথা নহয় ৷
ইলোৰাৰ ইন্দ্ৰসভাত আমিনো কোন কূটা !
(লেখক সদৌ অসম কবি সন্মিলনৰ সভাপতি।)
ভ্ৰাম্যভাষ : ৯৪৩৫৩১৯৯৩৬
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা