Written by 7:42 pm Poems

চুলি

  উৰ্মি জুলী শইকীয়া

পাহৰণি নহয় 

এটা দুখ 

সৰি পৰা চুলিৰ দুখবোৰক

সৰিবলৈ নিদিয়ে হৃদয়ে 

চুলিখিনিৰে কিবা কৰাটো 

মোৰ অজুহাতহে

আচলতে সেইখিনিতো আয়ুস থাকে

জৰুৰী বুলি ভাবোঁ

সাঁচি থওঁ বাকচত

বছৰ আহে

বছৰ যায়

ভৰোঁ ভৰোঁ কিচকিচিয়া কলা চুলিৰ বাকচটো

এতিয়া ৰূপালী হ’ল

চুলিখিনিৰে কিবা কৰিম বুলি ভবাতো পাহৰণি নহয় 

এটা দুখ মোৰ …

ঠিকনা :

হেঙেৰাবাৰী অৰুনোদইৰ পথ গুৱাহাটী, অসম

ফোন : ৭৫৭৭৮২২৯২৯

Visited 3 times, 1 visit(s) today
Last modified: May 5, 2025
Close Search Window
Close