Written by 5:36 am Poems

চিন্তন

অৰ্চনা ঠাকুৰীয়া

   এক 

ঘৰত থকা ঘড়ীটোৱে সোঁৱৰায়

আৰুনো কিমান দিন ?

জীৱন,

জীৱৰ বিলৈ

হাঁহোৱে বা কান্দোৱেই

আপোনাৰ ক্ষতি কি?

          দুই 

তাত এজোপা গছ ময়ো ৰুইছিলোঁ 

কিছুদিন যতনাই দিছিলোঁ পানী 

গছজোপা মৰিল 

তাত ভুল আপোনাৰো 

           তিনি

দুখ, 

সুখৰ সহচৰ 

নিৰ্মল বতাহ সোমাবলৈ 

খিৰিকীখন খুলি দিয়াঁ 

শাৰদীয় আকাশত 

আজি ক’লীয়া ডাৱৰ 

           চাৰি 

আমি বাৰু কিমান বাট বুলিলোঁ ? 

– প্ৰায় বৈতৰণী 

অকলে পাৰ হ’বা নে মোকো উদ্ধাৰ কৰিবা ? 

– এতিয়াই মই উত্তৰ নিদিওঁ 

ব’লা, ইয়াৰ পৰা যাওঁগৈ … 

            পাঁচ 

মাটিয়েই পানীৰ ঘৰ 

মোৰ ভাগৰ মাটিখিনি 

আপোনাক দিলোঁ 

আপুনি মোক মাথোঁ দিব 

পিয়াহৰ পানী 

             ছয় 

অনামিকা আঙুলিত এটা প্ৰজাপতি 

মন থৌকি-বাথৌ 

বুকুত হাতখন ৰাখিছোঁ 

শুনিলোঁ একতাৰাৰ স্পন্দন 

              সাত 

একাপ থকথকীয়া গাখীৰ চাহ 

আৰু কিছু চিন্তন 

মগজুৰ শাখা- প্ৰশাখাবোৰ খুলি 

নিৰলে বহি ভাবিছোঁ 

মানুহক ‘মানুহ’ হ’বলৈ শিকাব পৰাহ’লে…

Visited 3 times, 1 visit(s) today
Last modified: May 4, 2025
Close Search Window
Close