Written by 4:40 am Articles

চিনেমা : ভিন্ন স্বাদ, দেশ, মানুহ আৰু সমাজ

  নিজৰা ৰাজকুমাৰী

…One less… One less mouth to feed-এনিয়ে পৰিয়ালৰ দুৰ্দশাৰ দিনত গাঁৱৰ স্কুলখনৰ শিক্ষকজনৰ লগত পলাই যোৱাৰ আগে আগে চিঠিত লিখি থৈ গৈছিল। এখন মুখ কমি যোৱা মানেই পৰিয়ালৰ আন এজনে সামান্য বেছিকৈ খাবলৈ পাব। এনিৰ এই সিদ্ধান্তত অসহায় মাক-দেউতাকে চিঞৰিছিল, কান্দিছিল। দক্ষিণ-পূৱ আফ্ৰিকাৰ অনাহাৰত প্ৰায় অমানৱীয় হৈ উঠা গাঁওখন তেতিয়া ৰ’দে পোৰা ধুলিয়ৰি মাটিৰ দৰেই শুকান মনবোৰৰো গাঁও হৈ পৰিছে। ভোকত মানুহবোৰ অৰ্ধমৃত। মাৰপিট-ঘৰত সোমাই খাদ্য কাঢ়ি নিয়া একেবাৰে সাধাৰণ ঘটনা। বন্ধ হৈ গৈছে একমাত্ৰ স্কুলখনো।

চিনেমাখনৰ নাম দ্য বয় হু হাৰনেছড দ্য উইণ্ড। পৰিচালনা বিখ্যাত ব্ৰিটিছ অভিনেতা ছুয়িটেল এজিঅ’ফ’ৰৰ। মালাৱী অভিযন্তা-লেখক-আৱিষ্কাৰক উইলিয়াম কামকোৱাম্বাই গাঁওবাসীক বচাবলৈ ব্লু গাম গছ-চাইকেল, যন্ত্ৰৰ পেলনীয়া অংশৰে উইণ্ড’ টাৰ্বাইন সাজি পানী যোগানৰ ব্যৱস্থা কৰা সঁচা কাহিনীৰ আধাৰত চিনেমাখন নিৰ্মাণ কৰা হৈছে। বিজ্ঞান শিকাৰ স্বাৰ্থত বায়েকৰ প্ৰেমিক শিক্ষকজনক সিহঁতৰ কথা গাঁৱত কৈ দিয়াৰ ভাবুকি দিয়া কিশোৰটিৰ শিক্ষাৰ প্ৰতি ধাউতি কিমান তাক বুজিবলৈ দৰ্শকৰ অকণো কষ্ট নহয়। মাচুলৰ অভাৱত শ্ৰেণীকোঠাৰ পৰা বহিস্কৃত হোৱা কণমানি উইলিয়ামে তাৰ জিজ্ঞাসু মন-মগজুক সমৃদ্ধ কৰে  পুথিভঁৰালৰ কিতাপেৰে। পিছে এদিন তাৰপৰা এই সুবিধাও কাঢ়ি লোৱা হয়। কিশোৰ অৱস্থাতে বিজ্ঞানক মানৱৰ কল্যাণৰ হকে ব্যৱহাৰ কৰিবলৈ উইলিয়ামে তাৰ সমস্ত শক্তি খৰচ কৰে আৰু বতাহৰ শক্তিৰে গাঁৱৰ মৰুভূমিসদৃশ পথাৰলৈ পানী বোৱাই কৃষিৰ উপযোগী কৰি তোলে। ৰুঢ় প্ৰকৃতি আৰু ৰাজনীতিয়ে মৃতপ্ৰায় কৰা আফ্ৰিকান গাঁওখনৰ দুৰৱস্থাৰ কথা ক’বলৈ পৰিচালকে চিনেমাখন নিৰ্মাণ কৰা নাই, হাজাৰ বাধা-যন্ত্ৰণা-বঞ্চনাৰ পাছতো এটি হাৰ নমনা কিশোৰৰ সফলতাৰ কথা ক’বলৈহে ছুয়িটেল এজিঅ’ফ’ৰে পৰিচালক তথা চিত্ৰনাট্যকাৰ হিচাপে শ্ৰম কৰিছে। শ্ৰেষ্ঠ অভিনেতাৰ বাফটা বঁটাপ্ৰাপক, অস্কাৰ, গ’ল্ডেন গ্ল’ব আদিৰ শ্ৰেষ্ঠ অভিনেতাৰ শাখাত মনোনয়ন লাভ কৰা জনপ্ৰিয় শিল্পী এজিঅ’ফ’ৰে ছবিখনত উইলিয়ামৰ পিতৃ ট্ৰাইৱেলৰ চৰিত্ৰতো অভিনয় কৰিছে। দ্য বয় হু হাৰনেছড দ্য উইণ্ডৰ অভিনয় আৰু চিনেমাট’গ্ৰাফী নি:সন্দেহে প্ৰশংসনীয়। ছবিখন  ৯২ সংখ্যক অস্কাৰ বঁটাৰ শ্ৰেষ্ঠ ইন্টাৰনেশ্যনেল ফিচাৰ ফিল্ম শাখাৰ ব্ৰিটিছ এন্ট্ৰি আছিল। ২০১৯ চনত চানডান্স ফিল্ম ফেষ্টিভেলত প্ৰিমিয়াৰ হোৱা ১১৩ মিনিটৰ ছবিখনৰ ভাষা আফ্ৰিকাৰ কিছু দেশত প্ৰচলিত ছিচোৱা আৰু ইংৰাজী। অনুপ্ৰেৰণামূলক সত্য ঘটনা আধাৰিত কাহিনীৰ লগতে চিত্ৰনাট্যকাৰ আৰু পৰিচালক হিচাপে এজন প্ৰতিষ্ঠিত অভিনেতাৰ দক্ষতাক জানিবলৈও দ্য বয় হু হাৰনেছড দ্য উইণ্ড চলচ্চিত্ৰৰসিকে চাব পাৰে।

অভিনেতা-প্ৰযোজক টম ক্ৰুজৰ সাক্ষাৎকাৰৰ এটা ভিডিঅ’ৰ তলত এজন ব্যৱসায়ীয়ে লিখিছিল যে ক’ভিড পৰিস্থিতিয়ে কোঙা কৰা তেওঁৰ চিনেমাহলটোক আৰু তেওঁৰ ব্যৱসায়ক টপগান : মেভৰিকে উদ্ধাৰ কৰিলে। সেয়েহে তেওঁ টমৰ ওচৰত চিৰকৃতজ্ঞ। আমি যিমানেই চিনেমাৰে মন-মগজু উদ্বেলিত কৰাৰ কথা, হেঁপাহৰ পৃথিৱীত বিচৰণ কৰাৰ কথা কৈ নাথাকোঁ কিয়, চিনেমা এখনৰ ব্যৱসায় অতি গুৰুত্বপূৰ্ণ কথা। সেয়া অন্তত: আমি ভালকৈ বুজোঁ। টপগান : মেভৰিক এতিয়ালৈকে টম ক্ৰুজৰ কেৰিয়াৰৰ আটাইতকৈ বেছি উপাৰ্জন কৰা আৰু ২০২২-ৰ দ্বিতীয় সৰ্বোচ্চ উপাৰ্জনকাৰী চিনেমা (২০২২-ৰ সৰ্বোচ্চ ব্যৱসায় জেমছ কেমেৰুনৰ অৱতাৰ-দ্য ৱে অৱ ৱাটাৰৰ)।  টমৰ অভিনয় জীৱনৰ আৰম্ভনিৰ চিনেমা ১৯৮৬-ৰ টপগানৰ চিকুৱেল ২০২২-ৰ টপগান মেভৰিক। ৩৬ বছৰৰ ব্যৱধান। পিছে সময়ৰ এই বৃহৎ ব্যৱধানে অভিনেতা টমৰ যে একোৱেই কাঢ়ি নিব নোৱাৰিলে সেয়াই টপগান মেভৰিকত আমি বিস্ময়েৰে লক্ষ্য কৰিলোঁ। অবৈধ ইউৰেনিয়াম প্লান্টটো ধ্বংস কৰি উঠি আকাশত শত্ৰুপক্ষৰ অত্যাধুনিক  বিমানৰ মুখামুখি হৈ ৰুষ্টাৰে বিতত হৈ সুধিছিল “F-14 -এৰে আমি ফিফথ্-জেন্ ফাইটাৰ্ছৰ লগত যুজিম?” অতি দক্ষ পাইলট মেভৰিকে আত্মবিশ্বাসেৰে উত্তৰ দিছিল-”ইটছ্ নট দ্য প্লেইন, ইটছ্ দ্য পাইলট।”  ষাঠি বছৰীয়া অভিনেতাজনে আকাশত চলি থকা জীৱন-মৰণৰ যুঁজত সহঅভিনেতাক কোৱাৰ ছলেৰে যেন সংলাপটোৰে আমাকহে বয়সে হাৰ মনাব নোৱাৰা নিজৰ দুৰ্দান্ত ৰূপটোৰ কথা ক’লে। পৃথিৱীৰ অতি ধনী, সাহসী, কষ্টসহিষ্ণু অভিনেতাসকলৰ মাজৰ এজন টমৰ বাবে যে বয়স কোনো কথাৰ কথাই নহয় তাৰেই প্ৰমাণ টপগান : মেভৰিক। অৱশ্যে চিনেমাখনত টম আৰু আকাশী যুদ্ধৰ উত্তেজনাখিনিৰ বাদে চাবলগীয়া বিশেষ একো নাই। পাহাৰৰ মাজৰ ক’ৰবাৰ এক দুৰ্গম স্থানত, কটকটীয়া নিৰাপত্তাৰ মাজত থকা অবৈধ ইউৰেনিয়াম প্লান্ট এটা ধ্বংস কৰিবলৈ যিটো দল প্ৰেৰণ কৰা হয় সেই দলটোৰ প্ৰশিক্ষক পিট “মেভৰিক” মিটচেল। মেভৰিকৰ সাহস, ষ্টেমিনা, বিমান চালনাৰ দক্ষতাৰ সমকক্ষ কোনো নাই। নেভি পাইলট মেভৰিকৰ তত্ত্বাৱধানত অবিশ্বাস্য সাহসেৰে দলটোৱে ইউৰেনিয়াম প্লান্টটোত আক্ৰমণ চলায় আৰু তাক নি:চিহ্ন কৰে। ৩৬ বছৰ আগৰ টপগানখনত দেখুওৱা কিছু আধৰুৱা হৈ ৰৈ যোৱা সম্পৰ্কই টপগান মেভৰিকত পূৰ্ণতা পায়। পেনি, ৰুষ্টাৰৰ সৈতে মেভৰিকৰ সম্পৰ্কই নতুন মোৰ লয়। হ’লেও যোচেফ ক’জিনস্কিয়ে পৰিচালনা কৰা ই এখন সম্পূৰ্ণৰূপে টম ক্ৰুজ ছবি। টেকন’লজি আৰু টম ক্ৰুজে  চিনেমাখনৰ প্ৰতি দৰ্শকক আকৃষ্ট কৰিছে। লগতে আছে এং লীৰ লাইফ অৱ পাইৰ বাবে ২০১৩-ত শ্ৰেষ্ঠ চিনেমাট’গ্ৰাফীৰ অস্কাৰ লাভ কৰা বিখ্যাত চিনেমাট’গ্ৰাফাৰ ক্লডিঅ’ মিৰাণ্ডাৰ কাম। চলিত বছৰৰ     অস্কাৰত  টপগান মেভৰিকে শ্ৰেষ্ঠ ছবিৰে সৈতে মুঠ ছটা মনোনয়ন লাভ কৰি বেষ্ট ছাউণ্ডৰ বঁটা লাভ কৰিছে। চিনেমা সমালোচক এ, অ’ স্কটৰ ভাষাত টপগান : মেভৰিক- “thin, over-strenuous and sometimes very enjoyable movie, and an earnest statement of the thesis that movies can and should be great”. আৰু মোৰ বাবে টপগান : মেভৰিক চিনেমেটিক উত্তেজনা আৰু দুৰন্ত টম।    

পৰিচালক, চিত্ৰনাট্যকাৰ,অভিনেতা-অভিনেত্ৰী–প্ৰায়েই এই তিনি কাৰকে চিনেমা এখনৰ প্ৰতি মোৰ আগ্ৰহ বঢ়ায়। কিন্তু চাব্বাছ মিথুৰ বাবে অপেক্ষা কৰিছিলো সৰ্বকালৰ শ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰ মিথালী ডুৰাই ৰাজৰ প্ৰতি থকা মৰম-আকৰ্ষণৰ বাবে। চাব্বাছ মিথু অৰ্জুন বঁটা, ধ্যানচাঁদ খেলৰত্ন প্ৰাপক পদ্মশ্ৰী মিথালীৰ জীৱনভিত্তিক চিনেমা। শিশুকালত বান্ধৱী নুৰীৰ সাহসত দেখা এক সপোনৰ সফল সমাপ্তিৰ কাহিনী মিথালী ৰাজ। সফলতা মানেই সংঘাত সৰ্বদা বিদ্যমান। তাতে আমাৰ নিচিনা এখন দেশত, য’ত পৰিয়ালৰ পৰা ক্ৰিকেট কন্ট্ৰ’ল ব’ৰ্ডলৈকে মহিলা ক্ৰিকেটাৰ অহৰহ সংঘাত-হতাশাৰ চিকাৰেই হয়, তেনে ক্ষেত্ৰত ১৯৯৯ চনৰ পৰা ২০২২ চনলৈকে আন্তৰ্জাতিক ক্ৰিকেটত থাকি ইটোৰ পাছত সিটো ৰেক’ৰ্ড গঢ়ি যোৱাটো কি অলপ কথা! টেষ্ট, এদিনীয়া, টি-২০ সকলোতে ক্ৰিকেটপ্ৰেমীয়ে দুৰ্দান্ত মিথালীক দেখিছে, খেলৰ লগতে দেখিছে তেওঁৰ নেতৃত্বকো। ৰেক’ৰ্ড গঢ়িবলৈকে যেন মিথালীৰ জন্ম। ভাৰতৰ মহিলা ক্ৰিকেটক তেনেই চালুকীয়া অৱস্থাৰ পৰা “উইমেন ইন ব্লু” পৰ্যায়লৈকে অনাত, বিশ্বক্ৰিকেটত ভাৰতীয় মহিলা দলৰ স্থিতি মজবুত কৰাত মিথালীৰ যি চিৰস্মৰণীয় অৱদান সেই অৱদানক চাব্বাছ মিথুত উপস্থাপন কৰিবলৈ প্ৰয়াস কৰা হৈছে। ক্ৰিকেট ভালপোৱাসকলৰ বাবে চিনেমাখন বাৰে বাৰে চাব পৰা চিনেমা। কিন্তু চলচ্চিত্ৰ ৰসিকৰ বাবে চাব্বাছ মিথু শ্ৰীজীত মুখাৰ্জীৰ দৰে কেমেৰাৰ ভাষাৰে নান্দনিক খেল খেলাত পাৰ্গত, ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক পৰিচালকৰ অতি দুৰ্বল প্ৰয়াস। সঘনাই পুৰুষৰ ক্ৰিকেটৰ লগত কৰা তুলনাৰ ফলত মোৰ এনে অনুভৱ হ’ল যেন মিথালীৰ ক্ৰিকেটতকৈ ক্ৰিকেটত থকা পুৰুষ-মহিলাৰ  ভিন্নতাৰ কথা দেখুৱাবলৈহে নিৰ্মাতাসকল অধিক আগ্ৰহী। মিথালীৰ চৰিত্ৰত অভিনয় কৰিছে সুদক্ষ অভিনেত্ৰী তপসী পান্নুৱে। মিথালীৰ পিছে প্ৰথম পছন্দ আছিল প্ৰিয়ংকা চোপ্ৰা। ২০১৭-ৰ মহিলা ক্ৰিকেট বিশ্বকাপৰ পাছতে জীৱনভিত্তিক ছবিখন নিৰ্মাণৰ কথা ওলাইছিল যদিও ক’ভিড পৰিস্থিতি, পৰিচালক সলনি আদি অনেক বাধা-বিপত্তিৰ মাজেৰে আহি অৱশেষত ১৫৬ মিনিটৰ চাব্বাছ মিথু আমাৰ সমূখলৈ আহিল চিনেমাৰ ভাষাত প্ৰায় বিধ্বস্ত ৰূপত। “খেলপথাৰত জীৱনৰ সকলো দুখ সৰু, খেলহে ডাঙৰ” আৰম্ভনিৰ প্ৰশিক্ষক চম্পথ কুমাৰৰ এই বাণীৰে নিজকে লৌহ মানৱীৰ দৰে গঢ়ি তোলা মিথালীৰ চিনেমাখন যিয়েই নহওক, GOD of women’s cricket মিথালী কিন্তু আমাৰ হৃদয়ে হৃদয়ে চিৰদিনলৈ থাকি যাব। 

Visited 2 times, 1 visit(s) today
Last modified: May 5, 2025
Close Search Window
Close