Written by 4:06 am Articles

চাকিৰ তলৰ ছাঁ

কল্যাণী দত্ত

পুৱাৰ পৰা ৰাতি এপৰলৈকে ঘৰখন উৰুলিকৃত হৈ থাকে। যেন বিয়াঘৰ এখনহে! হাই-উৰুমি বা কাজিয়া-পেচাল বুলি নহয়, অনৱৰতে হাঁহি-খিকিন্দালিহে। বেলি উঠাৰ লগে লগে আৰম্ভ হোৱা হাঁহি-কিৰীলি আৰু কথাৰ লানি নিছিগা ধাৰবোৰ নিশা ভাত খোৱাৰ পাছতহে শাম কাটে৷ আইতাকে মাজে মাজে দবিয়াই উঠে— “হেৰৌ মনে মনে থাকচোন অলপ। সন্ধিয়া পৰত ধৰালৈ গোসাঁই ঈছৰ নামে৷ ঘৰে ঘৰে সোমাই অঞ্জল দিয়ে৷ তহঁতে এনেকৈ হাঁহিত ঘৰৰ টিং উৰুৱাওঁ যেন কৰি থাকিলে গোসাঁই ঈছৰ পত্ৰং দিব৷” 

মাকেও কথাষাৰত হাত উজান দিয়ে— “হয় পাই, মুখ দুখন নিবিষায় নে কি জানো এই দুজনীৰ! কেতিয়াকৈ যে স্কুললৈ যাব পৰা হ’ব যেন লাগিছে৷ তেতিয়াহে যদি ঘৰখন অলপ শান্ত হয়৷”

পিছে মাক-আইতাকৰ কথা বুজিব পৰাকৈ সিহঁতৰ বয়সেইনো হৈছে কিমান ! তালযুৰীয়া ছোৱালী দুজনী মাথোঁ ডেৰ বছৰৰহে ডাঙৰ-সৰু৷ গতিকে ভাল-ভুলৰ প্ৰভেদ বুজিব পৰা হোৱা নাই অদ্যাপি৷ পুৱাৰ পৰা গধূলি এপৰলৈকে খেলি, দৌৰি, জঁপিয়ায়েই পাৰ কৰে দুয়ো৷

সোণমণি ডাঙৰ৷ তাইৰ জন্মৰ ডেৰ বছৰমানৰ পাছতেই আহিছিল সোণপাহি ৷ দুয়োজনীৰে নাম দুটা আইতাকেই ৰাখিছিল৷ “পোছাকী নাম তহঁতে  যি দিয় দি থাকিবি পাছে-পৰে৷ ঘৰত মাতিবলৈ মই দিম নাম৷” সোণমণিৰ জন্মৰ দিনাই আইতাকে সোলা হাঁহিটো মাৰি ঘোষণা কৰিছিল কথাষাৰ৷ মাকৰ আব্দাৰত পো-বোৱাৰী কোনেও এষাৰো মাত মতা নাছিল৷ কোঠাত সোমাই দুয়ো মুখ টিপি হাঁহিছিল৷

সেই সোণমণি থুপুক্-থাপাক্কৈ খোজ কাঢ়ি বৰঘৰ-চ’ৰাঘৰ কৰিব পৰা হোৱা দিন এটাতে সোণপাহি আহিছিল ঘৰখনলৈ৷ ঘৰখনৰ যেন জেউতি আগতকৈও চৰিছিল৷ আইতাকৰ ব্যস্ততাবোৰ বাঢ়িছিল৷ সোণমণিক পিটিকি পিটিকি খিচিৰি খুৱাই দিয়াৰ পৰা অশৌচীয়া বোৱাৰীয়েকৰ বাবে জালুক বটি পাতত দিয়ালৈকে৷ ভেদাইলতাৰে জীয়ন দি থোৱা মাগুৰ মাছৰ জোল ৰন্ধাৰ পৰা ঘৰ-চোতাল সৰালৈকে৷ তথাপি, আইতাক ভাগৰুৱা হোৱা নাছিল৷ সোণমণিৰ কলকলনিয়ে ঘৰখনৰ অৱসাদবোৰ ধুই নিছিল৷

সোণমণিৰ ওপৰে-তলে গুৰিদাঁত ওলোৱাৰ সময়তে সোণপাহিয়েও অ’ত-ত’ত ধৰি থিয় দিব পৰা হৈছিল৷ ঘৰখনৰ মানুহবোৰ কেৱল দুয়োজনীৰে লগত ব্যস্ত হৈয়ে থাকিব লাগে৷ কোনোবা এবাৰত যদি সোণমণিয়ে দৌৰি গৈ বুৰাই থোৱা পানী বাল্টিত হাত ভৰায়গৈ, কোনোবা এবাৰত আকৌ সোণপাহি থুপুক্-থাপাক্কৈ গৈ চূণৰ টেমিটোতে হাত দিয়েগৈ৷ মুঠতে আইতাক আৰু মাকে ধনু ধৰাদি ধৰি ৰাখিব লাগে দুয়োটি সোণ পুতলাকে৷

আবেলি মাকে দীঘল বাঢ়নীটাৰেৰে চোতাল সাৰে৷ বাঢ়নীৰ কাঠি এটা লৈ সোণমণিয়ে মাকৰ পিছে পিছে কণ কণ ভৰিৰ চিন মাটিত এৰি চোতালখন আঁক-বাক কৰি যায়৷ সেই সময়ত আইতাকে সোণপাহিক যেনে-তেনে কোলাত বহুৱাই ৰাখে৷ মাজে মাজে ৰাস্তাই যোৱা মানুহ দেখুৱাই দোখুৱাই গায়— “হাতীত উঠি পানীৰাম ঘৰলৈ যায়, আলিবাটৰ মানুহে ঘূৰি ঘূৰি চায়”৷

সন্ধিয়া চাৰিআলিত থকা দোকানখন সামৰি সোণমণিহঁতৰ দেউতাক ঘৰলৈ আহে৷ দুটি জীৱন্ত পুতলাৰ ভৰিৰ নাচোনত শাঁত পৰে তেওঁৰ ভাগৰুৱা কলিজা৷ সোণমণিয়ে “দেতাক পানী মই দিম মই দিম” বুলি আইতাকৰ হাতৰ পৰা পানীৰ গিলাচটো লৈ ঢোলোকনি খুৱাই খুৱাই আধা পানী পেলাই নি দেউতাকৰ হাতত গিলাচটো দিয়েগৈ৷ আধাগিলাচ পানীৰেই পিয়াহ পলায় মানুহজনৰ৷ মাকে আখলত খোলা পাতে৷ তেল দিয়া পিঠাৰ ফুৰ্ফুৰীয়া গোন্ধত মলমলায় ঘৰৰ আগফাল-পিছফাল৷

“মা হুমণিয়ে মোক নিদিয়ে”— কণমানি সোণপাহিয়ে থেন্থেনায় মাকৰ আগত৷ মাকে তাইক মৰমেৰে বুজায়— “হুমণি বুলি নকয় কলিজা মোৰ, বা বুলি ক’বা দেই।”

দিনবোৰ গৈ থাকে৷

দুয়োজনীয়ে “ৰ’দো দিছে, বৰষুণো দিছে, খঁৰা শিয়ালৰ বিয়া” গাব পৰা হয়৷ আইতাকক সাধু ক’বলৈ খাটনি ধৰিব পৰা হয়৷ পুৱাৰ পৰা গধূলিলৈকে মাথোঁ চিঞৰ-বাখৰ কৰি থাকিব পৰা হয়৷ মাকৰ চাদৰ এখন গাত আঁৰি দৰা-কইনা খেলিব পৰা হয়৷

খং উঠিলে কেতিয়াবা আইতাকে কয়— “কিহৰ বাবে ইমান মুখ দুখন বাঢ়িছে ঔ এই দুজনীৰ! ছোৱালী মানুহৰ মুখ একেবাৰে লাওপাত, কচুপাত হেন হৈছে৷”

মাকে মুখেৰে একো নামাতে৷ আইতাকে যে এইবোৰ কথা অন্তৰ ফালি নকয়, সেয়া তেওঁ বুজে৷ নহ’লেনো কেতিয়াবা সোনকালে সিহঁতৰ টোপনি গ’লে “ফুট গধূলিতে সোণপুতলা দুটাক কিয় শুৱাই থ’লি” বুলি বোৱাৰীয়েকক চকু পকাই ধৰেনে!

“কওকচোন আইতা, তাৰ পাছৰখিনি… আচলতে সম্পূৰ্ণ কথাখিনি জনাটো মোৰ বাবে বৰ জৰুৰী৷ গোটেই কথাখিনি নজনাকৈ ট্ৰিটমেণ্ট দিবলৈ অলপ প্ৰব্লেম হয়৷ তাতে ইমান সৰুতেই…”

নাটকৰ এটা দৃশ্যৰ যেন দৃশ্যপট পৰে৷

‘পোহৰ আৰু ছাঁ’ নামৰ  নাটকখনৰ আঁৰকাপোৰ আঁতৰাৰ লগে লগে আন এটা দৃশ্যলৈ আগুৱাই যায় দৰ্শকৰূপী ডাক্তৰ ঋষিকেশ ভট্টাচাৰ্য৷

ঘৰখনত মৰিশালিৰ নিস্তব্ধতা সৰ্বত্ৰ৷ আজিকালি দুযুৰি কণ কণ ভৰিয়ে দেওধনী নৃত্য নকৰে ঘৰখনৰ চাৰিবেৰৰ মাজত৷ এযুৰি ভয়াৰ্ত হৰিণী নয়নে নিৰুদ্বেগ হৈ দৃষ্টি প্ৰসাৰি থাকে সুদূৰলৈ৷

“এইটো কাৰ দৌল…

ক’লি ঔচ, বগী ঔচ…

ধেক্কেচ…’’

তাৰ পাছৰ হাঁহিৰ খলকনিবোৰ বিচাৰি বুঢ়ীয়ে ঘৰখনৰ বাহিৰে-ভিতৰে হাহাকাৰ কৰি থাকে৷ সেই হাঁহিবোৰ যে কাৰ ঘৰৰ এলান্ধুকলীয়া বৰপেৰাত সোমাল! কাৰ চকুৰ পোৰণিয়ে বাৰু ছাই কৰি দিলে সেই দিনবোৰ? বুঢ়ীয়ে ভাবি পাৰ নাপায়৷ আই গোসাঁনীৰ মন্দিৰলৈ এটকা চাৰিঅনাৰে তামোল-পাণৰ টোপোলা বান্ধে৷ সকলো ভাল হৈ উঠক, এই আশাৰে৷ তথাপি, সকলো নিঃসাৰ হৈ ৰয়৷

আগফালে মুঢ়াটোত বহি থকা জীৱন্ত পুতলাটো চাবি নিদিলে পৰি থকা প্লাষ্টিকৰ পুতলাটোৰ দৰে বহি থাকে৷
  

“ইয়েই আমি পূজা চাবলৈ যাম, পূজা চাবলৈ যাম৷” “পূজাত বোলে বেলুন আৰু পুতলা ওলায়, হয় নে আইতা?”— ঘৰখন পুৱাৰ পৰাই আনন্দমুখৰ হৈ আছিল সেইদিনাও৷ আনদিনাৰ দৰেই৷ সোণমণি, সোণপাহিৰ হেঁপাহক আওকাণ কৰিব নোৱাৰি মাক-দেউতাকে দুয়োকে লৈ যায় পূজাথলীলৈ৷ সোণমণি মটৰচাইকেলৰ আগত বহে৷ মাক আৰু দেউতাকৰ মাজত কণমানি সোণপাহি৷ তামোলৰ সেলেঙি বৈ থকা ওঁঠেৰে আইতাকে দুয়োৰে দুগালত টপক্ টপক্কৈ চুমা খায়৷ পদূলিমুখলৈ আগবঢ়াই দি আইতাকে দঢ়াই দঢ়াই কয়— “সোনকালে ঘূৰি আহিবা দেই সোণপুতলা দুটা মোৰ৷ নহ’লে মই অকলে অকলে কান্দি থাকিম নহয়৷”

আহে, সোনকালে ঘূৰি আহে সিহঁত ৷ পিছে যোৱাৰ দৰে মটৰচাইকেলেৰে নহয়৷ কোনোবা অচিনাকি মানুহ এজুমৰ মাজত তিনিখন বগা কাপোৰৰ তলত৷ বুঢ়ী অচেতন হৈ পৰে৷ কোনোবাই নাৰিকল তেলৰ টেমাটো বুঢ়ীৰ মূৰত উবুৰিয়াই দিয়ে৷ কোনোবাই টেঙা-পানী দিয়ে৷

“আপুনি এনে কৰিলে নহ’ব আইতা৷ অকণমানিজনীৰ মুখলৈ চাই আপুনি ধৈৰ্য ধৰিব লাগিব৷ বেচেৰীয়ে মূৰত অলপ আঘাত পাইছে৷ কান্দিব পৰা নাই এতিয়ালৈকে তাই৷ চাৰিআলিৰ ডাক্তৰখানাতে ৰখা হৈছে তাইক৷”

বুঢ়ী সচকিত হৈ পৰে৷ “কি হৈছিল? কি হৈছিল মোৰ বুকুৰ আগমঙহকেইটুকুৰাৰ লগত?”— বুঢ়ীয়ে বিৰ্বিৰায়৷ 

কোনোবাই বিৱৰি যায়৷ ৰাস্তা পাৰ হ’বলৈ লওঁতেই পিছফালৰ পৰা অহা প্ৰচণ্ডবেগী ট্ৰাকৰ খুণ্ডাত ছিটিকি পৰে সোণমণি৷ আৰু বাকী তিনিজনৰ ওপৰেৰে পাৰ হৈ গ’ল ট্ৰাকখন… 

বুঢ়ীৰ আৰু শুনাৰ ধৈৰ্য নাথাকে৷ বুকুৰ বিষ আৰু মনৰ শোকে বুঢ়ীক এফালৰ পৰা শুহি নিয়ে৷ তিনিকুৰা জুইৰ লেলিহান শিখাই দহি পেলায় বুকুখন৷

তাৰ পাছত, ঘৰখন আৰু উৎসৱমুখৰ নহ’ল কাহানিও৷ খেলা বস্তুবোৰ তেনেকৈয়ে পৰি ৰ’ল এচুকত৷ আগফালৰ বাৰাণ্ডাখনৰ এটা মুঢ়া উকা হৈ থাকিল অনৱৰতে৷

“মুখেৰে মাত এটা মাত অ’ সোণমণি, তোক মই কাবৌ কৰিছোঁ৷”— বুঢ়ীৰ হিয়াভঙা কান্দোনেও সোণমণিৰ মুখৰ মাত ঘূৰাই আনিব নোৱাৰে কোনোদিন৷

— “ইস ইস, থকাজনীও বেঙীহে হ’ব হ’বলা! একো এটা মুখৰ মাত নোলোৱা হৈ থাকিল দেহি বেচেৰীজনীৰ!”

— “তাই বহুত বেছি চঁক খালে৷ সেইবাবে মাতটো চিৰদিনলৈ নাইকিয়া হৈ গৈছে৷”

— “এৰা পাই, ঘৰখনলৈ চাব নোৱৰা অৱস্থা হ’ল৷ বুঢ়ীও এই বেজাৰতে সিফলীয়াহে হ’ব যেন পাওঁ!”

টুকুৰা-টুকুৰ কথাবোৰে বিষকাঁড় একোপাট হৈ বুঢ়ীক বিন্ধি থাকে৷ নিজকে প্ৰবোধ দিয়ে তেওঁ— নাই নাই, এই কথাই কথা নহয়। তেওঁ ভাগি পৰিলে নহ’ব৷ তিনিকুৰা জুই দেখিয়েই কণমানিজনী নিৰ্বাক হৈ আছে৷ তিনিটা তেজ লগা ছিন্ন ভিন্ন শৰীৰেই তাইক খেদি ফুৰিছে৷ আকৌ এবাৰ ভয়াৱহতাৰ মুখামুখি হ’বলৈ নিদিয়ে তেওঁ কণমানিজনীক৷

বুঢ়ীৰ মনটো দৃঢ় হয়, হৃদয়খন কঠিন হয়৷ আৰু খোজবোৰ আগ বাঢ়ে ডাক্তৰখানাৰ দিশে৷

“কচোন সোণমণি, আইতা বুলি ক৷ আ….ই…..তা৷”— কাকূতি কৰে বুঢ়ীয়ে সোণমণিক৷ কিন্তু, এটা নিৰ্জীৱ পুতলাৰ দৰে বহি থাকে সোণমণি৷ যেন এটা যন্ত্ৰহে৷

“আইতা, আপুনি ভাগি নপৰিব৷ আপোনাৰ ঘৰখনত আকৌ এটা সোণকলি ফুলিব৷ এযুৰি নূপুৰ পিন্ধা ভৰিয়ে দেওধনী নাচিব৷ অৱশ্যে, এই কাৰ্যৰ বাবে মোক অলপ সময়ৰ প্ৰয়োজন হ’ব৷” বুঢ়ীৰ হাতত হাত ৰাখি ডাক্তৰে আশ্বাস দিয়ে৷

সোণমণিক কোলাত তুলি আইতাকে ঘৰমুখী যাত্ৰাপথত খোজ দিয়ে৷ এই পথত তেওঁ এতিয়া অকলে নহয়৷ তেওঁৰ লগত আছে এজন সহযাত্ৰী৷

লেখিকাৰ ঠিকনা :

ভৱানীপুৰ, বৰপেটা (অসম)

পিন: ৭৮১৩৫২

ভ্ৰাম্যভাষ: ৮৩৯৯০১৪৪০৭

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 22, 2025
Close Search Window
Close