Written by 10:12 am Articles

চাংমাইশাল

তেঁতেলী আৰু সৰিয়হৰে ইলিচ মাছ

ইলিচ মাছ বুলি ক’লেই  সাধাৰণতে সৰিয়হ-ইলিচ, ভাপা ইলিচ, ইলিচ মাছৰ পাতুৰি  আদি  ৰন্ধনশৈলীয়েই আমাৰ মনলৈ আহে। এইবাৰ আগ বঢ়াইছোঁ ইলিছ মাছৰ এক ব্যতিক্ৰমী ৰন্ধন—

উপকৰণ
ইলিচ মাছ৬ টুকুৰা
সৰিয়হ২ চাহ-চামুচ
তেঁতেলী১/২ টেবুল-চামুচ
কেঁচা জলকীয়া৪টা
নিমখস্বাদ অনুসৰি
চেনি১ চাহ-চামুচ
গোটা সৰিয়হ১/২ চাহ-চামুচ
মিঠাতেল ২ টেবুল-চামুচ

প্ৰণালী: প্ৰথমে মাছকেইডোখৰ নিমখ আৰু হালধি সানি কিছু সময় মেৰিনেট কৰি ৰাখক৷ সেইখিনি সময়তে তেঁতেলীখিনি কাঁচৰ বাটি‍ এটাত একাপ পানীৰ স’তে মিহলাই লওক৷ তাৰ পাছত সৰিয়হখিনি দুটা কেঁচা জলকীয়া আৰু অকণমান নিমখেৰে সৈতে মিক্সিত পেষ্ট কৰি, এটা বাটিত পেষ্টখিনিৰ লগত হালধি আৰু এগিলাচ পানী মিহলাই  ৰাখক৷ এতিয়া এটা ফ্ৰায়িং পেনত মিঠাতেল দি গেছত তুলি দি, তেল গৰম হ’লে গোটা সৰিয়হকেইটা ফুটাই মাছ কেইচকল দি  কিছু সময় ইলুটি-সিলুটি কৰি সৰিয়হমিহলি পানীখিনি এখন চেকনীৰে চেকি দি দিয়ক৷ সেইখিনি উতল অহাৰ লগে লগে তেঁতে‍লীপানীখিনিও চেকি তাতে দি দিয়ক৷ স্বাদ অনুসৰি নিমখ দিয়াৰ লগতে অকণমান চেনি দি জোলখন ঘন হৈ অহিলে দুটামান কেঁচা জলকীয়া ফালি দি নমাই পৰিৱেশন কৰক৷

গুটিকচুৰে সৈতে মাছ

উপকৰণ
চেনিপুঠি মাছ৫০০ গ্ৰাম
কচু১টা (১৫০ গ্ৰাম)
মেথিগুটি১ চাহ-চামুচ
পিঁয়াজসৰু চাই ১টা
কেঁচা জলকীয়া২টা
গোলনেমুৰ ৰস২ চাহ-চামুচ
ধনি‍য়াপাত২ টেবুল-চামুচ
নিমখ স্বাদানুসাৰে‍


প্ৰণালী: 
প্ৰথমে কচুটো গুচাই টুকুৰা-টুকুৰ কৰি সিজাই লৈ পিটিকি লওক৷ তাৰ পাছত ফ্ৰাইপেনত মাছকেইচকল আধা ভজা কৰি সেই তেলতে মেথিকেইটা ফুটাই, পিঁয়াজকেইচকল দিয়ক৷ পিঁয়াজ ভালদৰে ভজা হ’লে হালধি দি আগতে পিটিকি থোৱা কচুখিনি দি অকণমান লৰাই এগিলাচমান গৰম পানী দিয়ক৷  উতল অহাৰ লগে লগে মাছ দি,  মাছ সিজি জোলখন  ঘন হ’লে নেমুৰস দি, অকণমান চেনি আৰু কেঁচা জলকীয়াকেইটা ফালি দি শেষত ধনি‍য়াপাত দি নমাই পৰিৱেশন কৰক৷

এইমাহৰ চাংমাইশাল ‘তৃপ্তি’-ৰ সৌজন্যত

Visited 4 times, 1 visit(s) today
Last modified: May 22, 2025
Close Search Window
Close