Written by 3:39 am Articles

চন্দ্ৰ শইকীয়া প্ৰবন্ধ (ডিচেম্বৰ)

‘জেংৰাই-১৯৬৩’ : এটি পঠন অভিজ্ঞতা

চন্দ্ৰ শইকীয়া

(corrected)

সাহিত্য অকাডেমিৰ বঁটাপ্রাপ্ত অজিৎ বৰুৱা(১৯২৬-২০১৫)একেধাৰে কবি,গীতিকাৰ,ঔপন্যাসিক, সমালোচক, অনুবাদক আৰু ৰম্যৰচনাকাৰ। ‘জেংৰাই-১৯৬৩’ নামৰ  বিখ্যাত কবিতাটিৰ জন্মদাতা হোৱাৰ পৰাই এই কবিজন ‘জেংৰাইৰ কবি’ হিচাপে প্ৰখ্যাত হৈ পৰে। উজনি মাজুলীৰ জেংৰাইমুখ অঞ্চলতে তিব্বতৰ পৰা ওলাই আহি প্ৰায় চাৰিশ বিয়াল্লিছ কিলোমিটাৰ পথ অৰুণাচল প্ৰদেশ, অসমৰ লক্ষীমপুৰ আৰু ধেমাজি জিলাৰ মাজেৰে অতিক্ৰম কৰি ব্ৰহ্মপুত্ৰত পৰিছেহি ব্ৰহ্মপুত্ৰৰ সৰ্ববৃহৎ উপনদী সোঁৱণশিৰি। তলত ‘জেংৰাই-১৯৬৩’ নামৰ কবিতাটোৰ বিশ্লেষণৰ প্ৰয়াস কৰা হৈছে।

কবিতাটোৱে দিয়া প্ৰথম ধাৰণা :

     কবিতাটোৰ আৰম্ভণিৰ সময় আন্ধাৰ হোৱাৰ অলপ আগত। তেনে সময়তে কবি তেওঁৰ সঙ্গিনী সহ এই সোৱণশিৰি নদীত (নাৱেৰে আহি)পৰিলহি।সোৱণশিৰিৰ এটিং মাত্ৰ পানীৰে সংস্কাৰবাদী কবিয়ে তেওঁলোকৰ সৰু নাওখনৰ টিংটো ধুই-পখালি ল’লে। কবিৰ আক্ষেপ, তেওঁলোক পৰম্পৰাবাদী আৰু অন্ধবিশ্বাসী কেৱল। কবিয়ে এই কথা অকপটে স্বীকাৰো কৰিলে। কবিৰ এই অন্ধবিশ্বাসো পিছে নিৰন্ধ্ৰ বা ছিদ্ৰবিহীন নহয়। কবি নিজেই আঁচৰিত যে তেওঁৰ এই অন্ধবিশ্বাস যেন কিছুমান ছিদ্ৰ বা সুৰুঙাযুক্ত।যিটোৱে তেওঁলোকক অলপ হ’লেও বাস্তৱবাদী হ’বলৈ সাহস যোগাইছে। ৰাতিৰ আগমনৰ লগে লগে অলৌকিক প্ৰচ্ছায়াই তেওঁলোকৰ মন-প্ৰাণ গ্ৰাস কৰিবলৈ আৰম্ভ কৰিলে। ভয়ে ভয়ে তেওঁলোকে নৈ-চাপৰিতে নাও চপালে। কবিৰ আশা, চাপৰিৰ অধিকাৰী অলৌকিক শক্তিৰ গৰাকী কৰুণাময় ‘ডাঙৰীয়া’ই তেওঁলোকক ৰক্ষা  কৰিব। তেনেদৰেই ৰাতিটো সুকলমে পাৰ হ’ব।

       নাওখনৰ ওপৰৰ ফালে উদং, কোনো ঢাকনি নাই। জিলিকি থাকিল আকাশৰ তৰাবোৰ। চাপৰিৰ ম’হৰ খুঁটিবিলাকত ম’হৰ ডিঙিত বান্ধি থোৱা ঘণ্টাবোৰৰ জোকাৰণিৰ শব্দত যেন ব্ৰহ্মাণ্ড সঙ্গীতহে বাজিল। তাকে শুনি কবিৰ মনত ভাব হ’ল যে সেয়া চাপৰিৰ অৰণ্যৰ পৰা ওলাই অহা বাঘৰ চিনাকি ঘ্ৰাণত উধাতু খাই কম্পিত হোৱা ম’হজাকৰ ডিঙিত আঁৰি থোৱা ঘণ্টাবোৰৰ সঞ্চালনৰ শব্দ।

       নৈখনৰ কোবাল সোঁতত পাক খাই আহি সশব্দে চাৰিওফালে মেল খাই যোৱা পানীভাগৰ গোন্ধ, অন্ধকাৰ বিহ্বল ৰাতি নিৰ্জন নৈ-চাপৰিত সম্ভাৱ্য বিপদৰ পৰা মুক্তি বিচৰাৰ গোন্ধ, পানীত গেলি উফন্দি উঠা মাছৰ গোন্ধ আৰু ফটাবাঁহৰ টুকুৰাৰ মাজত আৱদ্ধ গেলা পানীৰ গোন্ধবোৰ কবি আৰু তেওঁৰ সঙ্গিনীৰ অসহনীয় হৈ পৰিল। তেওঁলোকে নাৱৰ টিঙত শুই আকাশৰ তৰা আৰু চাপৰিৰ বোকা একেলগে দেখিলে। বাঘৰ গোজৰণিত ম’হৰ ডিঙিৰ ঘণ্টা বজা আৰু নদীৰ পানীৰে দূৰৰ পৰা ভাহি অহা জলকুঁৱৰীৰ গীত একেলগে বাজি কবি আৰু তেওঁৰ সঙ্গিনীৰ কলিজা কঁপাই তুলিলে। একেলগে বাজি উঠিল সকলো ধ্বনি, বেসুৰা সুৰীয়া হৈ।

         ৰাতি দুপৰত মণিব পৰা সীমাৰ ভিতৰত নে চকুৰ মণিৰ ভিতৰ ফালত দুকুৰা জুই (একুৰা নহয় কিন্তু) অহা-যোৱা কৰে নিবিড় অবিৰামভাৱে। কবি আৰু তেওঁৰ সঙ্গিনীৰ মাজত। ভয় লগা ধনগুলৈৰ জুই, যেন সময়ৰ আহ্বানত যৌনতাৰ জুই, সংযম হীনতাৰ দুৱাৰদলিত পহৰাদাৰ জুই; নহ’লে দিনৰ পোহৰত সেয়ে হয়তো কবিৰ মৃত্যুত কলঙ্কৰ অগনি জ্বলাব। কবি ভস্মীভূত হৈ জনমানসৰ পৰা বিদায় মাগিব লাগিব। মানুহৰ লগতে থাকে এই সহোদৰ ভাতৃস্বৰূপ এই জুইকুৰা। ৰাতিৰ অন্ধকাৰত এইকুৰা জুই জ্বলি উঠে। সেয়েহে কবিৰ তেজ মঙহৰে সম্পৰ্ক থকা এই জুইকুৰাৰ ওচৰত কাতৰ অনুৰাধ, এনে যৌৱনকাতৰ সময়ত জুইকুৰা যেন তেওঁৰ প্ৰতি সদয় হয়।

      কবিৰ আক্ষেপ, চকুত কিয় এনে জুই জ্বলে! দকৈ ভাবি চালে এইটো এটা সাধাৰণ কথা। মানৱ জীৱনত এনেবোৰ ঘটনা ঘটেই। সেয়েহে ঘটনাটো সাধাৰণভাৱে লৈ পুৱাৰ পোহৰৰ লগে লগে তোওঁ জীৱনৰ নৌকাখনি পুনৰ সোৱণশিৰিত মেলি দিলে। পুৱাৰ কুঁৱলীৰ ধূসৰতাৰ মাজতে হঠাতে দেখিলে জীৱনৰ সন্ধানত খাদ্য বিচাৰি এযোৰ গঙা-চিলনিয়ে নদীখনৰ ওপৰত ঘূৰি আছে।

কবিতাটোৰ ভাবনা :

       যুদ্ধোত্তৰ যুগৰ অসমীয়া কবিতাত চেতনাস্ৰোত আৰু অধিবাস্তৱতাপূৰ্ণ ভাৱৰ প্ৰৱাহ দেখা যায়। আধুনিক কবিসকলে পৌৰাণিক আৰু ৰোমান্তিক চিন্তাধাৰাৰ পৰা ক্ৰমে ক্ৰমে আঁতৰি আহি যুক্তিবাদী চিন্তাধাৰাৰ প্ৰতি আগ্ৰহী হৈ উঠে।। মানুহৰ চেতন আৰু অৱচেতন মনত ভাবৰ সঞ্চালন যুক্তিবাদী চিন্তাৰে বিশ্লেষণ কৰি এইসকল কবিয়ে বুজিবলৈ প্ৰয়াস কৰে।অধিবাস্তৱবাদত বিশ্বাসী কবিসকলে মানুহৰ জীৱনত অৱচেতন মনৰ প্ৰভাৱ অনুধাৱন কৰিবলৈ প্ৰয়াস কৰিছিল।এনে চেতনাৰ মূৰ্ত প্ৰকাশ তেওঁলোকৰ কবিতাসমূহত দেখা গৈছিল।

        ‘জেংৰাই-১৯৬৩’ যুদ্ধোত্তৰ যুগৰ এটি ভাবসমৃদ্ধ কবিতা। সময়ৰ চালিকা শক্তিয়ে কবিৰ অৱচেতন মনত প্ৰভাৱ বিস্তাৰ কৰি সমস্ত কাব্চিযন্তা পৰিচালনা কৰিছিল। কবিমনত ভাবৰ সুক্ষ্মতা আৰু তীক্ষ্ণতা প্ৰকাশৰ আহিলা হিচাপে কবিয়ে কেতিয়াবা ভাৱবোধক, প্ৰশ্নবোধক আৰু সঘনাই ডটচিনৰ ব্যৱহাৰ কৰিছিল। এই চিনবিলাকৰ প্ৰয়োগৰ প্ৰভাৱতে কবিয়ে কম শব্দৰ ভিতৰতে মানুহৰ চেতন আৰু অৱচেতন মনৰ উৎকণ্ঠা, দ্বিধা, সংশয় আৰু সিবোৰক অতিক্ৰম কৰিবৰ বাবে জীৱনটোকেই সহজভাৱে লৈ সাহস উন্মোচনৰ পথ প্ৰশস্ত কৰি পাঠকৰ সন্মুখত দাঙি ধৰিবলৈ সমৰ্থ হৈছিল।

        ‘আন্ধাৰ হোৱাৰ অলপ আগতেই’ তেওঁলোক ‘সোঁৱণশিৰিত’ পৰিল। কবিতাৰ আৰম্ভণিটোৱেই পাঠকৰ মনত ভাবৰ ঝঙ্কাৰ তোলে, প্ৰশ্নৰ অৱতাৰণা কৰে; কেনেকৈ তেওঁলোক নদীখনত পৰি গ’ল? কিন্তু পাছ মুহূৰ্ততেই কোৱা সোৱণশিৰিৰ এটিং পানীৰে আমাৰ নাৱৰ টিং ধুৱালোঁ বোলা কথাখিনি পঢ়াৰ পিছতহে পাঠকে স্বস্তিৰ নি:শ্বাস এৰিবলৈ সমৰ্থ হয়। কেনেকৈ তেওঁলোক নদীত পৰিল, এই চিন্তাৰ সমাধানকল্পে আমিও এজন পাঠক হিচাপে ভাবি উলিয়াবলৈ সমৰ্থ হ’লোঁ যে, এটি সৰু, পাতল জলধাৰাৰে তেওঁলোকৰ নাওখন আহি আহি মূল সোৱণশিৰি উপনদীখনত পৰিল। এনেকৈয়ে এটি গাৰ নোম শিয়ঁৰি উঠা মানসিক অৱস্থাৰ পৰা পাঠকসকলে মুক্তি লাভ কৰিলে।

       আকৌ চাব, নিজক অন্ধবিশ্বাসী বুলি ভাবিলেও যুক্তিৰ তুলাচনীৰে জুখি চাব খোজা কবিয়ে ভয়-শঙ্কাৰ মাজেৰেই ৰাতি হ’লত সোৱণশিৰিৰ চৰত নাও চপালে; মন সন্দেহযুক্ত যদিও এটাই সাহসৰ ভাব, যে চাপৰিৰ ডাঙৰীয়াই তেওঁলোকক ৰক্ষা কৰিব; তেনে ধৰণৰ নানান চেতন-অবচেতন মনৰ ভাব, শঙ্কা আৰু ভয়ৰ মাজেদিয়েই নৈ-চাপৰিত ৰাতিটো কটাই ৰাতি পুৱালত তেওঁলোকে পুনৰ নাও মেলি দিলে। এই সময়তে,কবিৰ মতে ‘হঠাতে যেনেই লাগিল’, এজোৰ গঙা-চিলনীয়ে নদীখনৰ ওপৰত কুঁৱলীৰ ধূসৰতাৰ মাজতেই জীৱনৰ সন্ধানত ঘূৰিবলৈ ধৰিলে।

কবিতাটোৰ নিৰ্মাণ-কৌশল :

কবিতাটি মূলতঃ প্ৰতীকধৰ্মী। নদীমাতৃক অসমত ইমানবিলাক নদী-উপনদী থাকোঁতেও কবিয়ে তেওঁৰ এই অনুপম সৃষ্টিৰ বাবে ব্ৰহ্মপুত্ৰৰ সৰ্ববৃহৎ উপনৈ সোৱণশিৰিক বিচাৰি ল’লে কিয়? কাৰণ নানা কাহিনী কল্পকাহিনীৰে ভৰপূৰ এই সোৱণশিৰি নদী। এই সোৱণশিৰিৰ বালিতে  মানুহে এসময়ত সোঁণৰ চেঁকুৰা বুটলিছিল। নামে কামে সমৃদ্ধিশালী এই নদীখনৰ বুকুৰেই কবিয়ে এখন টুলুঙা নাৱেৰে আশাবাদী যুগ্মজীৱনৰ পাতনি মেলিছিল। নৈখনক কবিয়ে তেওঁলোকৰ আশাবাদী জীৱনৰ প্ৰতীক ৰূপে ব্যৱহাৰ কৰিছে। কবিৰ নাওখন যে এখন সৰু নাও,এই কথাটো পৰোক্ষভাৱে এটিং পানীৰে নাৱৰ টিং ধুৱালোঁ বুলি কোৱা কথাখিনিত মাজতে প্ৰকাশ পাইছে। লগতে কবিয়ে তেওঁলোকৰ এই নাৱৰ টিং ধুউৱা কাৰ্যটোত ছিদ্ৰযুক্ত অন্ধবিশ্বাসৰ ৰং সানি পাঠকৰ চকুত চমৎকাৰী কৰি তুলিছে। ৰাতিৰ অন্ধকাৰত অন্ধবিশ্বাসৰ ভয়-শঙ্কাৰে জৰ্জৰিত মনৰ কবিয়ে সাহস আৰু ভৰসাৰ প্ৰতীকৰূপে চাপৰিৰ কল্পৰক্ষক ‘ডাঙৰীয়া’ৰ ওপৰতে সমস্ত সঁপিছে। ‘ওপৰে তৰা‘,আশাৰ প্ৰতীক, আৰু ‘তলত বোকা‘,নিৰাশাৰ প্ৰতীক কবিয়ে একেলগে দেখিছে। ম’হৰ ডিঙিৰ ঘণ্টাৰ শব্দত কবিয়ে অলৌকিকতাৰ গোন্ধ পাইছে। কবিতাত উল্লেখ কৰা বাঘৰ গোন্ধ ভয়ৰ প্ৰতীক,’ঘণ্টাৰ আত্ৰাণি‘ কম্পিত হৃদয়ৰ প্ৰতীক,’ডকা ফুলা‘, ‘ঢকা ফুটা‘ গোন্ধ, ভয় আৰু শঙ্কাত দুৰ্গন্ধময় হোৱা হৃদয়ৰ প্ৰতীক ৰূপে ব্যৱহাৰ কৰাৰ মাজতে সকলো নিৰাশা, হতাশা দূৰলৈ ঠেলি আকাশত জ্বলি থকা তৰাৰ জিলিঙনিয়ে কবিমনত আশা আৰু সাহসৰ সঞ্চাৰ কৰিছে।

     শৰৎ কালৰ সময়। নৈ-চাপৰিত বৰ্ষাৰ পানী শুকোৱাৰ সময়। চাপৰিৰ বোকাই এই সময়ৰ চিনাকি দিছে। এই সময়েই কবিৰ অনুভৱ আৰু ভাবনাপ্ৰৱাহৰ প্ৰতীক। নৈখন,আকাশৰ তৰাবোৰ, পুৱাৰ কুঁৱলীজাক,নদীৰ ওপৰত উৰি ফুৰা গঙাচিলনীদুটা; এই সমস্ত প্ৰতীকে পাঠকৰ দুচকুত সামগ্ৰিকভাৱে এক নান্দনিক চিত্ৰ দৃশ্যমান কৰি তুলিছে। জলকুঁৱৰীৰ গীতে কবিৰ শ্ৰৱণেন্দ্ৰিয়ৰ সূক্ষ্ম অনুধাৱন ক্ষমতা প্ৰকাশ কৰিলেও এখন অলৌকিকতাৰ ছবিও প্ৰকট কৰিছে। পুৱাৰ আকাশত কুঁৱলীভৰা নদীৰ ওপৰত উৰি থকা গঙাচিলনীদুটাই মুক্ত, আশাবাদী,যুগ্ম আৰু কৰ্মময় জীৱনৰ ছবি আঁকিছে। কবিমনৰ ভাবৰ দুৰন্ত প্ৰৱাহ হিচাপে কবিতাটিত ব্যৱহাৰ হোৱা ভাববোধক, প্ৰশ্নবোধক আৰু অধিক ৰূপত ব্যৱহাৰ হোৱা ডটচিনসমূহে ব্যঞ্জনাৰ নতুন নতুন সম্ভাৱনা মুকিল কৰিছে। এনেকৈয়ে কবিতাটিৰ সৃষ্টিত কবিয়ে সফলতা অৰ্জন কৰিছে।

—————

ঠিকনা :

মানিক বৰুৱা পথ,পূব আমোলাপট্টি, নগাঁও,অসম-৭৮২০০৩,

মোবাইল নম্বৰ:৭০০২৪৪৩০৫৬ ।

Visited 2 times, 1 visit(s) today
Last modified: May 25, 2025
Close Search Window
Close