Written by 3:39 am Poems

চক্ৰশিলা ১

পংকজ গোবিন্দ মেধি 

ভুকি থকা কুকুৰবোৰ নিমাত হৈছিল মানে

খাদ্যৰ সন্ধানত চিকাৰী শ্বাপদবোৰে

গাঁৱৰ

ঠেক

অঁকোৱা-পকোৱা

নিমাখিত ৰাস্তাবোৰত তহল দিছিল

ৰাতিপুৱা সেই ৰাস্তাৰে জুই আৰু নিমখ বিচাৰি

গঞাই অহা-যোৱা কৰা

আজি কেইবা শ বছৰ হ’ল

ঘনঘোৰ নিশা

থুঁতৰিদঢ়ীয়াজনে বীৰদৰ্পে পহৰা দিছে নি‍সৰ্গক

শাল পাত তিয়াই টোপ টোপ নিয়ৰ সৰিছে

ৰিমঝি‍ম বৰষুণৰ দৰে

নিশাচৰ চৰাইৰ সুহুৰিবোৰ ঠেঁটুৱৈ লগা জাৰত কঁপিছে

কোনে এটা পঁজাৰ পৰা ওলোৱা কাহ বেমাৰীৰ ডিঙিৰ ঘৰ্ঘৰণি শুনি

চিকাৰী শ্বাপদৰ খোজ স্তিমিত হৈছিল

এক লহমা সময়

গৰুৰ ডিঙিৰ টিলিঙা অজান আশংকাত কঁপি উঠিছিল

কোঁচ-মোচ খাই থকা ছাগলীবোৰ আৰু কোঁচ খাই গৈছিল

লাহে লাহে কুঁৱলিবোৰ ঘন হৈ আহিছিল

পোৱালি দিয়াৰ পাছত খিৰোৱা প্রথম কৰিয়া গাখীৰৰ

ধোঁৱাৰ দৰে

থুঁতৰিদঢ়ীয়াজন আছিল নৈৰ্ব্যক্তিক

কি ৰাতি কি দিন কি পোহৰ কি আন্ধাৰ

চক্ৰৰ দৰে শিলাখণ্ডৰ গছ আৰু গছনিবোৰে

আকাশক আলিংগন কৰক

ৰাতিপুৱাৰ আগতে নৈশ শ্বাপদ আঁতৰি যাওক

চোঙৰ পোৱালিৰ ওচৰত

আৰু তেনেকৈয়ে বৰ্তি থাকক যুগান্তৰৰ প্রৱাহ

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 21, 2025
Close Search Window
Close