Written by 8:13 am Poems

চকুলোবোৰ হাঁহি… হাঁহিবোৰে ধৰি আছে প্ৰাচীন জীৱন

 নন্দ সি বৰকলা

আকাশৰ মেঘ, বৰষুণ, তৰাৰ জোনাকত

জিলিকি থকা ভোগদৈ, ধনশিৰি, জাঁজি, চৰাইদেউ

কত তেজৰ বাট… কত মানুহৰ সমন্বয়ৰ মাটিৰ আমঠু

চাওদাঙৰ খঙাল চকু

জয়মতীৰ নিদাৰুণ দিন-কাল

অনেক নদীৰ উপকূলত ভৰিৰ চিহ্ন

বুৰঞ্জীৰ পাতে পাতে অনেক জাতি, পৰ্বত-পাহাৰ অসংখ্য নৈ…

আহি আছিল চুকাফা…

মৃত্যুৱে গচকি যোৱা শৰাইঘাট… হাদিৰাচকী….

লাচিত… চুহুংমুং, জয়ধ্বজ, চক্ৰধ্বজ সিংহৰ বাটে বাটে

ৰাম ৰজা হোৱা ৰুদ্ৰসিংহ… শিৱদৌল, তলাতলঘৰ, ৰংঘৰ

বিহুৰ ৰং, যুদ্ধজয়ৰ ৰং… ক’ত আছে মানুহৰ সৰগ চ্যুকাফা?

য’ত তুমি তেজবোৰ থৈছিলা

শোক আৰু ভাগৰ

টোপনি আৰু ক্ষত-বিক্ষত মুখ… তাতেই

গজক বুলি হুমুনিয়াহবোৰ মৰি মানুহৰ আঙুলি

শংকৰ…মাধৱ… দামোদৰ… হৰিদেৱ… কত যে অমৃত মাত

মৈদামৰ তলত কত বীৰৰ দেহাৰ তাপ

কত জাতি, জনজাতিৰ মুখৰ মাতক ৰঙীন কৰি

বৰ অসম কৰা চ্যুকাফা তোমাৰ চকুত হাবুঙে নিতৌ মাতিছে মানুহ

জিলিকাই ৰাখিছে নতুন মানুহৰ পদমাত

সাতৰাজ নাশি এক কৰা তোমাৰ চন্দ্ৰাতপৰ তলত

নিতৌ মগ্ন হওঁ… তোমাৰ বুৰঞ্জীৰ আদিপাঠ বিচাৰি বিচাৰি

ক’ৰ পৰা কিয় আহিছিলা লুইতৰ বুকুলৈ

নামদৈয়াঙৰ অৰণ্য, বোকাখাতৰ মাটিত চুহুংমুঙৰ দিনকালৰ যুদ্ধ…

মৰিয়াহোলাত বতাহৰ হাড়ৰ স’তে কথাপাতে দিনবোৰে… ৰাতিবোৰে….

জোনাক আৰু মৃতকৰ শৰীৰে

চকুলোসুলভ সময়… মিৰজুমলা, ঔৰংজেৱ, ৰামসিংহৰ

তেজৰ তৰোৱাল লুইতত তিতে

শিৱসাগৰ, মুংৰিমুংৰাম…য’ত ভৰিবোৰক এদিন বুৰঞ্জীয়ে

বুকুত উম দিছিল

নামদাঙৰ শিলৰসাঁকো, বৰকলাৰ শুকুলা পাগুৰি শিখসকল

পাঞ্জাবৰ মাটি এৰি মৰিছিল হাদিৰাচকীত

জয়সাগৰ, শিৱসাগৰৰ পুখুৰীত… কিমান পানীৰ ঢৌ

ঢৌবোৰ সৈনিক, যুদ্ধ… মৃত্যু,. তাৰ পিছত শেলুৱৈ মাটিত

জীৱনৰ শইচ সমগ্ৰ

মোৱামৰীয়া বিদ্ৰোহ, ৰজা, প্ৰজা, চৌদিশ হাহাকাৰ

আহি আছোঁ তোমাৰ মানবীয় সমন্বয়ৰ বাটেৰে

মানুহক বসন্ত কৰিবলৈ

পানীৰ ঢৌত কত তৃষাৰ প্রকাশময় ৰূপ !!

কত নৃগোষ্ঠীয় জাতি-উপজাতিক সাৱটি

পৰ্বতৰ বুকুৰে শিল, পানী, মাটি বৈ আছে মহাবাহুক ধিয়াই

জাতিক ধন্য, গণ্য, মান্যকৰা অভিধাক শকত কৰিবলৈ.

চ্যুকাফা এই অভিধাৰ নাম… তুমিয়ে ৰচিছিলা

সেই অভিধাৰে অসম চিৰযুগমীয়া

Visited 2 times, 1 visit(s) today
Last modified: May 7, 2025
Close Search Window
Close