Written by 4:25 am Poems

চকুত নপৰাকৈ

ধ্ৰুৱকুমাৰ তালুকদাৰ

মোৰ ভগা বাকচটোৰ ছটা চোলাৰ মাজত

এটা চোলা আছিল

দুখৰ-

এদিনাখন জেপত পইছা নথকা কাৰণে

মই সেই চোলাটো আনিছিলোঁ

ৰাতিৰ বজাৰৰ পৰা

আৰু বাকচত ভৰাই ৰাখিছিলোঁ

মাৰ চকুত নপৰাকৈ

মই যেতিয়াই সেই চোলাটো পিন্ধো

তেতিয়াই মায়ে কান্দে

আৰু মোক বৰ কৰুণভাৱে কয়

এই চোলাটো নিপিন্ধিবি অ’

এই চোলাটো দেখিলে মোৰ দুখ লাগে

কিয় দুখ লাগে মাৰ

মাৰ দুখ লাগে কিয়

সেই কথাটোকে ভাবি ভাবি

মই বজাৰত চাউল কিনি থাকোঁতে

অন্য এজন দোকানীয়ে মোৰ হাতত থাপ মাৰি ধৰিলেহি

এই চোলাটো তই মোৰ দোকানৰ পৰাই চুৰি কৰিছিলি!

হয়নে!

হয়, নহয় মই কিবা এষাৰ কোৱাৰ আগতে

দোকানীয়ে ক’লে- যি কৰিলি ভালেই কৰিলি

সেই চোলাটো মোৰ দোকানত থকা দিন ধৰি মই

বৰ দুখত আছিলোঁ

সেই দুখে এতিয়া হয়তো

তোক কন্দুৱাই আছে…

হয়নে…

মই হয়, নহয় কিবা এষাৰ কোৱাৰ আগতে দোকানীজনে পুনৰ ক’লে-

তই নাকান্দিলেও এই চোলাটো দেখি

তোৰ মাৰে নিশ্চয় কান্দে…

হয়, নহয় কিবা এটা মই কোৱাৰ আগতে

দোকানীজনে মোৰ হাতখন এৰি দিলে-

আৰু মই ভয়ত নে দুখত ক’ব নোৱৰাকৈয়ে

দৌৰিবলৈ আৰম্ভ কৰিলোঁ

চোলাটো দেখিলে মায়ে কান্দে

চোলাটো দেখিলে মায়ে কান্দে

এই কথাটো ভাবি ভাবি

মই ঘৰলৈ উভতি আহি দেখোঁ

মোৰ মোনাৰ চাউলখিনি

লাহে লাহে শিল হ’বলৈ আৰম্ভ কৰিছে

মাৰ চকুত নপৰাকৈ…

Visited 2 times, 1 visit(s) today
Last modified: May 5, 2025
Close Search Window
Close