Written by 9:55 am Poems

ঘৰে পদূলিয়ে

যশোৱন্ত নিপুণ

ঘৰে পদূলিয়ে কিমান দুখ

কিমান আন্ধাৰ,

আমাৰ বুকুত

কিহৰ একুৰা জুই জ্বলে

ইমান ফুল কিয় হঠাতে সৰে ?

কি ভুল হ’ল

আমি যদি মেজত

একেলগে বহি চাহ একাপ

ভগাই লওঁ,

এটা কৌতুকত

প্ৰাণখুলি কেতিয়াবা হাঁহোঁ ?

ইমান পিছল

তোমাৰ এই পৃথিৱীৰ পথ

তথাপি সেই পথেৰেইতো যাওঁ,

কি দোষ আমাৰ

হে ঈশ্বৰ,

যদি কেতিয়াবা পিছলি পৰোঁ ?

          ****

ঠিকনা:

বি-১১৫,

সানভি সংকল্পম,

নাগোণ্ডানাহালি,

বাংগালোৰ – ৫৬০০৬৬

Visited 3 times, 1 visit(s) today
Last modified: May 2, 2025
Close Search Window
Close