Written by 5:36 am Poems

ঘৃণা

মদাৰজ্যোতি

কথাটো প্ৰায়েই সুধিছিলোঁ

ভালপোৱাৰ উপাদান কি কি

মনৰ বা বলিলেই

কালিদাসৰ কাব্যত

যক্ষৰ চিঠি আহে মেঘ-চৰাইৰ ডেউকাত

এতিয়া ইথাৰত উপলব্ধ ৰঙা আঁহতৰ পাতত

নেন’ছেকেণ্ডত নতুন ভালপোৱা

ইয়াৰ ম্যাদ উকলে ৰাসায়নিক সাৰৰ ব্যৱহাৰত

অসহিষ্ণুভাৱে বৃদ্ধি পোৱা পাচলিৰ

দেহ-বল্লৰীৰ সৌন্দৰ্য-সুধা পানৰ সমান্তৰালকৈ

জাঁ পল ছাত্ৰেই কোৱাৰ দৰে শীৰ্ষতম পুৰস্কাৰক

গেলা আলুৰ বস্তা বুলি

বেয়া পোৱাৰ ধাৰণাটো এতিয়া নিমিলে

অৰ্থাৎ ভালপোৱাৰ চাহিদা কমিলে আজিকালি

আৰম্ভ নহয় ঘৃণাৰ

ভালপোৱা গছৰ গুটি খোৱা চৰায়ে বিষ্ঠা

প্ৰব্ৰজনকালত এৰে যেতিয়া য’তে ত’তে

সেই বীজ-বিষ্ঠাৰে গজা নতুন পুলিয়ে

আহল-বহল কৰে সেউজীয়া অৰণ্য

এনে প্ৰগলভ ব্যাখ্যা সহৃদয় পাঠকে বাৰু নাপাব

তাতোকৈ পাঠ্যক্ৰমত পঢ়ি অহা বিপৰীত শব্দ লিখালৈ মনত পেলাই

ভালপোৱাৰ বিপৰীতে লিখিব খুজিব ঘৃণা

পিছে মৰি অহা মানুহৰ মানৱীয়তা য’ত

বিলুপ্ত জগতৰ অৱলুপ্ত সত্তাৰ লেখিয়া

তেনে সেই আধুনিক মননৰ অভিধানৰ পৰা

ঘৃণা শব্দটো মচি পেলোৱাই যুগুত

ৰাজনৈতিক মিতিৰালিৰ দৰেই হ’ব পাৰে

ভালপোৱা মানে সহবাস

আৰু ভালপোৱাৰ বিচ্ছেদ মানেই

প্ৰেয়সীয়ে প্ৰিয়জন আৰু সতিনীৰ সৈতে কৰা আপোচ

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 16, 2025
Close Search Window
Close