Written by 6:00 am Poems

ঘুণ

ৰিপুঞ্জয় বৰুৱা ঋমন

তেওঁ কয় ‘আপুনি বহুত ভাল মানুহ’ 

মানে মই বহুত ভাল মানুহ, 

এয়াই মোৰ বিষয়ে তেওঁৰ এটি সম্যক ধাৰণা।

মনত গোপনে গঢ়ি উঠা।

তেওঁ কোৱাৰ বহু আগতেও বহুজনে এই কথা কৈছে 

‘মই হেনো লাখৰ ভিতৰত এজন’

ভাল মানুহ হোৱা কি ইমান সহজ?

কেনেকৈ ভাবিছে? মই বিশ্বাসী আৰু পৰোপকাৰী।

কেৱল স্পষ্টবাদিতা আৰু অমায়িক ব্যৱহাৰেই জানো যথেষ্ট!

তেওঁ পঢ়া শেহতীয়া উপন্যাসখনৰ 

সেই প্ৰিয় পুৰুষ বা প্ৰেমিকজন হ’বলৈ?

নিশ্চয় ন-হ-য়।

হে’ মোৰ চকুৰ চিনাকি মানুহ 

এবাৰলৈও ভাবি চোৱা নাই নে 

ঘুণ কাঠৰ ভিতৰতে থাকে

আসৈ পালে বাজলৈ আহে।

ঠিকনা :

খাৰঘুলি, উন্নয়ন সমিতিৰ বিপৰীতে
গৃহ নং – ১০১
গুৱাহাটী-০৪
ভ্ৰাম্যভাষ-৬৯০১৮৫৬০৮৫

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Last modified: May 12, 2025
Close Search Window
Close