Written by 5:19 am Poems

গৰুখুঁটি চাপৰি

কিশোৰ বড়ো

ডবা কোবোৱা মাৰিদুডাল ভাগি থাকিল

গাঁৱৰ খবৰ দিওঁতাই চিঞৰি চিঞৰি কৈ গ’ল

… শুনক শুনক শুনক

এটা টিলিঙা

টিলিঙাটোত নপৰিল চাৰিডাঁৰৰ ডবাদাৰী হাত

তেনেতে শুনিলোঁ মছজিদৰ মাইকটো বিকল

আৰু দেখিলোঁ জুইত জাহ যোৱা কোৰআনৰ ফৰমান

চূৰা-আয়াত

এটা মাইক

স্পীকাৰত নপৰিল ছিজদাহৰ ইমামতি মাত

তেনে পৰতে দৌৰাদৌৰি, ব্যস্ততা বাঢ়িল

ধুমকলা মানুহ এজনে বৰ্ণনা কৰিলে শ্ৰৱণ চিঞৰ

অন্ধ মানুহজনে দেখুৱাই থাকিল দৰ্শনমালা

আৰু তাৰ চকুৰ চাপৰিৰ খহনীয়া

এনে দৃশ্যপট আহিলেই শুনো

পুৰণি কেছেটৰ একেই যুগান্তৰ গান

সেই গানৰ গোলাপী নিচাত বুৰ মাৰি

চিৰৰুগীয়া মোৰ আইৰ সোণালী প্ৰতিমা

ইপাৰে তুমি, সিপাৰে মই

মাজত তৰ্জনী আৰু বুঢ়া আঙুলিৰ নাওখেল

আৰু এখন পাৰঘাট নোহোৱা নৈ

চতুৰ পথিকে ইয়াৰ মাজেদিয়ে সাজি লৈছে

সুৰংগ সুচল নৈ-বাট

গৰুখুঁটি চাপৰি

ইয়াত জ্বলি আছে নেলীত বুৰা বেলিৰ অস্থি৷

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 1 times, 1 visit(s) today
Last modified: May 19, 2025
Close Search Window
Close