Written by 4:04 am Articles

গ্ৰন্থাগাৰ বিপ্লৱৰ পটভূমিত ‘সমন্বয় পুথিভঁৰাল’-ৰ জন্মকাহিনী

আবেদুৰ ৰহমান

(যোৱা সংখ্যাৰ পিছৰ পৰা) 

সংগীতৰ সম্পৰ্কত মোৰ ধ্যান-ধাৰণা একেবাৰে কেচেলুৱা৷ মোৰ দৰে আমাৰ প্ৰজন্মৰ প্ৰায়েই সংগীত বুলিলে জ্যোতি, বিষ্ণু, ভূপেন হাজৰিকাৰ গীত আৰু খগেন মহন্তৰ বিহুগীতকে বুজিছিলোঁ৷ লগতে আধ্যাত্মিক ভাবৰ সঞ্চাৰ কৰা বৰগীত আৰু ‘জীৱনৰ একো নাই’ দৰ্শনেৰে পৰিৱেশিত লোকগীতবোৰ আমাৰ চিনাকি আছিল৷ পাছলৈ জিতুল সোণোৱালে আৰম্ভ কৰা নতুন আধুনিক অসমীয়া সংগীতক সমসাময়িক জুবিনে পূৰ্ণ ৰূপ দিয়া গীতবোৰে আমাৰ প্ৰজন্মৰ মন-প্ৰাণ হৰি নিছিল৷ কিন্তু এই ক্ষেত্ৰত ভূমিধৰ তালুকদাৰ আছিল ব্যতিক্ৰম৷ বিশেষকৈ পাশ্চাত্য সংগীতৰ জগতখনত ভূমিধৰৰ দখল যিকোনো সংগীতৰসিক ব্যক্তিৰ বাবেই ঈৰ্ষণীয়৷ হাৰ্ড ৰকৰ পৰা ব্লুজ সংগীতলৈ ৰসাস্বাদন কৰিব পৰা গুণৰ বাবে ভূমিধৰক আমি সকলোৱে সমীহ কৰোঁ৷ ভূমিধৰৰ যোগেদিয়েই মই বব মাৰ্লি, বব ডিলান, এৰিক ক্লিপ্‌টন আদিৰ দৰে নমস্য সংগীত শিল্পীৰ সৈতে সাধাৰণ চিনাকি হৈছিলোঁ৷ ভূমিধৰে কিন্তু অসমীয়া সংগীতৰ আধুনিক ধাৰাটোৰ প্ৰতি একেবাৰে অসন্তুষ্ট আছিল৷ বিশেষকৈ গীতবোৰৰ কনটেণ্ট আৰু সুৰৰ কথাত প্ৰায়েই আপত্তি কৰিছিল৷ জুবিন গাৰ্গহঁতে যে ভালেমান গীতৰ সুৰ চিধাই পশ্চিমীয়া সংগীতৰ পৰা চুৰি কৰি আনিছিল সেইবোৰ দেখুৱাই তেওঁ দুটামান প্ৰবন্ধও লিখিছিল অসমীয়া খবৰ কাগজত৷

সমন্বয় পুথিভঁৰালতনো আমি কেনেকৈ সুস্থ-সবল অসমীয়া সংগীতৰ ধাৰাটোক নতুন চামৰ সৈতে চিনাকি কৰাই দিব পাৰোঁ, তাৰ বাবে চিন্তা-চৰ্চা কৰিলোঁ৷ ইতিমধ্যে আমাৰ পুথিভঁৰালৰ সৈতে কেইবাগৰাকীও প্ৰতিভাৱান কণ্ঠশিল্পী জড়িত হৈছিল৷ যিসকলে এতিয়াও একে নিষ্ঠা আৰু সততাৰে সমন্বয় পুথিভঁৰালৰ কাম-কাজৰ লগত একাগ্ৰতাৰে জড়িত হৈ আছে৷ যদিও অসমীয়া সংগীতৰ সামগ্ৰিক ধাৰাটোৰ বিষয়ত আমাৰ জ্ঞান একেবাৰে সীমিত, কিন্তু ধাৰণা এটা আছিল মহাপুৰুষ দুজনাই আৰম্ভ কৰা শক্তিশালী ধাৰাটোৰ পৰৱৰ্তী সময়বোৰতো নিশ্চয়কৈ শক্তিশালী সংগীতে সেই ধাৰাকেই প্ৰতিনিধিত্ব কৰিছে৷ আমাৰ লগত এই নতুন চিন্তাৰ সৈতে জড়িত হ’ল নুৰুলদা আৰু কিশোৰ৷ চাৰিওজনে কেইবালানিও বৈঠক-আলোচনাত বহিলোঁ৷ প্ৰথমেই সংগীতৰ সম্পৰ্কত কিবা পৰীক্ষামূলক কাম কৰাৰ বাবে যে অনুপযুক্ত, সেয়া সকলোৱে অকপটে স্বীকাৰ কৰিলোঁ৷ কিন্তু মোৰ যুক্তি আছিল কোনোবাইতো ক’ৰবাত আৰম্ভ কৰিবই লাগিব৷ কিশোৰ উৎসাহী৷ নুৰুলদাই ব্ৰেক টানে৷ জ্যেষ্ঠজন হিচাপে সেই তেতিয়াৰ পৰা আজিলৈকে নুৰুলদাই পুথিভঁৰাল সম্পৰ্কীয় প্ৰায় প্ৰতিটো সিদ্ধান্ততে জড়িত হৈ আছে৷ আৰু য’ত ব্ৰেক টানিব লাগে তাতে ব্ৰেক ধৰি আছে৷ সমন্বয় পুথিভঁৰালৰ পৰিচালনাগত দিশত যদি সঠিকভাৱেই চলি আছে বুলি কোনোবাই কয়, তেন্তে তাৰ সৰহভাগ কৃতিত্ব নুৰুলদাই পাব৷

আমাৰ প্ৰস্তাৱিত সংগীতৰ প্ৰকল্পটোৰ বিষয় আছিল অসমীয়া সংগীতৰ ধাৰাটো, যি প্ৰাচীন চৰ্যাপদেৰে আৰম্ভ হৈছিল, মহাপুৰুষ দুজনাই পূৰ্ণাংগ ৰূপ দিছিল, পৰৱৰ্তী সময়ত লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, ভূপেন হাজৰিকা আদি আৰু সমান্তৰালভাৱে আজান ফকিৰ, প্ৰতিমা পাণ্ডে, ৰামেশ্বৰ পাঠক আদিয়ে আগ বঢ়াই নিছিল আৰু সাম্প্ৰতিক সময়ত জুবিন, পাপনহঁতে সেই বাটেৰেই বাট বুলি অসমীয়া সংগীতক মাত্ৰা দিবলৈ সক্ষম হৈছে, সেই আটাইবোৰ কথা সামৰি এখন চিত্ৰনাট্য প্ৰস্তুত কৰা আৰু তাৰ লগত খাপ খোৱাকৈ যথাস্থানত গীতবোৰ পৰিৱেশন কৰা৷ দুই-এজনক কথাটো কাণ চোৱালোঁ৷ বেছিভাগেই নিৰাশ কৰিলে৷ আমি চাৰিজন কিন্তু নাচোৰবান্দা৷ কৰিহে এৰিম৷ আমি কামবোৰ ভাগ কৰি ল’লোঁ৷ Script বা চিত্ৰনাট্যৰ বাবে ভূমিধৰ, মই আৰু কিশোৰে দায়িত্ব ল’লোঁ৷ বাকী ব্যৱস্থাপনাৰ বাবে নুৰুলদা আৰু মই থাকিলোঁ৷ কিতাপ-পত্ৰ গোটাই তিনিওজনে পঢ়া আৰম্ভ কৰি দিলোঁ৷ যিমানেই পঢ়িছোঁ সিমানেই আমি বিস্ময়াভূত হৈছোঁ৷ ইমান সমৃদ্ধিশালী সংগীতৰ ধাৰাৰ আমি উত্তৰাধিকাৰী! ভাবিলেই ভাল লগা৷

আমাৰ নিজৰ মাজত ভালেখিনি কথা আগবাঢ়িল৷ কিন্তু অনুষ্ঠানটো কোনে ৰূপায়িত কৰিব? কাৰ নেতৃত্বত? কাৰ পৰিচালনাত হ’ব? ক’ত পৰিৱেশিত হ’ব? আমি আখৰা ক’ত কৰিম? আদি নানানটা প্ৰশ্নই জুমুৰি দি ধৰিলেহি৷ সৌভাগ্যৰ কথা যে তেতিয়ালৈ আমি চাৰিওজন সংসাৰৰ বান্ধোনত আবদ্ধ হোৱা নাছিলোঁ৷ অফিচ-চাকৰি-ব্যৱসায়ৰ ব্যস্ততাৰ বাদে তেনে বিশেষ ব্যস্ততা নাছিল৷ সৰ্বশিক্ষা অভিযান মিছন, নলবাৰীত নুৰুলদা আৰু মই দুয়োজনেই কাম কৰোঁ৷ সেই সূত্ৰেই আমাৰ নলবাৰী চহৰৰ মানুহখিনিৰ লগত কিছু চা-চিনাকি আছিলেই৷ তাতে মই নলবাৰী চহৰৰ জ্যোতি কেন্দ্ৰৰ দায়িত্বতো আছিলোঁ৷ য’ত বিদ্যালয় আধাতে এৰা বা একেবাৰে বিদ্যালয়ৰ মুখ নেদেখা ৬-১৪ বছৰৰ শিশুবোৰক বিশেষভাৱে চিনাক্ত কৰি জ্যোতি কেন্দ্ৰবোৰত পঢ়াব লাগে৷ আৰু তাত প্ৰায় পঞ্চাছগৰাকী শিক্ষাকৰ্মী বা শিক্ষাসেৱক জড়িত হৈ আছিল৷ মোৰ সৌভাগ্য যে এই পঞ্চাছগৰাকীৰ প্ৰায় আটাইখিনি আছিল প্ৰতিভাৱান আৰু নতুনকৈ কিবা কৰাৰ বাবে প্ৰতি মুহূৰ্ততে উন্মুখ৷ সমন্বয় পুথিভঁৰাল, জনতা চ’কত স্থাপন কৰাৰ আগতেই ২০০৭ ইং চনত শিক্ষাকৰ্মী ফুনু দত্তৰ নেতৃত্বত চহৰৰ মোল্লাপাৰা চুবুৰি‍ত জ্যোতি প্ৰপাত পুথিভঁৰাল নামেৰে এটা পুথিভঁৰাল স্থাপন কৰিছিলোঁ৷ ই কেইবাবছৰো অত্যন্ত সজীৱ পৰিৱেশেৰে পৰিচালিত হৈছিল৷ তাতো ভালেমান কিতাপ-পত্ৰ যোগাৰ হৈছিল৷ পৰৱৰ্তী সময়ত সৰ্বসন্মত সিদ্ধান্তৰে জ্যোতি প্ৰপাত পুথিভঁৰালৰ কিতাপ-পত্ৰখিনি সমন্বয় পুথিভঁৰাললৈ দান কৰে৷ আৰু জ্যোতি প্ৰপাত পুথিভঁৰালৰ প্ৰতিজন সদস্যই সমন্বয় পুথিভঁৰালৰ সদস্য পদ গ্ৰহণ কৰে৷ সম্প্ৰতি তেওঁলোক সমন্বয় পুথিভঁৰালৰ কাম-কাজৰ সৈতে সুন্দৰভাৱে জড়িত হৈ আছে৷

২০০৯ ইং চনৰ জানুৱাৰি‍ মাহত ‘আদৰ্শ জ্যোতি কেন্দ্ৰ’-ত শিক্ষাকৰ্মীসকলৰ লগত মই, নুৰুলদা, কিশোৰ আৰু ভূমিধৰে মিলিত হ’লোঁ৷ আমাৰ প্ৰস্তাৱিত সংগীতৰ অনুষ্ঠানটোৰ সম্পৰ্কত তেওঁলোকক বিস্তৃতভাৱে ব্যাখ্যা কৰিলোঁ৷ তেওঁলোক এনেয়ে উৎসাহী৷ তাতে আমাৰ প্ৰস্তাৱে তেওঁলোকৰ উৎসাহ দুগুণে বৃদ্ধি কৰিলে৷ আমি সাগৰিকা কলিতাৰ  আদৰ্শ জ্যোতি কেন্দ্ৰতে অস্থায়ী আখৰা গৃহ কৰাৰ সিদ্ধান্ত ল’লোঁ৷ আনহাতে, আমি চাৰিওজনে কাষ চাপিলোঁ আমাৰ অঞ্চল সংগীতৰ মহীৰুহ উমেশ দত্তদেৱৰ৷ তেখেতৰ লগত বিষদভাৱে কথা পাতিলোঁ৷ দত্তদেৱে পোনচাটে‍ই ভাল হ’ব বুলি ক’লে আৰু আমাৰ লগত সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস দিলে৷ তেখেতে আনকি কি কি নতুন বিষয়, গীত সংযোজন কৰিব পাৰি তাৰে এটা সুন্দৰ আভাষ দিলে৷ এইবাৰ আমি লগ কৰিলোঁ উদ্ধৱ ঠাকুৰীয়াদেৱক৷ তেতিয়ালৈ উদ্ধৱ ঠাকুৰীয়াৰ লগত আমাৰ এটা সাধাৰণ চিনাকিৰ সম্পৰ্কহে আছিল৷ মনত কিছু শংকাও আছিল৷ কিন্তু লগ পোৱাৰ পাছত আমি শংকামুক্ত হ’লোঁ৷ তেখেতে বৰ আন্তৰিকতাৰে আমাৰ লগত সহযোগিতা কৰিম বুলি কথা দিলে৷ আমাৰ মনত অপাৰ আনন্দ৷ আমি পাৰিম৷ অসমত সম্ভৱতঃ আজিলৈ কোনেও এনে মৰসাহ কৰা নাই৷ এখন চিত্ৰনাট্যৰে পাঁচছ বছৰীয়া সংগীতৰ ইতিহাস এখন বান্ধি ৰাখিবলৈ‍ ওলোৱাটো৷ আমি জানিছিলোঁ কথাটো৷ আমাৰ নিৰ্বুদ্ধিতাৰ বাবে শংকিতও হৈছিলোঁ৷ কিন্তু এই যে কৰিম বুলি ভাবিলোঁ৷ গতিকে কৰিমেই৷ আৰম্ভ হৈ গ’ল আমাৰ যাত্ৰা৷ প্ৰথমে গীত গোৱাৰ বাবে কণ্ঠশিল্পী বিচৰা, বাদ্যযন্ত্ৰী বিচৰা, লগতে কেইটামান বিশেষ গীতৰ নৃত্যাংশৰ কথাও আমি ৰাখিম বুলি ভাবিছিলোঁ৷ তাৰ বাবে নৃত্যশিল্পী বিচৰা, মুঠতে দিন-ৰাতি একাকাৰ কৰি আমি মিছনত জঁপিয়াই পৰিলোঁ৷ দিনত আমি আমাৰ কৰ্মস্থলী সৰ্বশিক্ষা মিছনত আৰু প্ত বজাৰ পৰা সংগীতৰ মিছনত লাগি গ’লোঁ৷ এই যে মানুহক লগ কৰি একগোট কৰি কাম কৰিব নোৱাৰি বুলি এটা ধাৰণা আমাৰ মাজত প্ৰচলিত থাকে, তাক আমি নস্যাৎ কৰিব পাৰিছিলোঁ৷ আমাৰ সংগীতৰ অনুষ্ঠানটোৰ বাবে আমি কণ্ঠশিল্পী, বাদ্যশিল্পী আৰু নৃত্যশিল্পীকে ধৰি প্ৰায় ৫০ জনমান শিল্পীৰ দল এটা তৈয়াৰ কৰিছিলোঁ আৰু গোটেই অনুষ্ঠানটোৰ ব্যৱস্থাপনাৰ বাবে সাজু আছিল আৰু ৫০ জনমান যুৱক-যুৱতী৷ যিটো অপেছাদাৰী শিল্পকৰ্মৰ বাবে বৰ সহজ কথা নহয়৷ গোটেই প্ৰকল্পটোৰ লগত জড়িত প্ৰায় সকলোৱে জানিছিল যে তাৰ বাবে তেওঁ একো বিশেষ মাননি‍ নাপায়৷ নিজে ভাৰা ভৰি গাঁৱৰ পৰা নলবাৰী চহৰলৈ আখৰাৰ বাবে যাব লাগিব৷ তথাপি বৰ উৎসাহেৰে আটায়ে অংশগ্ৰহণ কৰিছিল৷ আমাৰ অনুষ্ঠানৰ দিন ঠিক হ’ল৷ ৩১ মে’ ২০০৯ ৰবিবাৰ৷ স্থান— নলবাৰী নাট্য মন্দিৰ৷ অনুষ্ঠানৰ বেনাৰ নাম মই আৰু অশোক দত্তই মিলি ঠিৰাং কৰিলোঁ৷ ‘বিৱৰ্তনৰ আৱৰ্তত : প্ৰসংগ অসমীয়া সংগীত’৷ আখৰা পূৰ্ণোদ্যমে চলিল৷ দত্ত খুৰা আৰু উদ্ধৱদাৰ নেতৃত্বত৷ আৰম্ভণি এফাকি চৰ্যাপদেৰে৷ উদ্ধৱদাই গাব৷ উমেশ দত্তদেৱে গুৰুজনাৰ ‘কৰতল কমল’-ৰ সুৰ কৰিলে৷ এক অপূৰ্ব সুন্দৰ সুৰ৷ এতিয়াও গুণগুণাও৷ তেখেতে কোৱামতে, তেতিয়ালৈ কোনেও কৰতল কমলৰ সুৰ কৰা নাছিল৷ যদি সেয়া সঁচা, তেন্তে আমাৰ অনুষ্ঠানত প্ৰথমতে গুৰুজনাৰ ‘কৰতল কমল’ কবিতাৰ প্ৰথমে সুৰাৰোপিত কৰি গীতেৰে গোৱা হৈছিল৷ আখৰাত বহুত ৰসাল কাহিনী, ঘটনাই জীপাল কৰি ৰাখিছিল৷ গীত গাবলৈনো কোন অহা নাছিল, সংগীতা তালুকদাৰ, মনালিচা দত্ত, গৌৰীপুৰৰ মৌমিতা মজুমদাৰ, ডালভি তালুকদাৰৰ পৰা আদি কৰি জিকিৰ গাবলৈ অনাতাৰ শিল্পী লিলি আহমেদকে ধৰি বহুজন আহিছিল৷ আহিছিল দৰদী কণ্ঠৰ অটল ডেকা, সন্তোষ চক্ৰৱৰ্তী, জুবিনৰ গীত গোৱা মৰম লগা অবিনাশ মেধি নামৰ ল’ৰাটো, লোকগীতৰ বাবে দীপক তালুকদাৰ, বাদ্যযন্ত্ৰী হিচাপে প্ৰদীপ ডেকা, সমীৰণ পৰাশৰ আৰু ভ্ৰাম্যমানৰ জনপ্ৰিয় সংগীত পৰিচালক অমিত সিন্‌হায়ো আমাক পাছলৈ বহু সময় দিছিল ব্যস্ততাৰ মাজতো৷ নৃত্যৰ বাবে আমাৰ শিক্ষাকৰ্মী জয়া চৌধুৰী, বৰ্ণালী ডেকা, কন্নকী চৌধুৰী, হিমানী মজুমদাৰ, প্ৰণিতা হালৈ, পোলেন ঠাকুৰীয়াহঁতে অতি আনন্দেৰে আমাৰ লগত কাম কৰিছিল৷

যথাসময়ত নাট্য মন্দিৰত আমাৰ অনুষ্ঠানত প্ৰায় ৫০০ মান দৰ্শকৰ উপস্থিতিত সুন্দৰকৈ অনুষ্ঠিত হয়৷ বিশিষ্ট চিন্তাবিদ শশী শৰ্মা ছাৰৰ উপস্থিতিয়ে আমাক বৰ উৎসাহিত কৰিছিল৷ অনুষ্ঠানৰ পাছত সকলোৰে মুখত এটাই কথা আছিল— ইমান কম সুবিধাৰ মাজতো তথাকথিত কোনো বেনাৰ আৰ্টিষ্ট নোহোৱাকৈ ইমান মৰসাহ আমি কেনেকৈ কৰিব পাৰিলোঁ? আনকি পাছত চিডি যোগে আমাৰ অনুষ্ঠানটো চাই বিশিষ্ট চিন্তাবিদ ড॰ হীৰেন গোহাঁই ছাৰে আমাক সুধিয়েই পেলাইছিল— ‘‘তোমালোকে কেনেকৈ ৪০-৫০ জন শিল্পীক গোট খুৱাই এনেদৰে এটা অতি কঠিন বিষয়ৰ অনুষ্ঠান কৰিবলৈ সাহস কৰিছিলা?’’ ড॰ গোহাঁই ছাৰে তেতিয়াই এই অনুষ্ঠানটো গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনৰ দৰে ঠাইত হ’ব লাগে বুলি মতা প্ৰকাশ কৰিছিল আৰু তেখেতে তাত উপস্থিত থাকিব বুলি কথাও দিছিল৷ অৰ্থাভাৱৰ বাবে এতিয়াও আমি তাক বাস্তৱায়িত কৰিব পৰা নাই৷ কবি নীলমণি ফুকন ছাৰেও অনুষ্ঠানটো চিডিত চাই আপ্লুত হৈছিল৷ এটা কথা নক’লে অনুষ্ঠানটোৰ বিষয়ত লেখাটো আধৰুৱা হৈ হ’ব৷ অনুষ্ঠানটোত সৰ্বমুঠ খৰচ হৈছিল ৩২,১২৫ টকা৷ তাৰে আধা পইচা আমি চাৰিজন, মানে মই, নুৰুলদা, ভূমিধৰ আৰু কিশোৰে বহন কৰিছিলোঁ আৰু বাকী টকাখিনি ৰিজুল, মিঠুন, মুকুট, নজৰুল, তোহিদুল, ইমৰান আদিয়ে ৰাইজৰ পৰা বৰঙণিৰে সংগ্ৰহ কৰিছিল৷ বিশেষকৈ ৰিজুল, মিঠুন, সাগৰিকা, জয়া, আৰতি, মাজনী, ফৰিদা ভাৱনা, নিভা আদি শিক্ষাকৰ্মীখিনিৰ ত্যাগ-কষ্ট অবিহনে হয়তো ইমান ডাঙৰ কথা সম্ভৱ নহ’লহেঁতেন৷

অনুষ্ঠানৰ কথাখিনি দীঘলীয়াকৈ উপস্থাপন কৰিলোঁ৷ এতিয়াও আমাৰ হাতত Script-খন আছে৷ অসমীয়া সংগীতৰ অতি সাম্প্ৰতিক ধাৰাটোৱে আমাক অতি মনোকষ্ট দিয়ে৷ ইমান বজৰুৱ! ইমান বেপৰোৱা! যেন অসমীয়া সংগীত জাৰজহে! কোনো ইতিহাস নাই৷ এতিয়া যাৰ যি মন গৈছে, তাকে সংগীত বুলি চলাই আছে৷ কিন্তু তাহানিতে লক্ষ্মীনাথ বেজবৰুৱাদেৱে লিখি থোৱা ‘পৰ্বতৰ ঢেকীয়া’-ৰ কথা-সুৰৰ পৰা আৰম্ভ কৰি, গুৰুজনাৰ বিৰচিত ‘শুন শুন’ৰে আৰম্ভ কৰা প্ৰতিবাদী সত্তাৰ গীতৰ ইতিহাস, পৰৱৰ্তী সময়তো জ্যোতি-বিষ্ণুৰ কথা-সুৰ, বিশেষৈকে জ্যোতিৰ গীতৰ সুৰ, বিষ্ণুৰ কথা, ভূপেনদাৰ কথা-সুৰ আৰু গায়কী, খগেন মহন্ত, অৰ্চনা মহন্তৰ দৰদ সনা কণ্ঠ, কেশৱ মহন্তৰ গীতৰ কথাবোৰ পুলক বেনাৰ্জীৰ গায়কীৰ এক্যুৰেচি, লক্ষহীৰা দাসৰ সুললিত কণ্ঠৰে গোৱা গীতবোৰৰ সঁচাকৈয়ে আমি উত্তৰসূৰীনে? হেমাংগ বিশ্বাসে আৰম্ভ কৰা বিপ্লৱী গীতৰ ধাৰাতে ভূপেনদাৰ মাটি-মানুহৰ গানবোৰ, অণিমা চৌধুৰী, নীলিমা খাতুন, সংগীতা বৰঠাকুৰহঁতে গাই যোৱা গীতবোৰৰ আমি উত্তৰসূৰী হয়নে? এনে বহু প্ৰশ্নৰ উত্তৰ পালোঁ বিৱৰ্তনৰ আৱৰ্তত : প্ৰসংগ অসমীয়া সংগীত শীৰ্ষক অনুষ্ঠানটো আয়োজন কৰি, তাতোকৈ ডাঙৰ কথা, অপেছাদাৰী হৈও এতিয়াও মানুহে বহু কাম কৰি আছে৷ যদিহে নেতৃত্বত ভণ্ডামী নাথাকে, নাথাকে কিবা মতলবী উদ্দেশ্য, তেন্তে মানুহক গোট খুৱাব পাৰি৷ পৰিচালনা কৰিব পাৰি৷ যদিহে উদ্দেশ্যৰ স্পষ্টতা থাকে৷ সেইবাবেই আমি সফল হৈছিলোঁ৷ নাজানো পৰৱৰ্তী সময়ত আমাৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ প্ৰচেষ্টাই অসমীয়া সংগীতৰ বুৰঞ্জীত ক’ৰবাত ঠাই পাবনে নাই, কিন্তু সমসাময়িক সময়ত যে ই এটা গুৰুত্বপূৰ্ণ কাম আছিল, সেয়া প্ৰমাণিত হৈছিল ড॰ গোহাঁই ছাৰ, কবি নীলমণি ফুকন ছাৰৰ বক্তব্যত৷

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

Visited 3 times, 1 visit(s) today
Last modified: May 25, 2025
Close Search Window
Close