Written by 12:31 pm Poems

গৃহবন্দী

জয়ন্ত দত্ত

সদায় সদায় নিজতকৈও ক’লা দিন একোটা ফুকাই ফুকাই আপোন-ঘাতী হ’বলৈ বিচৰা

ৰাতি এটাৰ সতে একেলগে দেদাউৰিয়াইছিলোঁ

হঠাৎ শেষ হৈ থাকিল বাট

অতলত ছিটিকি পৰিল সৰুসুৰা আটাইকেইটা জীউ..

মই গণিবলৈ ধৰিলোঁ মোৰ গৃহবন্দিত্বৰ দিন

ঘনেপতি মাপিছোঁ উশাহত সুগন্ধ …

চাৰিওফালে আঁটি আঁটি জপনা বান্ধি থোৱাৰ পাছতো কেনেকৈ সোমাল নাকী ছিঙা গেঁৰা

ৰখীয়ামখাই চাধা চপৰিয়াই চপৰিয়াই

ফটৰ ফটৰ ভাঙৰ ফটকা ফুটাই থাকোঁতেই সকলো শেষ…

দলিয়াই দিয়া চাদৰখন

বিলাসী গাড়ী বতাহত উৰি উৰি

সাবটি ধৰিলেগৈ বুঢ়া গছজোপাক

মেখেলাখন পতাকা হৈ ঢেকঢেকাই থাকিল

নিয়নৰ খুটাত…

পৰ্দাৰ পুণ্যত্মাসকল

কাকতৰ কলাকাৰসকল

তাইক এতিয়া জীয়াই থাকিবলৈ দিয়ক

অন্তৰ্বাসত মাৰি থোৱা পিঙেই কৈ আছে

আকিঞ্চনৰ কিমান অতলত তাইৰ ঘৰ

ঠিকনা :

দ গাঁও নলনিখাত

ডাক : গৰখীয়া দ’ল

যোৰহাট ৭৮৫০১৫

ভ্ৰাম্যভাষ : ৯৩৬৫৪৫৭৭৫১

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 19, 2025
Close Search Window
Close